ETV Bharat / politics

হিমন্তৰ এটাই পৰিকল্পনা হিন্দু-মুছলমান কৰি ৰাজপাট দখল কৰা : ভূপেন বৰা - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 8:26 PM IST

Lok Sabha Polls 2024 : ভূপেন বৰা আৰু অখিল গগৈয়ে নামৰূপত লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাই ক'লে -সৰ্বানন্দ সোণোৱাল অকৰ্মণ্য । চৰকাৰে বিদ্যালয় বন্ধ কৰি গাঁৱে গাঁৱে মদৰ দোকান খোলা বুলি কটাক্ষ বৰা আৰু গগৈৰ ।

Dibrugarh Lok Sabha constituency
নামৰূপত লুৰীণজ্যোতি গগৈৰ প্ৰচাৰ
নামৰূপত লুৰীণজ্যোতি গগৈৰ প্ৰচাৰ

মৰাণ, ৫ এপ্রিল : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় সমষ্টি হিচাপে বিবেচিত হৈছে ডিব্ৰুগড় লোকসভা সমষ্টি । সৰ্বানন্দ সোণোৱালৰ হৈ সমষ্টিয়ে সমষ্টিয়ে বিধায়ক আৰু মন্ত্ৰীসকলে প্ৰচাৰ চলোৱা সময়ত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে নামৰূপত লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলালে ।

নামৰূপৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত বিৰোধী ঐক্যমঞ্চৰ প্ৰচাৰ সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চৰকাৰক সমালোচনা কৰি ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ কৰি গাঁৱে গাঁৱে মদৰ দোকান খুলি দিছে বুলি মন্তব্য় কৰে । তেওঁ কয়," অসমৰ উন্নয়নৰ বাবে একো পৰিকল্পনা নাই, হিমন্তৰ এটাই পৰিকল্পনা হিন্দু-মুছলমান কৰি ৰাজপাট দখল কৰা । "

ইপিনে,অখিলে গগৈয়ে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক আক্ৰমণ কৰি কয়," সৰ্বাই জিকিলেও- হাৰিলেও একো ফালিব পৰা নাই । মুখ্যমন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল যদিও তেওঁ একো কৰিব নোৱাৰিলে । গতিকে এনে মানুহক অকৰ্মণ্য আখ্যা দিয়া হয় ।" অখিল গগৈয়ে লুৰীণজ্যোতি গগৈক উদ্দেশ্যি কয় "লুৰীণ শুনিছ নহয়, দিল্লীত পঠিয়াব খুজিছো ভিজা মেকুৰী হ'বলৈ নহয় । বাঘৰ দৰে গৰজিব লাগিব, সৰ্বাৰ নিচিনা মেকুৰী হৈ থাকিব নালাগিব ।" হিমন্ত অসমৰ মহাচোৰ বুলিও তেওঁ ভাষণত উল্লেখ কৰে ।

আনহাতে, সভাত ভাষণ দি লুৰীণজ্যোতি গগৈয়ে সৰ্বা-হিমন্তৰ মেৰুদণ্ড আছে নাই সেয়া চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰিব লাগিব কটাক্ষ কৰি কয়,"তেওঁলোক একো একোটা পুতলা যাৰ চাবি দিল্লীত থাকে ।" উজনিত আহিলে মিঞাৰ ভোট নালাগে বুলি কোৱা হিমন্তই ৰাজ্যসভা নিৰ্বাচন আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত মিঞাৰ ভোট লয় বুলি তেওঁ মন্তব্য কৰে । উল্লেখ্য যে শুক্ৰবাৰে নামৰূপৰ লুৰীণৰ সভাত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনো উপস্থিত থাকে ।

লগতে পঢ়ক:ৰাজ্যত গঠন হ’ব নতুন ৰাজনৈতিক দল: অপেক্ষা লোকসভা নিৰ্বাচন পাৰ হোৱালৈ ! - AJP Raijor Dal To Merge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.