ETV Bharat / politics

ক’ৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে ? কংগ্ৰেছৰ তালিকা কেতিয়া ?

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 3:31 PM IST

Lok Sabha Election 2024: যোৰহাট নে নগাঁও ? ক’ৰ পৰা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে ? এতিয়াও কংগ্ৰেছীৰ বাবেই সাঁথৰ ৷ কংগ্ৰেছে বৰপেটা এৰি নিদিয়ে CPIMক ৷ ১৪ খনৰ ১৩ খনতেই কংগ্ৰেছে দিব প্ৰাৰ্থী ৷

Oppositions Unity Assam
বিৰোধী ঐক্যমঞ্চ

গুৱাহাটী, ১২ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ অসমৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ এতিয়াও শেষ হোৱা নাই উৎকণ্ঠাৰ । অৱশেষত ক’ৰ পৰা লোকসভা নিৰ্বাচন খেলিব গৌৰব গগৈয়ে ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা যে খবৰ অনুসৰি শেষ হ’ল অসমৰ বিৰোধে ঐক্যমঞ্চ । সঁচাকৈয়ে ১৬ টা দলৰ বিৰোধীৰ ঐক্যমঞ্চ অসমত বিফল হ’ল নেকি ? নিজে ১৩ খন আসনত প্ৰাৰ্থী দি কেৱল এখন আসনহে দিব নেকি বিৰোধীক ?

দিল্লীত কংগ্ৰেছৰ দ্বিতীয়খন তালিকাৰ বাবে এতিয়াও দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ বিশ্লেষণ পৰ্ব অব্যাহত আছে । অসমৰ কেইটামান সমষ্টিক লৈ চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই কংগ্ৰেছে ৷ বিপৰীতে বিজেপিয়ে অসমত পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে নিজৰ ১১ জন প্ৰাৰ্থীৰ বাবে । ডিব্ৰুগড়ত সোমবাৰে মহা আড়ম্বৰে নিৰ্বাচনী ৰণডংকা বজালে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ।

এই ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে আগবঢ়াব অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক । দিল্লীৰ পৰা অহা কংগ্ৰেছৰ খবৰ অনুসৰি ডিব্ৰুগড় আসনখনত কংগ্ৰেছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিব সেয়া নিশ্চিত হৈছে ৷ লগতে প্ৰায় নিশ্চিত হৈছে যে ডিব্ৰুগড়ৰ বাদ বাকী ১৩ খন আসনতে কংগ্ৰেছে নিজে প্ৰাৰ্থী দিব অসমত ৷

কংগ্ৰেছে ঠিৰাং কৰিছে ৯ টা সমষ্টিৰ প্ৰাৰ্থী ৷ এতিয়াও ৪টা সমষ্টিত কংগ্ৰেছ হাই কমাণ্ডে ল’ব পৰা নাই চূড়ান্ত সিধান্ত ৷ কংগ্ৰেছে নিজৰ মিত্ৰদলৰ বাবে মাত্ৰ এখন আসনহে এৰিব ৷ সেই একমাত্ৰ আসনখন হ’ল ডিব্ৰুগড়, য’ৰ পৰা অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ।

আনুষ্ঠানিক ঘোষণা বাকী যদিও খবৰ অনুসৰি কংগ্ৰেছে প্ৰাৰ্থী চুড়ান্ত কৰিছে ধুবুৰী, লখিমপুৰ, বৰপেটা, কোকৰাঝাৰ, ডিফু, গুৱাহাটী, দৰং-ওদালগুৰি, কৰিমগঞ্জ আৰু শোণিতপুৰ ৷ পূৰ্বে বৰপেটা আসনখন কংগ্ৰেছে চিপিআইক এৰি দিয়াৰ কথা আছিল যদিও খবৰ অনুসৰি এতিয়া কংগ্ৰেছে নিজে দিব প্ৰাৰ্থী ৷

সেই অনুসৰি ধুবুৰী লোকসভা আসনত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক দিব প্ৰাৰ্থিত্ব ৷ প্ৰাৰ্থিত্ব ঘোষিত নহ’লেও ইতিমধ্যে ৰকিবুল হুচেইনৰ ফ্লেক্স লগোৱা নিৰ্বাচনী প্ৰচাৰ বাহন ৰাজপথত নামি পৰিছে চিপিআইএমৰ পৰিৱৰ্তে বৰপেটাত কংগ্ৰেছে নিজে দীপ বায়নক প্ৰাৰ্থিত্ব দিয়াৰ পথত ।

কোকৰাঝাৰত গৰ্জন বসুমতাৰী, ডিফুত জয়ৰাম ইংলেং, গুৱাহাটীত মীৰা বৰঠাকুৰ, দৰং-ওদালগুৰিত মাধৱ ৰাজবংশীক প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত ৷ কৰিমগঞ্জত কংগ্ৰেছৰ পৰা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হ’ব । আনহাতে কংগ্ৰেছ হাইকমাণ্ডে ভূপেন বৰা বা আৰ পি শৰ্মাক শোণিতপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্দেশ দিয়া বুলি দলীয় সূত্ৰই জনাইছে ।

লখিমপুৰত বিজেপিৰ পৰা আহি কংগ্ৰেছত শেহতীয়াকৈ যোগদান কৰা উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব দিয়া হ’ব বুলি চৰ্চিত হৈছিল যদিও প্ৰাক্তন সাংসদ ৰাণী নৰহক দিয়াটো নিশ্চিত হৈছে । এতিয়াও চূড়ান্ত হোৱা নাই কংগ্ৰেছৰ যোৰহাট, নগাঁও, কাজিৰঙা আৰু শিলচৰৰ প্ৰাৰ্থী ৷ গৌৰৱ গগৈক কেন্দ্ৰ কৰিয়েই চূড়ান্ত কৰিব পৰা নাই কংগ্ৰেছৰ যোৰহাট, নগাঁও আৰু কাজিৰঙাৰ প্ৰাৰ্থিত্ব ।

গৌৰৱ গগৈৰ সমষ্টি সমৰ্থনত চূড়ান্ত সিধান্ত ল’ব পৰি নাই কংগ্ৰেছে । ছোনিয়া গান্ধীয়ে গৌৰৱৰ পছন্দৰ সমষ্টিৰ বিষয়ে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে আলোচনা কৰিছে বুলি কংগ্ৰেছৰ সূত্ৰই জনাইছে ।

এই অনুসৰি যদি গৌৰৱ গগৈয়ে যোৰহাটৰ পৰিৱৰ্তে নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত লয় তেন্তে শেষত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদন্দ্বিতা কৰিবগৈ লগা হ’ব পাৰে ৷ নগাঁৱত গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰিলে যোৰহাটৰ পৰা নিৰ্বাচন খেলিব কোনে ?

তেতিয়া যোৰহাটৰ পৰা নিৰ্বাচনী প্ৰাৰ্থীৰূপে নাম চৰ্চিত হৈছে সুৰুজ দিহিঙিয়া আৰু বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ নাম ৷ কিন্তু এতিয়া অপেক্ষা কৰিব লাগিব কংগ্ৰেছৰ চূড়ান্ত তালিকালৈ । অহা ১৪ মাৰ্চত কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰাকশৰ সম্ভাৱনা আছে, সেই দিনাই প্ৰকাশ হ’ব অসমৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাও ।

লগতে পঢ়ক: বিৰোধী ঐক্য মঞ্চৰ হৰতাল কাৰ্যসূচীৰ প্ৰতি সহযোগিতাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.