ETV Bharat / politics

লোকসভা নিৰ্বাচন : বিৰোধীৰ দুৰ্বল স্থিতিৰ বিপৰীতে শক্তিশালী ৰূপত বিজেপি

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 4:18 PM IST

Lok Sabha Election 2024: বিৰোধী ঐক্যমঞ্চ ঐক্যবদ্ধভাৱে আগুৱাই যোৱাৰ বিপৰীতে লিপ্ত হৈছে আসনকেন্দ্ৰিক সংঘাতত । লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ত অভিযান আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে । বিজেপিয়ে প্ৰতিটো লোকসভা সমষ্টিতে স্থাপন কৰিছে নিৰ্বাচনী কার্যালয় । তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠনৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে আৰ এছ এছো । বিজেপি আৰু আৰ এছ এছে নিৰ্বাচনৰ বাবে টঙালী বন্ধাৰ বিপৰীতে বিৰোধী দলসমূহ এতিয়াও ভালদৰে গাঁৱত প্ৰৱেশেই কৰিবই পৰা নাই ।

Assam Congress
Assam BJP

গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছকে ধৰি ১৫টাকৈ বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে যদিও আসন বুজাবুজিক লৈ এতিয়াও সহমতত উপনীত হ'ব পৰা নাই । বিৰোধী ঐক্যমঞ্চ ঐক্যভাৱে আগুৱাই যোৱাৰ বিপৰীতে আসনকেন্দ্ৰিক সংঘাতত লিপ্ত হোৱাহে পৰিলক্ষিত হৈছে । বিৰোধীৰ এনে স্থিতিৰ বিপৰীতে লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ত অভিযান আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে ।

শাসকীয় দলটোৱে লক্ষ্যৰ ১২খন আসনৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে । ইতিমধ্যে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমলৈ আহি নিবাচনী ৰণশিঙা বজাই যোৱাৰ পাছতে এতিয়া তৃণমূল পর্যায়ত দলৰ ভেটি শক্তিশালী কৰাৰ বাবে নামি পৰিছে বিজেপিৰ নেতা-কর্মীসকল । ইফালে আজি দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীয়ে ৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাত সম্বোধন কৰিব এখন বিশাল জনসভা ।

উক্ত জনসভাতে প্ৰধানমন্ত্ৰীয়ে ১১৫৯৯ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । এক কথাত প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ ৰণশিঙা বজাব । উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে এতিয়াই প্ৰতিটো লোকসভা সমষ্টিতে স্থাপন কৰিছে নিৰ্বাচনী কার্যালয় । ইফালে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে সক্ৰিয় হৈ আৰ এছ এছ গাঁৱে-গাঁৱে সোমাই পৰিছে ।

তৃতীয়বাৰৰ বাবে যাতে কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে তাৰ বাবে বিশেষভাৱে তৎপৰতা আৰম্ভ কৰিছে আৰ এছ এছে । অসমত বাৰখন আসন বিজেপিয়ে দখল কৰাৰ লক্ষ্য আগত ৰাখি কৰ্মক্ষেত্ৰত নামি পৰিছে সংগঠনটো । শেহতীয়াকৈ দুবাৰকৈ অসমলৈ আহি পৰিস্থিতি পর্যবেক্ষণ কৰিছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে । উল্লেখ্য যে অসমত বিজেপি শাসনলৈ অহাৰ ক্ষেত্ৰত আৰ এছ এছৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল ।

ইফালে বিজেপি আৰু আৰ এছ এছে নিৰ্বাচনৰ বাবে টঙালি বন্ধাৰ বিপৰীতে বিৰোধী দলসমূহ এতিয়াও গাঁৱত ভালকৈ প্ৰৱেশেই কৰিবই পৰা নাই । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাকো প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে সেইধৰণে সফল কৰি তোলাত সমৰ্থ হোৱা পৰিলক্ষিত নহ'ল । ইফালে ভোটৰ অংকত পাকৈত বিজেপিয়ে জিলাই জিলাই, মণ্ডলে মণ্ডলে কাৰ্যনিবাহক অনুষ্ঠিত কৰাৰ লগতে প্ৰতিখন জিলাতে মৰ্চাসমূহৰ সভা অনুষ্ঠিত কৰিব । ইয়াৰ পাচত বিধানসভা সমষ্টিসমূহত চাৰি ফেব্ৰুৱাৰীৰ পৰা দহ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বিশেষ কর্মশালা ।

ফেব্ৰুৱাৰী মাহতেই ৰাজ্যখনত তিনি-চাৰিটা লোকসভা সমষ্টিক সামৰি গঠন কৰা ক্লাষ্টাৰসমূহৰ দ্বাৰা বিশাল বিশাল জনসভাৰো আয়োজন কৰা হ'ব । উক্ত জনসভাসমূহত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহিব বিজেপিৰ শীর্ষ নেতৃত্ব । দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে বহুসংখ্যক দলৰ শীর্ষ নেতাই অংশ গ্ৰহণ কৰিব এই জনসভাসমূহত ।

ইতিমধ্যে বিজেপিয়ে ক্লাষ্টাৰ পৰ্যায়ত জনসভা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । প্ৰধানমন্ত্ৰী অহাৰ পাচৰে পৰাই অসমলৈ আগমন ঘটিব ইজনৰ পাছত সিজনকৈ ৰাষ্ট্ৰীয় নেতাৰ । একেদৰে কংগ্ৰেছেও প্ৰিয়ংকা গান্ধী ভদ্ৰাক অসমলৈ আনি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে চিন্তা-চৰ্চা কৰিছে । অৱশ্যে এতিয়াও প্ৰিয়ংকা গান্ধী কেতিয়াকৈ অসমলৈ আহিব সেয়া ঠিক হোৱা নাই ।

প্ৰকৃততে বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত অসমলৈ আহি প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ পক্ষে কিছু বতাহ বোৱাবলৈ সক্ষম হৈছিল । সেয়েহে প্ৰদেশ কংগ্ৰেছে এতিয়াও নিৰ্বাচনৰ আগে আগে প্ৰিয়ংকা গান্ধীক অসমলৈ আনিবলৈ বিচাৰিছে । অৱশ্যে বিভিন্ন আঁচনিৰে শক্তিশালী ভোটবেংক গঢ়ি তোলা বিজেপিক বিৰোধীয়ে ৰুধিবলৈ সক্ষম হ’বনে নাই সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে আজি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্রী মোদী, জাৰি কৰা হৈছে নতুন পথ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.