ETV Bharat / politics

অগপৰ সভাপতি পদত পুনৰ অতুল বৰা; সলনি নহ’ল কেশৱ মহন্তৰ পদবীও

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 7:25 PM IST

AGP New Committee
অসম গণ পৰিষদ

Asom Gana Parishad: অগপৰ পুৰণি সমিতি ভংগ কৰি গঠন কৰা হ’ল ৷ সভাপতি আৰু কাৰ্যকৰী সভাপতি‌ৰ দ্বায়িত্ব পুনৰ দিয়া হ’ল ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তক ৷ দায়িত্ব গ্ৰহণ কৰিয়েই চাৰিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ল’লে অগপই ৷

অসম গণ পৰিষদৰ নতুন সমিতি গঠন

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী : সলনি নহ’ল অসম গণ পৰিষদৰ সভাপতি, কাৰ্যকৰী সভাপতি‌ । অগপৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হ’ল দলটোৰ বৰ্তমানৰ সভাপতি অতুল বৰা । আনহাতে কাৰ্যকৰী সভাপতিৰূপে নিৰ্বাচিত হ’ল কেশৱ মহন্ত । দেওবাৰে মহানগৰীৰ কলাক্ষেত্ৰত আয়োজিত অসম গণ পৰিষদৰ দ্বাদশ কেন্দ্ৰীয় অধিৱেশনত পৰৱৰ্তী তিনি বছৰৰ কাৰ্যকালৰ অসম গণ পৰিষদৰ সভাপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত কৰা হয় অতুল বৰাক । লগতে কাৰ্যকৰী সভাপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত কৰা হয় কেশৱ মহন্তক ।

পোন প্ৰথমবাৰৰ বাবে কোনো হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি নোহোৱাকৈ বিনা প্ৰতিদন্দ্বিতাৰে ঘোষণা কৰা হয় সমিতিখন । সেয়েহে সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিচতে অতুল বৰাই সংবাদ মাধ্যমৰ যোগেৰে দলটোৰ প্ৰতিগৰাকী সদস্যক ধন্যবাদ জনায় ৷ লগতে অতুল বৰাই কয় দলটোৱে পুনৰবাৰ যি দায়িত্ব প্ৰদান কৰিলে তাৰ বাবে দলৰ অগ্ৰজ আৰু অনুজ প্ৰতিগৰাকী সতীৰ্থকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

অসমবাসীৰ আশিস শিৰত লৈ সকলোৰে সহযোগত নতুন প্ৰত্যাশা আৰু প্ৰতিশ্ৰুতিৰে দলটো আগুৱাই নিবলৈ তেওঁলোকে মনোনিৱেশ কৰিব বুলিও মন্তব্য কৰে অতুল বৰাই ৷ দলৰ সভাপতিগৰাকীয়ে কয় যে আগন্তুক দিনত অগপ অপ্ৰতিৰোধ্য গতিৰে ধাৱমান হ’ব বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস ৷

আনহাতে আগন্তুক লোকসভা আৰু পঞ্চায়ত দুটাকৈ নিৰ্বাচন অসম গণ পৰিষদৰ বাবে অগ্নিপৰীক্ষা বুলি মন্তব্য কৰে । এই দুয়োটা নিৰ্বাচনতে দলটোৱে ভাল ফল দেখুৱাবৰ বাবে আজিৰে পৰা এক নতুন উদ্যমেৰে কাম কৰি যাব । আনহাতে আজিৰ সভাতে চাৰিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয় বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে ।

সিদ্ধাসমূহৰ ভিতৰত আগন্তুক বৰ্ষত শক্তি বৃদ্ধিৰ প্ৰস্তাৱ, অগপ দলে বিজেপিৰ মিত্ৰজোঁটত থাকি নিৰ্বাচন খেলাৰ প্ৰস্তাৱ, দলৰ এখন পষেকীয়া বাৰ্তালোচনী উলিওৱা প্ৰস্তাৱ আৰু মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা সামগ্ৰিক বিকাশৰ উন্নতিক ধন্যবাদসূচক এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: যিকোনো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অগপ: অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.