ETV Bharat / politics

বিজেপিক ভাৰতীয় সংবিধানৰ শত্ৰু আখ্যা বিধায়ক হাফিজ ৰফিকুল ইছলামৰ

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 2:07 PM IST

BJP working against the Constitution; says AIUDFMLA Hafiz rafiqul islam
বিজেপি দলক ভাৰতীয় সংবিধানৰ শত্ৰু আখ্যা দিলে বিধায়ক হাফিজ ৰফিকুল ইছলামে

AIUDF Public meeting in Goalpara: গোৱালপাৰাত এআইউডিএফ দলৰ জনসভা ৷ উপস্থিত থাকে জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম । বিজেপি দলৰ সমান্তৰালভাৱে কংগ্ৰেছকো কঠোৰ ভাষাৰে সমালোচনা এআইউডিএফ বিধায়কগৰাকীৰ ৷

বিজেপি দলক ভাৰতীয় সংবিধানৰ শত্ৰু আখ্যা দিলে বিধায়ক হাফিজ ৰফিকুল ইছলামে

গোৱালপাৰা, 11 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন । নিৰ্বাচনক লৈ সাজু শাসক-বিৰোধীকে ধৰি ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল । লোকসভা নিৰ্বাচনক লক্ষ্য কৰি তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে প্ৰতিটো ৰাজনৈতিক দলে । সোমবাৰে গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত শিমলাবাৰীত অনুষ্ঠিত হয় এআইইউডিএফ দলৰ এক বিশাল জনসভা ৷

এই সভাত কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় দলটোৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে । ৰফিকুল ইছলামে বিজেপি দলক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি কয়, "এই দল ভাৰতীয় সংবিধানৰ দুশমন । ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা শান্তি-সম্প্ৰীতি বিনষ্ট কৰিছে বিজেপি দলে । এয়া আমি কোৱা কথা নহয় ।"

সভাখনত এ আই ইউ ডি এফ দলৰ জনীয়াৰ বিধায়কগৰাকীয়ে বিৰোধী কংগ্ৰেছক লক্ষ্য কৰিও আক্ৰমণাত্মক বক্তব্য আগবঢ়াই কয়, "1983 চনৰ নেলীৰ গণ হত্যা, কোকৰাঝাৰৰ বি টি এ ডি আদিত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষ কংগ্ৰেছৰ আমোলত হৈছিল । নামনি অসমৰ এই বৃহৎ গোষ্ঠী সংঘৰ্ষৰ সময়ত ৰকিবুল হুছেইন কেবিনেট মন্ত্ৰী হিচাপে তৰুণ গগৈৰ সোঁহাত স্বৰূপ আছিল । কিন্তু গোষ্ঠী সংঘৰ্ষৰ সময়ত ৰকিবুল হুছেইন শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি চিকেন তন্দুৰী খোৱাত ব্যস্ত আছিল ৷"

সমান্তৰালভাৱে, সাংসদ গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াক আক্ৰমণৰ লক্ষ্য কৰিও বিভিন্ন ধৰণৰ বিস্ফোৰক মন্তব্য কৰে জনিয়াৰ বিধায়কগৰাকীয়ে । তদুপৰি সমাগত লোকসভা নিৰ্বাচনত বিজেপি দলৰ পৰাজয় দলটোৱে আশা কৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

আনহাতে, কা বিৰোধী আন্দোলন সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াই বিধায়কগৰাকীয়ে গণতান্ত্ৰিক আন্দোলন বন্ধ কৰাৰ ক্ষমতা কাৰো নাই বুলি উল্লেখ কৰে ৷ এই সভাখনত জলেশ্বৰৰ বিশিষ্ট সমাজকৰ্মী জাহাংগীৰ আলম চৌধুৰীয়ে পাঁচ শতাধিক সমৰ্থকক লগত লৈ এ আই ইউ ডি এফ দলত যোগদান কৰে ।

লগতে পঢ়ক: 'কা' বলৱৎ হ'লেও অসমলৈ এজনো বাংলাদেশী নাহে : বিমল বড়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.