ৰাহুল গান্ধীৰ সমষ্টিত ৰোড শ্ব’ৰে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণডংকা - Lok Sabha Election 2024
ৰাহুল গান্ধীৰ সমষ্টি ৱায়ানাডত হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’। বিজেপি প্ৰাৰ্থী কে সুৰেন্দ্ৰনৰ হৈ প্ৰচাৰ চলাই ৰাহুল গান্ধীক ৱায়ানাডৰ পৰ্যটক আখ্যা ৷ ৰাহুল গান্ধীক এইবাৰ শিক্ষা দিব ৱায়ানাডবাসীয়ে বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ ৷

Published : April 22, 2024 at 9:07 PM IST
গুৱাহাটী, 22 এপ্ৰিল : কেৰালাত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ষ্টাৰ কেম্পেইনাৰ হিচাপে কংগ্ৰেছৰ ৰাহুল গান্ধীৰ সমষ্টি ৱায়ানাড নিৰ্বাচনী ৰণশিঙা বজালে হিমন্ত বিশ্ব শৰ্মাই ৷ কেৱল প্ৰচাৰ চলোৱাই নহয়, কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীক ’ৱায়ানাডৰ পৰ্যটক’ আখ্যাৰে সমালোচনাত মুখৰ হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰীজনক ৷
“ৰাহুল গান্ধী এজন সাংসদ নহয়, তেওঁ ৱায়ানাডৰ বাবে এজন পৰ্যটকহে মাথোঁ ৷ এনে এজন পৰ্যটকক ভোট দিয়াটো জানো উচিত ?" ৱায়ানাডত আজি ৰাজহুৱা সভাত এই প্ৰশ্ন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ আনহাতে ৱায়ানাডৰ বিজেপিৰ প্ৰাৰ্থী কে সুৰেন্দ্ৰনৰ হৈ প্ৰচাৰৰ বাবে এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে দক্ষিণত বিজেপিৰ জয়যাত্ৰাক লৈ প্ৰশ্ন তোলা হয় ৷ কিন্তু এইবাৰ সেয়া বিজেপিয়ে কৰি দেখুৱাব ৷ ৱায়ানাডবাসীক সহজভাৱে লোৱাৰ বাবে ৰাইজে এইবাৰ ৰাহুল গান্ধীক শিক্ষা দিব বুলি দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
আই ইউ এম এলৰ এক বিতৰ্কৰ প্ৰসংগ উত্থাপনেৰে হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্ব’ত নিজৰ ভাষণত ৱায়ানাডবাসীক উদ্দেশ্যি কয়- “আপুনি ভাবেনে যে ৰাহুল গান্ধীৰ দৰে আই ইউ এম এলে প্ৰধানমন্ত্ৰী বা আন কোনো বিজেপি নেতাক ভাবুকি দিব পাৰিব ?" যদি কংগ্ৰেছৰ কথা মানি লোৱা হয়, তেন্তে দেশৰ সম্পত্তিত আদিবাসী, দলিত আৰু পিছপৰা সম্প্ৰদায়ৰ কোনো অধিকাৰ নাই ৷ এই কথা মানিব পাৰি জানো ?”
প্ৰধানমন্ত্ৰী মনোমোহন সিঙে প্ৰায় ডেৰ দশক পূৰ্বে সংখ্যালঘুৰ অধিকাৰ প্ৰসংগত কৰা এক মন্তব্য প্ৰসংগতো হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক আক্ৰমণ কৰে ৱায়ানাডৰ পৰা ৷ মন কৰিবলগীয়া যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ লোকসভা নিৰ্বাচনত ক্ষুৰধাৰ সমালোচনা কৰি আহিছে ৷ কেৰালাৰ ৱায়ানাডত বিজেপিৰ প্ৰাৰ্থী ৰূপে, ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনত থিয় হৈছে কেৰালা বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰন ৷ তথ্য অনুসৰি এইজন কে সুৰেন্দ্ৰনৰ বিৰুদ্ধে মুঠ 242 টা অপৰাধমুলক গোচৰ আছে ৷ অৱশ্যে ইয়াৰে 237 টা গোচৰেই 2018 চনত হোৱা সাৱৰীমালা মন্দিৰৰ প্ৰতিবাদৰ সময়ত ৰুজু হৈছিল বুলি কেৰালা বিজেপিয়ে দাবী কৰিছে ৷
লগতে পঢ়ক : কংগ্ৰেছৰ চকু মহিলাৰ মংগসূত্ৰৰ ওপৰত; সেয়া অনুপ্ৰৱেশকাৰীক বিলাব: নৰেন্দ্ৰ মোদী - LOK SABHA ELECTION 2024

