ETV Bharat / bharat

বিহাৰৰ ৰাজনীতিত ছুপাৰ ছানডে': সকলোৰে চকু এতিয়া বিহাৰত

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:37 PM IST

Updated : Jan 27, 2024, 10:48 PM IST

Bihar Political Crisis: এতিয়াও শেষ হোৱা নাই বিহাৰৰ শেহতীয়া ৰাজনৈতিক উত্তেজনা ৷ নীতিশ কুমাৰে পুনৰ বিহাৰত এন ডি এৰ সমৰ্থনত চৰকাৰ গঠন কৰিব নেকি ? দেওবাৰে বিহাৰৰ ৰাজনীতিত কি হ’ব ?

Bihar Political Crisis
শেষ হোৱা নাই বিহাৰৰ শেহতীয়া ৰাজনৈতিক উত্তেজনা

নিউজ ডেস্ক, 27 জানুৱাৰী : প্ৰতি মুহূৰ্ততে সলনি হৈ আছে বিহাৰৰ ৰাজনৈতিক পৰিৱেশ ৷ সকলো দলৰ মাজত ধাৰাবাহিক বৈঠক চলি আছে ৷ আৰ জে ডিয়ে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰিছে ৷ খবৰ অনুসৰি উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিধায়ক সকলৰ মাজত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বহুত প্ৰশংসা কৰিছে ৷

তেজস্বী যাদৱে কৰিলে নীতিশৰ প্ৰশংসা : তেজস্বী যাদৱে নীতিশ কুমাৰক অভিভাৱক বুলি অভিহিত কৰে ৷ আনহাতে বিজেপিতো এক পৰ্যায়ৰ বৈঠক চলি আছে ৷ দলৰ সকলো জ্যেষ্ঠ নেতাই একেলগে বহি আগলৈ কেনেদৰে কাম কৰা হ’ব সেই বিষয়ে চিন্তা-চৰ্চা কৰি আছে ৷ নীতিশ কুমাৰৰ সৈতেও বৈঠকত মিলিত হৈছে জে ডি ইউৰ নেতাসকল ৷

দেওবাৰেও অনুষ্ঠিত হ’ব বৈঠক : তথ্য অনুসৰি দেওবাৰে ​​পুৱা প্ৰায় 10 বজাত জে ডি ইউ বিধায়ক দলৰ বৈঠক অনুষ্ঠিত হ’ব ৷ তাৰ লগে লগে এন ডি এ বিধায়িনী দলৰো বৈঠক অনুষ্ঠিত হ’ব ৷ এন ডি এৰ বিধায়িনী দলৰ বৈঠক মানে- জে ডি ইউ আৰু বিজেপিৰ বিধায়ক মুখ্যমন্ত্ৰীৰ বাসগৃহত বৈঠকত মিলিত হ’ব আৰু তাৰ পাছত বুজাবুজিৰ স্মাৰকপত্ৰ প্ৰস্তুত কৰা হ’ব ৷

ৰাজ্যপালক সমর্থন পত্ৰ দিব পাৰে নীতিশ কুমাৰে : পুৱা 10.30 বজাৰ পাছত ৰাজভৱনলৈ যাব পাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৷ চৰ্চা অনুসৰি যেতিয়া মুখ্যমন্ত্ৰী ৰাজভৱনলৈ যাব তেতিয়া তেওঁ পদত্যাগ পত্ৰ প্ৰদান কৰিব আৰু আনফালে এন ডি এ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবেও ৰাজ্যপালক পত্ৰ প্ৰদান কৰিব ৷

ইফালে চাকৰিৰ বিনিময়ত মাটি লোৱা কোনো ব্যক্তিৰ লগত মিত্ৰতা হ’ব নালাগে বুলি কয় জে ডি ইউৰ মুখপাত্ৰ নীৰজ কুমাৰে ৷ এই সকলোবোৰ ৰাজনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক পাটনালৈ প্ৰেৰণ কৰা বুলিও সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ তেওঁ নিজৰ কৌশল অনুসৰি ইয়াত ৰাজনৈতিক সংকটৰ সমাধান কৰিব ৷ আনহাতে বিজেপি বিহাৰৰ প্ৰভাৰী বিনোদ তাৱড়েৰ উপস্থিতিত ঝাৰখণ্ডৰ সাংসদ দীপক প্ৰকাশক প্ৰভাৰীৰ দায়িত্বত প্ৰদান কৰা হৈছে ৷

'বিহাৰলৈ আহিব পাৰে শ্বাহ আৰু নাড্ডা’-সূত্ৰ : সূত্ৰ অনুসৰি দেওবাৰে বিহাৰলৈ আহিব পাৰে বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ নীতিশ কুমাৰৰ পদত্যাগৰ পিছত 28 জানুৱাৰীতহে তেওঁ পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব পাৰিব ৷ এনে পৰিস্থিতিত এই শপত গ্ৰহণ অনুষ্ঠানত নাড্ডা আৰু শ্বাহো উপস্থিত থাকিব বুলি কোৱা হৈছে ৷ অৱশ্যে এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই ৷

লগতে পঢ়ক : ভাঙি পৰিছে ইণ্ডিয়া মিত্ৰতা; কংগ্ৰেছৰ মিছা গৌৰৱে দায়ী নেকি ?

Last Updated : Jan 27, 2024, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.