ETV Bharat / politics

শ্ৰীশ্ৰীবগাজন সত্ৰৰ নামঘৰত আশীষ গ্ৰহণ কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পেলায় কামাখ্যা প্ৰসাদ তাছাই - Lok sabha Elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 9:59 AM IST

BJP CANDIDATE Kamakhya Prasad Tasas two day election campaign in kaliabor ended
Lok sabha Elections 2024 : কলিয়াবৰত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণী মাৰিলে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই । প্ৰচাৰৰ সময়ছোৱাত তাছাক সংগ দিলে মন্ত্ৰী কেশৱ মহন্তই ৷ তৃতীয়বাৰৰ বাবে মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ আহ্বান ৰাইজলৈ ৷

Lok Sabha Election 2024 : কলিয়াবৰত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণী মাৰিলে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই । প্ৰচাৰৰ সময়ছোৱাত তাছাক সংগ দিলে মন্ত্ৰী কেশৱ মহন্তই ৷ তৃতীয়বাৰৰ বাবে মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ আহ্বান ৰাইজলৈ ৷

শ্ৰীশ্ৰীবগাজন সত্ৰৰ নামঘৰত আশীষ গ্ৰহণ কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পেলায় কামাখ্যা প্ৰসাদ তাছাই

কলিয়াবৰ, 2 এপ্ৰিল: কলিয়াবৰত শ্ৰীশ্ৰীবগাজন সত্ৰৰ নামঘৰত আশীষ গ্ৰহণ কৰি দুদিনীয়া ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই । অভিযানৰ সামৰণি পেলায় প্ৰাৰ্থীগৰাকীয়ে কয়, "আধ্যাত্মিক চিন্তা-আশীৰ্বাদৰ বাহিৰে সকলো কাম মিছা । আধ্যাত্মিক চিন্তা-চৰ্চাই মানুহক দায়ৱদ্ধ কৰি তোলে আৰু জনসাধাৰণৰ ওচৰত শিৰ নত কৰিবলৈ শিকায় । আশা কৰিছো সকলোৰে ভাল হওক ।"

ইয়াৰ লগতে নতুন ঠাই, নতুন মানুহ আৰু নতুন চিন্তা হ'লেও কলিয়াবৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত সকলোৰে সহায়-সহযোগিতাত সন্তুষ্ট বুলিও কয় তাছাই । স্থানীয় বিধায়ক কেশৱ মহন্তক লগত লৈ ভোটাৰ ৰাইজৰ কাষ চাপিছে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে । দেওবাৰে এই প্ৰচাৰ অভিযানৰ আৰম্ভণিতে কুঠৰীত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তৰ ভৰি চুই আৰ্শীবাদ ল’লে প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ।

BJP CANDIDATE Kamakhya Prasad Tasas two day election campaign in kaliabor ended
শ্ৰীশ্ৰীবগাজন সত্ৰৰ নামঘৰত আশীষ গ্ৰহণ কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পেলায় কামাখ্যা প্ৰসাদ তাছাই

সমাগত লোকসভা নিৰ্বাচনত কলিয়াবৰৰ জনতাই ভোট দি তাছাক জয়যুক্ত কৰিলে কলিয়াবৰ বিধানসভাৰ ধাৰাবাহিক উন্নয়নত সকলো সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰি ইয়ে স্থানীয় বিধায়কৰ বহুখিনি কষ্ট লাঘৱ কৰিব বুলিও কামাখ্যা প্ৰসাদ তাছাই ভাষণ প্ৰসংগত উল্লেখ কৰে । কলিয়াবৰ বিধানসভাৰ অন্তৰ্গত স্থানীয় কিছু সমস্যা আছে যদিও সেই সমস্যা দিল্লীৰ হস্তক্ষেপতহে সমাধান হ'ব বুলি তাছাই কয় ।

তাছাই লগতে কয়, "যোৱা 1998 চনৰ পৰা কলিয়াবৰক কংগ্ৰেছৰ সাংসদেই প্ৰতিনিধিত্ব কৰি আহিছে । নৱগঠিত কাজিৰঙা সমষ্টিৰ পৰা বিজেপি দলৰ টিকটত মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক ৰাইজে বিপুল ভোটত জয়ী কৰি কলিয়াবৰৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব বুলি আশা কৰিছো । পথ-পানী আৰু পোহৰ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত কলিয়াবৰত ধাৰাবাহিকভাৱে কাম কৰি থকা হৈছে । সকলোৰে স্বাস্থ্য সহজলভ্য কৰিবলৈ কলিয়াবৰৰ স্বাস্থ্যখণ্ডত ব্যাপক পৰিৱৰ্তন সাধন হৈছে । কলিয়াবৰৰ ৰাইজে যেনেদৰে মৰম আৰু সহযোগিতা আগবঢ়াইছে, সেই একে মৰম-সহযোগিতা অহা 19 এপ্ৰিলত পদুমৰ চিনত কামাখ্যা প্ৰসাদ তাছাক ভোট দান কৰি দিব ৷"

  • " class="align-text-top noRightClick twitterSection" data="">

সমান্তৰালভাবে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে পুনৰ এখন শক্তিশালী চৰকাৰ গঠন কৰিবৰ বাবে কামাখ্যা প্ৰসাদ তাছাক জয়ী কৰিবলৈ কেশৱ মহন্তই নিৰ্বাচনী সভাত সমবেত ৰাইজলৈ আহ্বান জনায়।

লগতে পঢ়ক: সাংবাদিকৰ এশাৰী বাক্যই দুদিনলৈ টেনশ্যন দিয়ে সাংসদ তাছাক - Kaziranga Lok Sabha constituency

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.