ETV Bharat / politics

দিল্লীতো অকলেই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত আপৰ; কেজৰিৱালৰ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 10:02 PM IST

Lok Sabha Election 2024: পঞ্জাৱৰ পাছত আম আদমী পাৰ্টিয়ে দিল্লীতো অকলেই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে । আজি পঞ্জাৱত এই কথা ঘোষণা কৰে আম আদমি পাৰ্টিৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

Lok Sabha Election 2024
দিল্লীতো অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব আপে

নিউজ ডেস্ক, 11 ফেব্ৰুৱাৰী: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বটোৱাৰা সন্দৰ্ভত বিৰোধী মিত্ৰজোঁটত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই ৷ যাৰ বাবে আম আদমী পাৰ্টিৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পঞ্জাৱৰ পিছত দিল্লীৰ লোকসভাৰ সাতখন আসনতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে ৷ দেওবাৰে পঞ্জাৱত এখন ৰাজহুৱা সভাত ভাষণ দি এই মন্তব্য কৰে কেজৰিৱালে ৷

মুখ্যমন্ত্ৰী কেজৰিৱালে পঞ্জাৱবাসীৰ আগত কয় যে দিল্লীৰ ৰাইজে সাতখন আসন আম আদমী পাৰ্টিক দিয়াৰ সিদ্ধান্ত লৈছে ৷ ইয়াৰ পূৰ্বে শনিবাৰে কেজৰিৱালে পঞ্জাৱৰ 13 খন আসন আৰু চণ্ডীগড় লোকসভা আসনত জয়ী হ’ব বুলি মন্তব্য কৰিছিল ৷ ইফালে আম আদমী পাৰ্টিয়ে গুজৰাটৰ ভাৰুচ আৰু অসমৰ তিনিখন লোকসভা আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে ৷ গোৱা, গুজৰাট আৰু হাৰিয়ানাৰ প্ৰাৰ্থীৰ সিদ্ধান্তৰ বাবে 13 ফেব্ৰুৱাৰী মঙলবাৰে ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক আহ্বান কৰিছে দলটোৱে ৷

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে আম আদমী পাৰ্টি আৰু কংগ্ৰেছে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিক পৰাস্ত কৰিবলৈ সাজু হৈছে ৷ অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই ৷ ইফালে আম আদমি পাৰ্টিৰ মুৰব্বী কেজৰিৱালে পঞ্জাৱ আৰু দিল্লীৰ আসনত একক প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি প্ৰকাশ কৰিছে ৷ আসন ভাগ বটোৱাৰাৰ বিষয়টোক লৈ আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ মাজত যি ধৰণৰ মতানৈক্যৰ বিষয়ে চৰ্চা হৈছে সেয়া নতুন কথা নহয় ৷ কাৰণ বিগত বছৰবোৰত দিল্লীৰ পৰা আৰম্ভ কৰি দেশৰ লগত জৰিত বিষয়বোৰত দুয়োটা ৰাজনৈতিক দলৰ মতামত বেলেগ বেলেগ ৷

আনহাতে ৰাষ্ট্ৰীয় দল হিচাবে স্বীকৃতি লাভ কৰাৰ পাছত আম আদমী পাৰ্টিয়ে নিজৰ ৰাষ্ট্ৰীয় সম্প্ৰসাৰণৰ সম্ভাৱনীয়তাৰ সন্ধান কৰি আছে ৷ দিল্লীতো আম আদমী পাৰ্টিয়ে লোকসভা নিৰ্বাচনত জয়লাভ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে ৷ 2014 আৰু 2019 ৰ লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে আসন লাভ কৰিব পৰা নাছিল ৷

দুয়োবাৰেই দিল্লীৰ লোকসভাৰ সাতখন আসনৰ আটাইকেইখন বিজেপিয়ে দখল কৰিছিল ৷ আনকি 7 খন আসনৰ ভিতৰত 5 খন আসনত আম আদমী পাৰ্টিয়ে তৃতীয় স্থান দখল কৰি মাত্ৰ 18.2 শতাংশ ভোটহে লাভ কৰিছিল ৷ আনহাতে কংগ্ৰেছে 22.6 শতাংশ ভোট আৰু বিজেপিয়ে সাতখন আসনত একেলগে 56.9 শতাংশ ভোট লাভ কৰিছিল ৷

লগতে পঢ়ক : কৈ দিলে কেজৰিৱালে : পঞ্জাৱত এখনো আসন কাকো এৰি নিদিয়ে আপ-এ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.