ETV Bharat / politics

বিজেপিয়ে টকাৰে গণতন্ত্ৰ কিনিব বিচাৰিছে: ৰিপুণ বৰা - Assam TMC president Ripun Bora

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 9:34 PM IST

Assam TMC president Ripun Bora: এইবাৰ নিৰ্বাচনত বিজেপিয়ে টকাৰে ভোট ক্ৰয় কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ ৰিপুণ বৰাৰ । বৰাৰ দাবী গণতন্ত্ৰক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে বিজেপিয়ে । 'এক দেশ এক জ্যোতিষী'ৰ ভূমিকাত অৱতীৰ্ণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

Assam TMC president Ripun Bora
বিজেপিয়ে টকাৰে গণতন্ত্ৰ কিনিব বিচাৰিছে (ETV Bharat)

বিজেপিয়ে টকাৰে গণতন্ত্ৰ কিনিব বিচাৰিছে (ETV Bharat)

গুৱাহাটী,৯ মে': অসমত ইতিমধ্যে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হৈছে । ভোটগ্ৰহণৰ শেষত বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । সভাপতি বৰাৰ মতে এইবাৰ বিজেপিয়ে টকাৰে গণতন্ত্ৰ কিনিব বিচাৰিছে । তেওঁ অভিযোগ কৰা মতে বৰষুণ পৰা দি টকা পেলাইছে । বিজেপিয়ে ঘৰে ঘৰে টকা বিতৰণ কৰি ভোট ক্ৰয় কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰিছে ।

বিজেপিয়ে ৪০০ খন আসন পাব বুলি নিশ্চিত যদি এনেদৰে টকা কিয় বিতৰণ কৰিছে বুলি ৰিপুণ বৰাই প্ৰশ্নও কৰিছে । বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰে । দেশৰ গণতন্ত্ৰক দোকানৰ পণ্য সামগ্ৰীত পৰিণত কৰিলে বুলিও তেওঁ অভিযোগ কৰে । ইফালে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকাক লৈও তেওঁ প্ৰশ্ন কৰে । ই দুৰ্ভাগ্যৰ বিষয় বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে । নিৰ্বাচন আয়োগক অভিযোগ দিয়াৰ পিচতো কোনো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ সন্দেহ কৰিছে যে বিজেপিয়ে আয়োগক অপব্যৱহাৰ কৰিছে । তেওঁৰ মতে এইবোৰৰ পিচতো বিজেপি সফল হোৱা নাই ।

ইফালে অসমত সৰ্বাধিক ভোটদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে অধিক সংখ্যক ভোটদানে চৰকাৰৰ বিৰুদ্ধে মতদান কৰাক বুজাইছে । তেওঁৰ মতে অসমত যে বিজেপিৰ বিৰুদ্ধে মতদান হৈছে সেয়া ভোটদানৰ সংখ্যাই প্ৰমাণিত কৰিছে ।

জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ৰিপুণ বৰাই সংবাদমেলত কয় যে এইবাৰ দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমত ভোটদানৰ হাৰ তুলনামূলকভাৱে বৃদ্ধি পাইছে । ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থতেই দলে বলে ভোটদান কৰিছে বুলি তেওঁ আশা প্ৰকাশ কৰে । ৰিপুণ বৰাৰ মতে ৰাইজে বিজেপি চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে ।

এইবাৰ ৪০০ খন আসন পাৰ কৰিব বুলি বিজেপিয়ে দিয়া শ্ল'গানক তীব্ৰ সমালোচনা কৰি ৰিপুণ বৰাই কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে 'এক দেশ এক জ্যোতিষী'ৰ ভূমিকাত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে । তেওঁ লগতে কয় যে অহা ৪ জুনত বিজেপিয়ে এই সকলো অপকৰ্মৰ উচিত প্ৰত্যুত্তৰ পাব আৰু দেশৰ জনসাধাৰণে পৰিৱৰ্তনৰ যোগেদি এক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দিশে অগ্ৰসৰ হ'ব ।

আনহাতে অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি সন্দৰ্ভত তেওঁ কয় যে বৰ্ষপূৰ্তিৰ এতিয়া প্ৰাসংগিকতা আছে বুলি তেওঁ নাভাবে । এই তিনিটা বছৰ সম্পূৰ্ণ মিছা, ভুৱা আৰু ব্যৰ্থতাৰ বাহিৰে একো নাই বুলি তেওঁ অভিযোগ কৰে । লোকসভা নিৰ্বাচনৰ পিচৰে পৰা মানুহে আঙুলি মূৰত হিচাপ কৰি আছে ২০২৬ চন কেতিয়া আহিব । ২৬ চন কেতিয়া আহে আৰু কাৰ্যকাল কেতিয়া শেষ হ'ব তাৰ কাৰণে ৰাইজে অপেক্ষা কৰি আছে বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :অসম চিকিৎসা মহাবিদ্যালয়ত ছিণ্ডিকেটৰ অভিযোগ বিজেপি নেতাৰ - Allegation Against AMCH
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.