ETV Bharat / politics

মোদীৰ সভাৰ বাবে বিজেপিৰ লক্ষ্য ২ লাখ লোক, বৰপেটাত মানুহ গোটোৱাত ব্যস্ত ৩ মন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 7:35 PM IST

PM Modi in Guwahati: গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল জনসভা সম্বোধন কৰিব । সেই অনুষ্ঠানৰ বাবে বিভিন্ন জিলাৰ পৰা বিজেপি কৰ্মী তথা সমৰ্থকসকল আহিব । তাৰ প্ৰাকক্ষণত বৰপেটাৰ বিজেপি কৰ্মীসকলৰ সৈতে পৰ্যালোচনা সভা ৩ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰীকাৰ ।

PM Modi meeting in Guwahati
বৰপেটাত মানুহ গোটোৱাত ব্যস্ত ৩ মন্ত্ৰী
বৰপেটাত মানুহ গোটোৱাত ব্যস্ত ৩ মন্ত্ৰী

বৰপেটা, ৩ ফেব্ৰুৱাৰী : আজি অসমলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীয়ে দেওবাৰে গুৱাহাটীত বিশাল জনসভা সম্বোধন কৰিব । যাক লৈ ৰাজ্যিক বিজেপিৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । মোদীৰ সভাৰ বাবে বিজেপিৰ লক্ষ্য হৈছে ২ লাখ লোক । কিন্তু ক'ৰ পৰা আহিব এই ২ লাখ লোক ? তাৰ পৰ্যালোচনাৰ বাবে গুৱাহাটীৰ সমীপৰ জিলাসমূহত বিজেপিৰ মন্ত্ৰী-বিধায়কসকলক ব্যস্ত দেখা গৈছে ।

শনিবাৰে হেলিকপ্টাৰ লৈ বৰপেটাত উপস্থিত তিনি মন্ত্ৰী ক্ৰমে পৰিমল শুক্লবৈদ্য, জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰীকা । বৰপেটাৰ পৰা লোকসকলক কেনেদৰে গুৱাহাটীলৈ অনা হ'ব সকলো বিষয় জিলা বিজেপিৰ নেতাসকলৰ সৈতে আলোচনা কৰে মন্ত্ৰীকেইগৰাকীয়ে ।

মোদীৰ অসম আগমন সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে প্ৰত্যেক তিনিমাহৰ অন্তৰে অন্তৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহে ৷ অসমলৈ আহি নৈশ যাপন কৰা তেওঁ একমাত্ৰ প্ৰধানমন্ত্ৰী বুলি উল্লেখ কৰে হাজৰীকাই ৷ তেওঁ দাবী কৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাল পায় ৷ সেয়ে মোদীৰ ওচৰত অসমবাসী সদায় কৃতজ্ঞ ৷ বিৰোধী মিত্ৰজোঁট সম্পৰ্কে পুনৰ মন্তব্য কৰি পীযুষ হাজৰীকাই কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এই মিত্ৰজোঁট ভাঙি টুকুৰা টুকুৰ হ'ব বুলি তেওঁ আগতেই কৈছিল ৷

কৰিমগঞ্জত মুছলমান প্ৰাৰ্থী দিলে নগাঁৱতো কংগ্ৰেছে মুছলমান প্ৰাৰ্থী দিব লাগে বুলি তেওঁ বিৰোধী দলটোক উভতি ধৰে ৷ কংগ্ৰেছে মুছলমানৰ বাহিৰে বেলেগক টিকট দিবই নোৱাৰে বুলিও কয় হাজৰীকাই ৷

ইফালে পীযুষৰ একেটা সুৰতে জয়ন্ত মল্লবৰুৱাইও দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম প্ৰেম ইমানেই বেছি যে এই প্ৰেমৰ ধাৰ অসমবাসীয়ে কেতিয়াও পৰিশোধ নোৱাৰে ৷ তেওঁ উল্লেখ কৰা মতে মোদীয়ে একেটা দিনতে ১১০০ হাজাৰৰো অধিক কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস বা উন্মোচন কৰিব ৷ অসমবাসীয়ে বহু বছৰ ধৰি এনে এটা দিনৰ বাবে আশাৰে বাট চাই আছিল বুলি তেওঁ দাবী কৰে ৷

'ইণ্ডিয়া' ব্লক সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাই কয় যে বিৰোধীৰ মিত্ৰতা কেৱল পৰিয়ালবাদ ৰক্ষাৰ মিত্ৰতা আছিল ৷ গান্ধী পৰিয়াল, মোলায়েম সিঙ আদি পৰিয়ালবোৰক ৰক্ষা কৰাৰ বাবে মিত্ৰতা আছিল বুলি তেওঁ বিৰোধীক সমালোচনা কৰে ৷ আগন্তুক লোকসভা নিৰ্বাচনত কৰিমগঞ্জত কংগ্ৰেছে মুছলমান প্ৰাৰ্থীক টিকট প্ৰদান কৰা সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাই কয় যে মিঞা মানুহক তেল মৰাটো কংগ্ৰেছৰ ধৰ্ম ৷ কৰিমগঞ্জত আগ্ৰাসীৰ পৰিৱৰ্তে খিলঞ্জীয়া মুছলমানক প্ৰাৰ্থীত্ব দিলে ভাল বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচন : বিৰোধীৰ দুৰ্বল স্থিতিৰ বিপৰীতে শক্তিশালী ৰূপত বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.