ETV Bharat / politics

হিমন্ত বিশ্ব বনাম হীৰেন গোঁহাই বিতৰ্ক, মুখ্যমন্ত্ৰীক তীব্ৰ গৰিহণা বিৰোধী ঐক্যমঞ্চৰ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 3:10 PM IST

Assam CM Hiren Gohain controversy: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইৰ মাজত তীব্ৰ বাক-বিতণ্ডা চলিছে । মুখ্যমন্ত্ৰীয়ে বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে কৰা মন্তব্যক গৰিহণা বিৰোধী ঐক্যমঞ্চৰ । ভৱিষ্যতে মুখ্যমন্ত্ৰীক এনে কাম নকৰিবলৈ সকীয়নি অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ ।

Assam CM Hiren Gohain controversy
মুখ্যমন্ত্ৰীক তীব্ৰ গৰিহণা বিৰোধী ঐক্যমঞ্চৰ

গুৱাহাটী,২২ জানুৱাৰী : শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইৰ মাজত বাক-বিতণ্ডা আৰম্ভ হৈছে । কা আন্দোলন সম্পৰ্কে কৰা এক মন্তব্যৰ পিচৰে পৰা দুয়োগৰাকীৰে মাজতে কথাৰ কটাকটি আৰম্ভ হৈছে । কেতিয়াবা যদি ড৹ হীৰেন গোঁহাইয়ে মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিছে, কেতিয়াবা আকৌ মুখ্য়মন্ত্ৰীয়ে বুদ্ধিজীৱীগৰাকীক উভতি ধৰিছে । একপ্ৰকাৰ এই কাজিয়াই সাহিত্য আৰু ৰাজনৈতিক ক্ষেত্ৰখনত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে ।

দেওবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি পুনৰ এবাৰ বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইক আক্ৰমণ কৰে । ইয়াৰ পাচতে জাঙুৰ খাই উঠিছে অসমৰ বিৰোধী ঐক্যমঞ্চ । বিৰোধী দলসমূহেৰে গঠিত ঐক্যমঞ্চই ড৹ হীৰেন গোঁহাইৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কৰা আপত্তিজনক মন্তব্যক তীব্ৰ গৰিহণা দিছে ।

সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় যে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইক লৈ মুখ্যমন্ত্ৰীয়ে কৰা অশোভনীয় মন্তব্যই মুখ্যমন্ত্ৰীৰ আসনখনক অৱনমিত কৰিছে । মুখ্যমন্ত্ৰীৰ ড৹ গোঁহাইৰ প্ৰতি ব্যক্তিগত প্ৰতিশোধ পৰায়ণতাৰ আচৰণক তেওঁ নিন্দা কৰে । ভৱিষ্যতে মুখ্যমন্ত্ৰীক এনে কাম নকৰিবলৈও তেওঁ সকীয়াই দিয়ে ।

আনহাতে অধ্যাপক অখিল ৰঞ্জন দত্তৰ প্ৰতিও মুখ্যমন্ত্ৰীয়ে শ্লেষাত্মক ভাবুকিসূচক মন্তব্য প্ৰকাশ কৰি শিক্ষক সমাজৰ প্ৰতি অপমান কৰিছে বুলি তেওঁ অভিযোগ কৰে । বিশ্ববিদ্যালয়ত নতুন আইন প্ৰণয়নৰ মাধ্যমেৰে মুখ্যমন্ত্ৰীয়ে বাক-স্বাধীনতাক হৰণ কৰাই নহয় বৌদ্ধিক, সামাজিক, মূল্যবোধ আৰু সংবিধানৰ ওপৰতো আক্ৰমণ বুলি অখিল গগৈয়ে দাবী কৰে । সেয়ে এই কাৰ্যৰ বিৰুদ্ধে ছাত্ৰ সংগঠন, জাতীয় সংগঠন সকলোৱে নিন্দা কৰি প‌্ৰতিবাদ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে ।

ড৹ হীৰেন গোঁহাইক মুখ্যমন্ত্ৰীয়ে কৰা আক্ৰমণ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমত জংঘলৰাজ চলিছে আৰু এই জংঘলৰাজৰ নেতৃত্বত আছে মুখ্যমন্ত্ৰী ।

লগতে পঢ়ক :ৰাজ্যত চলিছে সন্ত্ৰাসৰ ৰাজত্ব; সাংসদ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.