ভাঙি পৰিছে ইণ্ডিয়া মিত্ৰতা; কংগ্ৰেছৰ মিছা গৌৰৱে দায়ী নেকি ?
INDIA Block Crisis : যদি ইতিমধ্যে ভাঙি পৰা ইণ্ডিয়া ব্লকক পুনৰুত্থানৰ প্ৰয়োজন হয়, তেন্তে কংগ্ৰেছে অতীজৰ গৌৰৱৰ পৰা মুক্ত হোৱাটো অতি প্ৰয়োজনীয় ।

Published : January 27, 2024 at 6:16 PM IST
নিউজ ডেস্ক, ২৭ জানুৱাৰী : বিৰোধী মৰ্চাক উৎসাহিত কৰাৰ পৰিকল্পনাৰে যি ইণ্ডিয়া ব্লক গঠন হৈছিল আৰু যাৰ ফলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ব্ৰেণ্ড মূল্য বৃদ্ধি পাইছিল, কিন্তু শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ সাম্প্ৰতিক সময়ত সেয়া বিফল হোৱা দেখা গৈছে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগত কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে আৰু এতিয়া বিহাৰৰ মুখ্যমন্তৰী নীতিশ কুমাৰেও পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দৌৰিবলৈ সাজু হৈছে ।
কিন্তু যিসময়ত মোদীৰ নেতৃত্বত বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰচাৰ চলাবলগা আছিল, সেই সময়তে এই পথত গতিৰোধক আহি পৰিছে আৰু দৃঢ়তাৰে আৰম্ভ হোৱা দৌৰত বাধাৰ সৃষ্টি কৰা যেন অনুভৱ হৈছে । কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, কংগ্ৰেছৰ তৰফৰ পৰা অত্যধিক জেদ ভাবে ইয়াত হেঙাৰৰ সৃষ্টি কৰিছে নেকি ?
এইটো অস্বীকাৰ কৰিব নোৱাৰি যে কংগ্ৰেছ নেতাসকলৰ পৰা নমনীয়তাৰ অভাৱ স্পষ্ট আৰু এই সন্দৰ্ভত অস্কাৰ বিজয়ী বঙালী চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ ছবি 'জলশাঘৰ'ৰ কথা স্মৰণ হৈছে ।
সত্যজিৎ ৰায়ৰ এই চলচ্চিত্ৰখনত এজন পতিত জমিদাৰে এই কঠোৰ বাস্তৱতাৰ সৈতে খাপ খাবলৈ অস্বীকাৰ কৰে যে তেওঁৰ ৰাজত্ব এক পাহৰণিৰ গৰ্ভত লীন যোৱা অতীতৰ বাহিৰে আন একো নহয় । তথাপিও তেওঁ উক্ত ৰাজকীয় অহংকাৰক ব্যৱহাৰিক দিশৰ পৰা নুই কৰি আহিছে । এসময়ত অদম্য ভাৰতীয় জাতীয় কংগ্ৰেছো এতিয়া নিজৰ অতীতৰ অজেয়তাৰ এক ছাঁ মাত্ৰ ।
তেনে ক্ষেত্ৰত এতিয়া এই কথা বাৰম্বাৰ চৰ্চালৈ আহিছে যে কংগ্ৰেছৰ মিছা গৌৰৱে ইণ্ডিয়া ব্লকত ভাঙোন ধৰাৰ কাৰণ নেকি ? যাৰ বাবে পশ্চিমবংগত মমতা বেনাৰ্জী, পঞ্জাবত আম আদমি পাৰ্টী আৰু বিহাৰত নীতিশ কুমাৰে ইণ্ডিয়া ব্লকক মোক্ষম আঘাত দিছে নেকি বুলি চৰ্চা চলিছে । নে কংগ্ৰেছক এশিকনি দিবৰ বাবেই এই পদক্ষেপ নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ।
লগতে পঢ়ক :বিহাৰত নীৰৱে পৰিস্থিতি নিৰীক্ষণ কংগ্ৰেছৰ: সময়তহে দিব উত্তৰ !

