ৰাজ্যত গঠন হ’ব নতুন ৰাজনৈতিক দল: অপেক্ষা লোকসভা নিৰ্বাচন পাৰ হোৱালৈ ! - AJP Raijor Dal to Merge
Akhil Gogoi: লোকসভা নিৰ্বাচনৰ পিচতে হয়তো ৰাজ্যত গঠন হ’ব এক নতুন ৰাজনৈতিক দল ৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক একত্ৰিত কৰি নতুন নামেৰে গঠিত হ’ব দলটো ৷ এই সন্দৰ্ভত অব্যাহত আছে দল দুটাৰ মাজত আলোচনা ৷

Published : April 5, 2024 at 7:13 PM IST
ডিব্ৰুগড়, 5 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিৰ বাবে আন এক নতুন বতৰা দিলে অখিল গগৈয়ে ৷ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ঘোষণা কৰিলে যে শীঘ্ৰেই একত্ৰিত হ’ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ ৷ সেই সন্দৰ্ভত এই পৰ্যন্ত কেবালানিও আলোচনা হোৱা বুলি জানিবলৈ দিলে অখিল গগৈয়ে ৷
লোকসভা নিৰ্বাচনৰ পিচতে দুয়োটা আঞ্চলিক দল এক হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷ তেওঁ লগতে এইটোও জনায় যে দুয়োটা দল একত্ৰিত হোৱাৰ পিচত নতুন নামাকৰণ হ’ব ৷ অৱশ্যে সমাগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা লুৰীণজ্যোতি গগৈক জয়ী কৰালেই দুয়োটা দল এক হ’ব বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷ দুয়োটা দল এক কৰি শক্তিশালী ৰূপত নতুন নামেৰে আত্মপ্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অধিক কম্পিত হ’ব বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷
লক্ষ্যণীয় বিষয়টো হ’ল ‘কা’বিৰোধী আন্দোলনৰ পটভূমিত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কেবাটাও জাতীয় সংগঠনৰ পৰা জন্ম হৈছিল অসম জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা জন্ম লাভ কৰিছিল ৰাইজৰ দল ৷ দুয়োটা দলে প্ৰথম পৰ্যায়ত নিজৰ আদৰ্শ লৈ পৃথকে পৃথকে অৱস্থান কৰিছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনে দুয়ো আঞ্চলিক দলক কাষ চপাই আনিলে বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত ৷ বিৰোধী ঐক্য মঞ্চত আঞ্চলিক দল দুটা চামিল হোৱাৰ পিচত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ৷
উল্লেখ্য যে শুকুৰবাৰে ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ নামৰূপত নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক অখিল গগৈয়ে ৷ উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও ৷
লগতে পঢ়ক: নতুন ভোটাৰৰ মনৰ কথা: কেনে প্ৰাৰ্থী বিচাৰে সন্দিকৈ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ?

