ETV Bharat / politics

লখিমপুৰত তৃণমূল কংগ্রেছৰ অংগীকাৰ পত্র উন্মোচন ৰিপুণ বৰাৰ - Lok Sabha Election 2024

Lok Sabha Election 2024: ৰাণী নৰহ, ভৰত নৰহৰ বাবে তৃণমূল কংগ্ৰেছৰ দুৱাৰ খোলা আছে । এই মন্তব্য ৰিপুণ বৰাৰ ৷ বৰাই কয় যে তৃণমূল কংগ্ৰেছক আস্থাত লৈছে ৷ বহু বিজেপি নেতা তৃণমূল কংগ্ৰেছত যোগদানৰ চিন্তা কৰি থকা বুলিও মন্তব্য কৰে ৰিপুণ বৰাই ৷

Lok Sabha Election 2024
তৃণমূল কংগ্রেছৰ অংগীকাৰ পত্র উন্মোচন ৰিপুণ বৰাৰ
author img

By ETV Bharat Assamese Team

Published : March 26, 2024 at 10:24 PM IST

3 Min Read
Choose ETV Bharat
তৃণমূল কংগ্রেছৰ অংগীকাৰ পত্র উন্মোচন ৰিপুণ বৰাৰ

লখিমপুৰ, ২৬ মাৰ্চ: কংগ্ৰেছৰ পৰা সদ্য দলত্যাগী ভৰত নৰহৰ লগতে তেওঁৰ পত্নী ৰাণী নৰহলৈ তৃণমূল কংগ্ৰেছৰ দুৱাৰ খোলা আছে । আজি সন্ধিয়া লখিমপুৰত এই মন্তব্য তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ । নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই এই মন্তব্য কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয়, ‘‘বহু বিজেপি নেতায়ো অংক কৰি আছে । বহুতে ২০২৪ আৰু ২০২৬ ৰ নিৰ্বাচন চাব । এই নিৰ্বাচনৰ ৰেহৰূপ প্ৰত্যক্ষ কৰি বহুতে তৃণমূল লৈ অহাৰ অংক কৰি আছে ।’’ ৰাজনীতিত পৰিস্থিতি অনুসৰি সকলো সম্ভৱ বুলিও তেওঁ মন্তব্য কৰে । উল্লেখ্য লোকসভা নিৰ্বাচন-২০২৪ উপলক্ষে তৃণমূল কংগ্ৰেছে ‘মা-মাটি-মানুহ’ নামেৰে প্ৰকাশ কৰি উলিওৱা অংগীকাৰ পত্ৰখন লখিমপুৰ প্ৰেছ ক্লাবত ৰিপুণ বৰাই আনুষ্ঠানিকভাবে উন্মোচন কৰে ।

ঔদ্যোগিক ক্ষেত্ৰৰ পৰিবৰ্তন, নতুন পেন্সন নীতি বাতিল কৰা, কা বাতিলৰ হকে অবিৰত যুঁজ দিয়া, সকলো জাতীয় সমস্যা দূৰ কৰাত সংসদত হেঁচা দিয়া, বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় সাধন কৰা আদি ১৭ টা বিষয় সম্বলিত অংগীকাৰ পত্ৰখন ৰিপুণ বৰাই উন্মোচন কৰে । দলৰ এই অংগীকাৰ পত্ৰখনৰ উপৰি লখিমপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰার্থী ঘনকান্ত চুতীয়ায়ো ৯ টা পণসম্বলিত তেওঁৰ প্ৰতিশ্ৰুতি পত্ৰখন উন্মোচন কৰে ।

উক্ত অনুষ্ঠানত ৰিপুণ বৰাই কংগ্ৰছ, বিজেপি আদি দলক আক্ৰমণৰ লক্ষ্য কৰি বক্তব্য প্ৰদান কৰে । তেওঁ বিজেপি দলক সমালোচনা কৰি কয়, ‘‘বিজেপিৰ আগ্ৰাসী একো পলিচী নাই । তেওঁলোকৰ এটাই পলিচী- সেয়া হ’ল টকাৰ জোৰেৰে, আঁচনিৰ জোৰেৰে তেওঁলোকে মানুহ কিনিব বিচাৰিছে । ভোট কিনিব বিচাৰিছে । ১ লাখ ৩৯ হেজাৰ কোটিৰ ধাৰ লৈছে । কেৱল ভোট লাভৰ বাবে যধে-মধে ধাৰ লৈ হিতাধিকাৰী সৃষ্টি কৰিছে । ৰাইজে এতিয়া এই কথা বুজি পাইছে৷ গাদী ৰক্ষা কৰিবলৈ বিজেপিয়ে যে ভোট কিনাত লাগিছে ৰাইজে সেই কথা বুজি পাই আপোচহীন শক্তিশালী বিৰোধী দলৰ সন্ধান কৰিছে আৰু তৃণমূল কংগ্ৰেছক আস্থাত লৈছে ৷’’

বিগত কিছুদিনত কংগ্ৰেছ দলৰ প্ৰতিচ্ছবি দেখা পাই ৰাইজৰ কংগ্ৰেছৰ প্ৰতি আস্থা হেৰুৱাইছে গৈছে আৰু শক্তিশালী বিৰোধী দল হিচাপে ৰাইজে তৃণমূল কংগ্ৰেছক চিনাক্ত কৰিছে বুলি কয় ৰিপুণ বৰাই । অংগীকাৰ পত্ৰ উন্মোচনী অনুষ্ঠানত ৰিপুণ বৰাৰ সৈতে দলৰ ৰাজ্যিক সম্পাদক চন্দন মজুমদাৰ, অতুল দত্ত, মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা ৰিজুমনি গগৈ, লখিমপুৰ জিলাৰ সভাপতি লেখন বুঢ়াগোহাঁই, ধেমাজি জিলাৰ সভাপতি বাবুল সোণোৱাল, ডিব্ৰুগড় জিলাৰ সভাপতি প্ৰদীপ দহোটিয়া, তিনিচুকীয়া জিলাৰ সভাপতি হিৰণ্ময় গগৈকে ধৰি ভালেমান নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: পিতৃ-মাতৃক সেৱা কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে লুৰীণজ্যোতি গগৈয়ে