Bihar Election Results 2025

ETV Bharat / politics

মুখ্যমন্ত্ৰীয়ে কেতিয়া গান গাব ক’লে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে - Lok sabha Election 2024

Lok sabha Election 2024: চৰকাৰৰ প্ৰ-পত্ৰ পূৰণৰ ৰাজনীতিক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ৷ ডাবল ইঞ্জিন চৰকাৰ অতিকৈ দুৰ্বল বুলি সমালোচনা গগৈৰ ৷ মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰক সমালোচনা গৌৰৱ গগৈৰ ৷

Assam CM's election campaign is criticized by Congress candidate Gaurav Gogoi
মুখ্যমন্ত্ৰীয়ে কেতিয়া গান গাব ক’লে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে
author img

By ETV Bharat Assamese Team

Published : April 16, 2024 at 8:30 AM IST

2 Min Read
Choose ETV Bharat
মুখ্যমন্ত্ৰীয়ে কেতিয়া গান গাব ক’লে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে

যোৰহাট, 16 এপ্ৰিল: "নাচৰ পিছত মুখ্যমন্ত্ৰীয়ে গান গাবলৈ আৰম্ভ কৰিব । চৰকাৰে ফৰ্মৰ ৰাজনীতিৰ জৰিয়তে মহিলাসকলক হাৰাশাস্তি কৰিলে ৷ সেয়ে বিজেপিক শিক্ষা দিবলৈ সাজু মহিলাসকল ৷" আজি যোৰহাটৰ জাতীয় ভৱনত এই মন্তব্য আগবঢ়ায় কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৷ সোমবাৰে যোৰহাটত সন্মিলিত নাগৰিক মঞ্চৰ উদ্যোগত আয়োজন কৰা হয় যোৰহাট বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ব্যক্তিৰ সৈতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কয়, "এইখন চৰকাৰে ফৰ্মৰ ৰাজনীতিৰ জৰিয়তে অসমৰ মহিলাসকলক হাৰশাস্তি কৰিলে, মহিলাসকলক ফৰ্মৰ জৰিয়তে এইখন চৰকাৰে যিদৰে দৌৰালে, তাৰ উচিত শিক্ষা দিবলৈ সম্পূৰ্ণৰূপে সাজু মহিলাসকল । মহিলাসকলক কৰা অন্যায় আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে বিজেপিক কাণ চেপা দিবলৈ সাজু হৈছে ৰাজ্যৰ মহিলাসকল ৷"

অত্যাৱশকীয় সামগ্ৰীৰ জুই চাই দাম বৃদ্ধিয়ে ঘৰ এখন নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত যিদৰে এই চৰকাৰখনে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, সেই দিশলৈ লক্ষ্য ৰাখি মহিলাসকলে বিজেপি বিপক্ষে অৰ্থাৎ কংগ্ৰেছ দলক ভোট দিব বুলি দাবী কৰে ৷

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰক সমালোচনা কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয়, "মোৰ মতে মুখ্যমন্ত্ৰীয়ে আৰু কষ্ট কৰিব লাগিব ৷ চাইকেল ৰেলী আৰু পদযাত্ৰাত যিদৰে নাচি-বাগি থাকে এতিয়া তেওঁ গান গাবলৈ আৰম্ভ কৰিব । আজি তাৰিখত ডাবল ইঞ্জিন থকা চৰকাৰখন অতিকৈ দুৰ্বল ।"

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, 16 এপিলত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ বিধানসভা সমষ্টিত এক ৰেলীৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ।

লগতে পঢ়ক: মই নাচনী নহয়, আমি বিহু নাচক লৈ গিনীজ ৱৰ্ল্ড ৰেকৰ্ডহে কৰোঁ : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024