ETV Bharat / politics

বিতৰ্কিত মন্তব্য: ৰাজ্যজুৰি ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰিলে বিজেপিয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 4:47 PM IST

Updated : Feb 10, 2024, 5:03 PM IST

BJP protest in Assam: ৰাহুল গান্ধীয়ে ক্ষমা খোজক, অ'বিচি সমাজক অপমান কৰা সহ্য কৰা নহ'ব, মোদীজীক অপমান সহ্য কৰা নহ'ব আদি শ্ল'গানেৰে ৰাজ্য়জুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে বিজেপি অ'বিচি মৰ্চাই ।

Controversial comment of Rahul Gandhi
বিজেপি অ'বিচি মৰ্চাৰ প্ৰতিবাদ
বিজেপি অ'বিচি মৰ্চাৰ প্ৰতিবাদ

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিজেপি অ'বিচি মৰ্চা । ওড়িশাৰ এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অ'বিচি সমাজৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল । ইয়াৰ পিচতেই বিজেপি অ'বিচি মৰ্চাই ৰাজ্য়জুৰি সাব্য়স্ত কৰিছে প্ৰতিবাদ । তেজপুৰ,ঢকুৱাখনাৰ লগতে ডিব্ৰুগড়তো বিজেপি অ'বিচি মৰ্চাই ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ জনায় ।

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ গণভেটি শক্তিশালী কৰাৰ বাবে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিছে ন্যায় জোড়ো যাত্ৰা । কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰত ন্যায় জোড়ো যাত্ৰা কৰিলেও অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ সৃষ্টি হৈছে বিতৰ্ক । এই ন্যায় যাত্ৰা চলি থকাৰ মাজতে ডিব্ৰুগড়ত জ্বলিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰতিকৃতি । প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা বি জে পিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰিলে ৰাহুল গান্ধীৰ প্ৰতিকৃতি । ডিব্ৰুগড় জিলা বিজেপি অ'বিচি মৰ্চাই চৌকিডিঙ্গি চাৰিআলিত এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ইপিনে, তেজপুৰৰ ক'ৰ্ট চাৰিআলিত অ'বিচি মৰ্চা, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ শোণিতপুৰ জিলা সমিতিয়ে ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কৈছিল যে প্ৰধানমন্ত্ৰীৰ মতে, দেশত দুটা জাতি আছে ধনী আৰু দুখীয়া । যেতিয়াৰ পৰা মই এই বিষয়টো উত্থাপন কৰিছো মোদীজীয়ে ক'বলৈ আৰম্ভ কৰিছে যে দেশত ধনী আৰু দৰিদ্ৰ জাতি আছে । যদি দেশত কেৱল ধনী আৰু দৰিদ্ৰ জাতি আছে তেন্তে মোদী কেনেকৈ অ'বিচি হ'ল ? জন্মগতভাৱে মোদীজী অ'বিচি নাছিল । তেওঁলোকৰ জাতি হৈছে মোদাঘাঞ্চি জাতি । ২০০০ চনত গুজৰাট চৰকাৰে তেওঁলোকক অ'বিচি বুলি ঘোষণা কৰে । মোদী ২০০০ চনৰ পিছতহে অ'বিচি হৈছে বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰে ।

আনহাতে, ঢকুৱাখনা বিজেপিৰ অ'বিচি মৰ্চাৰ উদ্যোগত শনিবাৰে দুপৰীয়া স্থানীয় গান্ধী ময়দানৰ সমীপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাগজৰ অ'বিচি আখ্যা দিয়াৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

লগতে পঢ়ক:আদৰৰ আলি-আয়ে-লৃগাঙক আদৰিবলৈ সাজু আমগুৰিৰ মিচিং ৰাইজ

Last Updated : Feb 10, 2024, 5:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.