ETV Bharat / politics

বদৰুদ্দিন আজমলক ধৰ্মৰ কামত নিয়োজিত হ'বলৈ আহ্বান সুৰেশ বৰাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 9:33 PM IST

NAGAON BJP CANDIDATE
বদৰুদ্দিন আজমলক কটাক্ষ সুৰেশ বৰাৰ

বদৰুদ্দিন আজমলক কটাক্ষ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ। হেলিকপ্টাৰৰ পৰা পৰি কিবা এটা হলে বেয়া লাগিব- মন্তব্য সুৰেশ বৰাৰ। নগাঁও সদৰৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ ৷

নগাঁও সদৰৰ বিভিন্ন প্ৰান্তত সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ

নগাঁও, 17 এপ্ৰিল : নগাওঁ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ পাৰিদৰ্শিতা পৰীক্ষাৰ লগতে নগাঁও সংসদীয় সমষ্টিৰ সমস্যা আৰু সমাধানৰ পৰিকল্পনাক লৈ এখনি মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰিছে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ লগতে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই ৷ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি স্থান আৰু তাৰিখ ঘোষণাৰ বাবে আহ্বান জনাইছে ৷ এতিয়া প্ৰদ্যুৎ বৰদলৈয়ে সন্মতি দিলেই নগাঁৱত প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত হ'ব এখনি মুকলি বিতৰ্কৰ |

  • " class="align-text-top noRightClick twitterSection" data="">

বুধবাৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ সৈতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই ৷ পুৱাৰ পৰা সন্ধিয়ালৈকে নগাঁও সদৰত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাৰ্থীগৰাকীয়ে ৷ নগাঁও চহৰৰ আমোলাপট্টিৰ ৰত্নকান্ত কাকতি খেলপথাৰত অনুষ্ঠিত এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত বিজেপিক ভোটদান কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় তেওঁ ৷ সভাত বিধায়ক ৰূপক শৰ্মায়ো অংশগ্ৰহণ কৰি উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ সকলোকে আহ্বান জনায় ৷

সভাৰ অন্তত সংবাদ মধ্যমৰ সন্মুখত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক কটাক্ষ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷ সুৰেশ বৰাই দিন দুপৰতে হত্যা কৰা বুলি এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে কৰা বিস্ফোৰক মন্তব্যৰ প্ৰত্যুত্তৰ দিলে তেওঁ ৷ বদৰুদ্দিন আজমলৰ বয়স হৈছে বুলি উল্লেখ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই হেলিকপ্টাৰৰ পৰা পৰিলে দুখ লাগিব বুলি মন্তব্য কৰে নগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই ৷ বয়সৰ প্ৰতি লক্ষ্য ৰাখি বদৰুদ্দিন আজমলক ৰাজনীতিৰ পৰা সন্যাস লৈ ধৰ্মৰ কামত নিয়োজিত হ’বলৈয়ো পৰামৰ্শ আগবঢ়াই নগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷ বুধবাৰে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে বিধায়ক ৰূপক শৰ্মাৰ উপৰিও বিজেপি নেতা পৱন শৰ্মা, জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথসহ কেইবাগৰাকী বিজেপি নেতাই ৷

লগতে পঢ়ক : নিলাজৰ নিচিনা মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীয়ে মি়ঞাৰ দুৱাৰে দুৱাৰে ঘূৰি আছে : কৰিম উদ্দিন বৰভূঞা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.