ETV Bharat / politics

মেঘালয়ত প্ৰৱেশ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 9:42 PM IST

Rahul Gandhi in Meghalaya
মেঘালয়ত ৰাহুল গান্ধী

Rahul Gandhi in Meghalaya : সোমবাৰে মেঘালয়ত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ নংপোৰ সমীপত এক পদযাত্ৰাত অংশগ্ৰহণ কৰি মেঘালয়বাসীক সম্বোধন কৰে তেওঁ ৷ মেঘালয়ৰ শাসন দিল্লীৰ পৰা চলি আছে বুলি মন্তব্য কৰে নেতাজনে ৷

মেঘালয়ত ভাৰত জোড়ো ন্যায় যাত্ৰা

গুৱাহাটী, 22 জানুৱাৰী : আৰক্ষীৰ বাধাৰ বাবে বট্টদ্ৰৱা থানত সোমবাৰে পুৱা বেলা প্ৰৱেশ বিঘ্নিত হোৱাৰ পিছত বিয়লি মৰিগাঁও হৈ মেঘালয়ত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ ৰাজ্যখনত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পিছতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৰি-ভয় জিলাৰ মুখ্য চহৰ নংপোৰ সমীপত এক পদযাত্ৰাত অংশগ্ৰহণ কৰি মেঘালয়বাসীক সম্বোধন কৰে ৷

খাছী দোভাষীৰ জৰিয়তে ৰাহুল গান্ধীয়ে প্ৰথমেই ক’লে তেঁওলোকে কিয় মণিপুৰৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিলে ৷ ৰাহুল গান্ধীয়ে কাৰণ হিচাবে কয়- “আৰ এছ এছ আৰু বিজেপিৰ মতাদৰ্শই মণিপুৰৰ ধাৰণাক ধ্বংস কৰি পেলাইছে ৷ ঘৃণা আৰু হিংসাৰ ৰাজনীতিয়ে ৰাজ্যখনক ছিন্ন-ভিন্ন কৰি পেলাইছে, যাৰ ফলত শ শ লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ, সা-সম্পত্তি হেৰুৱাইছে ৷ এয়া এক সম্পূৰ্ণ ট্ৰেজেডী ! সেইবাবেই আমি ভাৰতৰ বাকী ৰাজ্যলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিলো ৷”

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত ব্যস্ত থকা নৰেন্দ্ৰ মোদী মণিপুৰলৈ নোযোৱা প্ৰসংগত ৰাহুল গান্ধীয়ে সমালোচনা কৰি কয়- “মোৰ বাবে আচৰিত কথা যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়াও মণিপুৰ ভ্ৰমণ কৰা নাই ৷ মণিপুৰ ভাৰতীয় ৰাজ্য নহয় নেকি? মণিপুৰৰ জনসাধাৰণ ভাৰতৰ অংগ নহয় নেকি ? যদি প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ হিংসা বন্ধ কৰিব বিচাৰে তেন্তে তিনিদিনত কৰিব পাৰে ৷ সত্যটো হ’ল মণিপুৰৰ হিংসাৰ অন্ত পেলাবলৈ তেওঁ আগ্ৰহী নহয় ৷”

ৰাহুল গান্ধীয়ে নিজৰ ভাষণ প্ৰসংগত মেঘালয়, মণিপুৰ, অৰুণাচলৰ কণ্ঠত আক্ৰমণ চলিছে বুলি কৈ উদ্বিগ্নতা প্ৰকাশ কৰে ৷ ৰাহুল গান্ধীয়ে কয়- “আপোনালোকৰ সংস্কৃতি, পৰম্পৰা আৰু ভাষাক আমি সন্মান কৰো ৷ আমি বিশ্বাস কৰোঁ যে মেঘালয়ৰ পৰাই মেঘালয়ৰ শাসন পৰিচালিত হোৱা উচিত ৷ আমাৰ মহান ৰাষ্ট্ৰখনৰ বাবে সকলো ৰাজ্য সমান আৰু তেওঁলোকৰ কণ্ঠও সমানেই গুৰুত্বপূৰ্ণ ৷ এতিয়া মেঘালয়, মণিপুৰ, অৰুণাচলৰ কণ্ঠত আক্ৰমণ চলিছে ৷... আজি আৰ এছ এছে ভাৰতৰ সংবিধান আৰু প্ৰতিষ্ঠানিক কাঠামোক ডিঙি চেপি ধৰিছে ৷ দিল্লীৰ পৰা মেঘালয়ৰ শাসন চলি আছে ৷ এইটো আমাৰ বাবে গ্ৰহণযোগ্য নহয় ৷"

লগতে পঢ়ক : কাইলৈ গুৱাহাটীত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.