ETV Bharat / politics

কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহীৰ পৰা সোণোৱাল চৰকাৰৰ কেবিনেট মন্ত্ৰীলৈ ছুম ৰংহাঙৰ ৰাজনৈতিক যাত্ৰা - Sum Ronghang passes away

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 9:50 PM IST

SUM RONGHANG: শুকুৰবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙৰ । কাৰ্বিভূমিৰ এগৰাকী অগ্ৰণী ৰাজনীতিক আছিল ছুম ৰংহাং । তেওঁৰ ৰাজনৈতিক জীৱনৰ সবিশেষ সামৰি এক প্ৰতিবেদন...

SUM RONGHANG PASSES AWAY
SUM RONGHANG (ETV Bharat Assam)

ডিফু, ৩ মে': শুকুৰবাৰে বিয়লি কাৰ্বি আংলঙৰ এগৰাকী অন্যতম অগ্ৰণী নেতা, অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিশিষ্ট সমাজ সংগঠক ছুম ৰংহাঙৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ । বৃক্কজনিত সমস্যাত বিগত প্ৰায় এমাহ ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ।

উল্লেখযোগ্য যে, ১৯৬৩ চনৰ এক জানুৱাৰীত বকলীয়াঘাটৰ ৰজাপথাৰত জন্ম লাভ কৰা ছুম ৰংহাঙে সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰখনক জীৱনজোৰা অৱদানেৰে সমৃদ্ধ কৰি থৈ গৈছে । কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষা বʼৰ্ডৰ উপ-পৰিদৰ্শক হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি কৰা ৰংহাঙে ১৯৯৪ চনত চৰকাৰী চাকৰি ইস্তাফা দিয়াৰ পিছত পৰৱৰ্তী সময়ত সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে ।

২০০১ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জ‌য় লাভ কৰা ৰংহাঙে ক্ৰমাগত দুটা কাৰ্যকাল পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব পালন কৰে । বিশেষকৈ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে বিশেষ দক্ষতাৰে পৰিচয় দাঙি ধৰাৰ লগতে জিলাখনৰ শিক্ষাখণ্ডৰ প্ৰভূত উন্নয়ন সাধন কৰি দক্ষতাৰ পৰিচয় দিয়ে ।

ইয়াৰ মাজতে ২০০৬ চনত ছমাহৰ বাবে ছুম ৰংহাঙে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল । ২০১১ চনৰ পৰা ২০১৪ চনলৈকে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিও প্ৰয়াত ৰংহাঙে সাংগঠনিক দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হয় । ইয়াৰ পিছতে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৰংহাঙে ।

২০১২ চনৰ পৰা ২০১৪ চনলৈকে ৰংহাঙে অসম হিলছ প্লেনিং বʼৰ্ডৰ উপাধ্যক্ষ হিচাপেও দায়িত্ব লাভ কৰিছিল । ইয়াৰ পিছতে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি বিজেপি দলত যোগদান কৰা ৰংহাঙে ২০১৬ চনত ডিফু সমষ্টিৰ পৰা বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ লগতে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগ আৰু খনি বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰে ।

২০২১ চনত বিজেপিৰ পৰা টিকট লাভ নকৰাত তেওঁ পুনৰ বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে । যোৱা বিধানসভা নিৰ্বাচনত ৰংহাঙে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ডিফু সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় যদিও উক্ত নিৰ্বাচনত তেওঁ পৰাস্ত হয় । ইয়াৰ পিছত পুনৰ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা ছুম ৰংহাঙে মৃত্যুৰ সময়লৈকে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

অৱশ্যে স্বাস্থ্যজনিত কাৰণত শেহতীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ পৰা বিৰত আছিল ৰংহাং । ১৯৭৮ চনতে কাৰ্বি ছাত্ৰ সন্থাৰ বকলীয়াঘাট শাখাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে সামাজিক ক্ষেত্ৰখনত জড়িত হৈ পৰা ৰংহাঙে এগৰাকী সমাজ সংগঠক হিচাপেও বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল । সমাজলৈ মহত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল ।

প্ৰয়াত ৰংহাঙৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা কাৰ্বি জুতাং চিংথুৰ আমেই শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানে বিগত সময়ছোৱাত কাৰ্বিসকলৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । ২০১১ চনত বকলীয়াঘাটত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮০ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ এগৰাকী অন্যতম উদ্যোক্তা হোৱাৰ লগতে আদৰণি সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰি অধিৱেশনখনি সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ।

২০০৪ চনত ৰজাপথাৰত অনুষ্ঠিত হোৱা কাৰ্বি লাম্মেট আমেই (কাৰ্বি সাহিত্য সভা) ৰ কেন্দ্ৰীয় অধিৱেশনৰো আদৰণি সমিতিৰ সভাপতি হিচাপে ৰংহাঙে দায়িত্ব পালন কৰিছিল । বিশিষ্ট নেতাগৰাকীৰ মৃত্যুৰ বাতৰিয়ে জিলাখনত গভীৰ শোকৰ ছাঁ পেলাইছে । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছুম ৰংহাঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ৰংহাঙৰ মৃত্যু সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে অভিহিত কৰে ।

লগতে পঢ়ক: প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙৰ পৰলোকপ্ৰাপ্তি; তুলিৰাম ৰংহাঙৰ শোক প্ৰকাশ - Sum Ronghang is no more

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.