ETV Bharat / politics

আজি ৰাজ্যপালক সাক্ষাৎ কৰিব নীতিশ কুমাৰে ! - loksabha election 2024

Politics of Bihar: আজি বিহাৰৰ ৰাজনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ দেওবাৰ হিচাপে বিবেচিত হৈছে ৷ বিগত কিছুদিন ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপি দলত যোগদান কৰা সন্দৰ্ভত অব্যাহত জল্পনা-কল্পনাৰ আজি অন্ত পৰিব ৷ ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ সময় বিচাৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে !

বিহাৰৰ ৰাজনীতি
বিহাৰৰ ৰাজনীতি
author img

By ANI

Published : January 28, 2024 at 9:45 AM IST

Updated : January 28, 2024 at 11:15 AM IST

2 Min Read

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী: আজি দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দেওবাৰ ৷ কিয়নো বিহাৰৰ মুখ্যমন্ত্ৰী তথা INDI মিত্ৰজোঁটৰ এগৰাকী অন্যতম সদস্য নীতিশ কুমাৰে বিজেপি দলত যোগদান কৰিব নে নাই সেই সন্দৰ্ভত বৰ্তমানেও ৰাজ্যৰ ৰাজনীতিত উৎকণ্ঠা অব্যাহত ৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যদিহে মতামত সলনি কৰে তেন্তে বিগত দশকত কুমাৰৰ চতুৰ্থটো এনে পদক্ষেপ আৰু এই কাৰ্যকালত দ্বিতীয়টো হ’ব ।

উল্লেখ্য যে, কেন্দ্ৰৰ বিজেপি চৰকাৰক উফৰায় পেলোৱাৰ উদ্দেশ্যৰে 18 মাহ পূৰ্বে গঠন কৰা হৈছিল মহাগঠবন্ধন ৷ বিৰোধী ব্লক INDIA ৰ এগৰাকী অন্যতম অংশীদাৰ আছিল নীতিশ কুমাৰ তথা তেওঁৰ দল ৷ নীতিশ কুমাৰৰ ঘনিষ্ঠ এক সূত্ৰই কয় যে দেওবাৰে জেডিইউৰ সভাপতিগৰাকীয়ে পদত্যাগ কৰাৰ লগতে নতুন ৰাজ্য চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা আছে ৷

দলটোৰ ৰাজনৈতিক উপদেষ্টা তথা মুখপাত্ৰ কে চি ত্যাগীয়ে দিল্লীত সংবাদ মাধ্যমৰ আগত বিহাৰৰ মিত্ৰজোঁটৰ চৰকাৰখন পতনৰ উপক্ৰম হোৱা বুলি কয় আৰু কংগ্ৰেছ নেতৃত্বৰ এটা শ্ৰেণীয়ে কুমাৰক বাৰে বাৰে “অপমান” কৰাৰ অভিযোগ উত্থাপন কৰে ।

ৰাজনৈতিক উপদেষ্টা তথা মুখপাত্ৰ কে চি ত্যাগীয়ে পুনৰ কয়, "INDIA ব্লক পতনৰ পথত । পঞ্জাৱ, পশ্চিম বংগ আৰু বিহাৰত INDIA ব্লক দলৰ মিত্ৰতা প্ৰায় শেষ হৈছে ।"

সূত্ৰই জানিবলৈ দিয়া অনুসৰি দেওবাৰে বিজেপিৰ সভাপতি জে পি নাড্ডাও পাটনালৈ আহিব ৷ নাড্ডাৰ উপস্থিতিত নীতিশক আনুষ্ঠানিকভাৱে সমৰ্থন প্ৰদান কৰা হ’ব । আজি নীতিশ কুমাৰে ৰাজ্যপালৰ হাতত মুঠ 128 জন বিধায়কৰ সমৰ্থন পত্ৰ প্ৰদান কৰিব, য'ত জেডিইউৰ 45, বিজেপিৰ 78, হিন্দুস্তানী আৱাম মৰ্চাৰ 4 জন আৰু এজন নিৰ্দলীয় বিধায়ক আছে ।

লগতে পঢ়ক: বিহাৰৰ ৰাজনীতিত ছুপাৰ ছানডে': সকলোৰে চকু এতিয়া বিহাৰত

Last Updated : January 28, 2024 at 11:15 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.