ETV Bharat / politics

লখিমপুৰত কংগ্ৰেছে বিজেপিক ৱাকঅভাৰ দিছে: মানৱ ডেকা

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 5:11 PM IST

Lok Sabha Election 2024: লখিমপুৰত বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰিছে । বিধায়ক মানৱ ডেকাই বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলাইছে । বিধায়কজনৰ মতে সমষ্টিটোত কংগ্ৰেছে বিজেপিক ৱাকঅভাৰ দিছে ।

Lok Sabha Election 2024
লখিমপুৰত কংগ্ৰেছে বিজেপিক ৱাকঅভাৰ দিছে

লখিমপুৰত কংগ্ৰেছে বিজেপিক ৱাক অভাৰ দিছে

লখিমপুৰ,১৯ মাৰ্চ : ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে । বিৰোধী দলৰ সমান্তৰালকৈ শাসকীয় পক্ষই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ বিজেপি নেতা-কৰ্মীসকলে প্ৰচাৰ আৰম্ভ কৰিছে । লখিমপুৰৰ বিধায়ক মানৱ ডেকাই বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ গাঁৱে-ভূঞে প্ৰচাৰ আৰম্ভ কৰিছে ।

তাৰ অংশস্বৰূপে মঙলবাৰে বিধায়কগৰাকীয়ে লখিমপুৰৰ ভীমপৰাত বিজেপিৰ এক বিশাল সমদলত তেওঁ অংশগ্রহণ কৰে । বিজেপিৰ প্ৰচাৰ সভাত অংশ লৈ মানৱ ডেকাই বিৰোধী ঐক্যমঞ্চ তথা কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে । বিজেপি বিধায়কগৰাকীৰ মতে লখিমপুৰ লোকসভা সমষ্টিটো ইতিমধ্যে কংগ্রেছ দলে বিজেপিক ৱাকঅভাৰ দিছে । তেওঁৰ মতে কংগ্রেছৰ যিয়েই প্ৰাৰ্থী নহওঁক বিজেপি দলে বৃহৎ পৰিমাণৰ ভোটৰ ব্যৱধানত জয় লাভ কৰিব ।

কংগ্রেছৰ সম্ভাব্য প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা আৰু ৰাণী নৰহৰ প্ৰসংগত তেওঁ কয় যে উদয় শংকৰ হাজৰিকাই সমষ্টিটোত আলহী খাবলৈ অহাৰ দৰে হ'ব । ৰাণী নৰহৰ দলটোত কিছু পৰিমাণে সম্পর্ক আছে যদিও নিৰ্বাচনত জয় লাভ কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰে । তেওঁৰ মতে লখিমপুৰ সমষ্টিত বিজেপি দল জয়ী হোৱাটো নিশ্চিত ।

উল্লেখ্য যে মঙলবাৰে লখিমপুৰৰ ভীমপৰাত বিজেপি দলে এক বিশাল বাইক ৰেলীৰ আয়োজন কৰে । সমদলত বিধায়ক মানৱ ডেকাসহ বিজেপিৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে অংশগ্রহণ কৰে । লক্ষণীয়ভাৱে সমষ্টি পুন:নিৰ্ধাৰণৰ পিচত ভীমপৰা পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে লখিমপুৰ বিধানসভা সমষ্টিত । পূৰ্বে ভীমপৰা পঞ্চায়ত ঢকুৱাখানা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল । লখিমপুৰ সমষ্টিত অন্তভুৰ্ক্ত হোৱাত ভীমপৰাৰ সাধাৰণ লোকৰ মাজত ব্যাপক কৌতূহল দেখিবলৈ পোৱা গৈছে । যাৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অঞ্চলটোৰ ভোটাৰসকলক আকৰ্ষণৰ উদ্দেশ্যে বিজেপিয়ে বাইক ৰেলীৰ আয়োজন কৰে ।

লগতে পঢ়ক :প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সময় এতিয়াও আছে :পৃথ্বীৰাজ সাথে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.