ETV Bharat / bharat

কৈ দিলে কেজৰিৱালে : পঞ্জাৱত এখনো আসন কাকো এৰি নিদিয়ে আপ-এ

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 5:59 PM IST

Updated : Feb 10, 2024, 7:55 PM IST

Lok Sabha Election 2024 : আম আদমী পাৰ্টীয়ে I.N.D.I মিত্ৰজোঁটৰ পৰা বিচ্ছিন্ন হৈ পঞ্জাৱত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা স্পষ্ট কৰি দিছে ৷

Lok Sabha Election 2024
I.N.D.I মিত্ৰজোঁটৰ পৰা বিচ্ছিন্ন হৈ পঞ্জাৱত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপে

নেশ্যনেল ডেস্ক, ১০ ফেব্ৰুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী দল I.N.D.I. মিত্ৰজোঁটৰ অংশ হিচাপে থকা আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে স্পষ্ট কৰি দিছে যে তেওঁ অকলেই পঞ্জাৱত নিৰ্বাচনত অৱতীৰ্ণ হ’ব । যোৱা এমাহৰ ভিতৰত আম আদমী পাৰ্টীৰ নেতাসকলে আসন ভাগ বটোৱাৰা সন্দৰ্ভত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈছে । মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু ৰাহুল গান্ধীও এখন বৈঠকত মিলিত হৈছিল ।

শনিবাৰে পঞ্জাৱৰ খান্নাত আয়োজিত এক কাৰ্যসূচীত অংশ লৈ আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে স্পষ্টভাৱে কয় যে আম আদমী পাৰ্টীয়ে পঞ্জাৱৰ ১৩ খন লোকসভা আসন আৰু চণ্ডীগড়ৰ এখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম উল্লেখ কৰিব ৷ অৰ্থাৎ পৰৱৰ্তী মুঠ ১৪ খন লোকসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ১০ ৰ পৰা ১৫ দিন ভিতৰত । লগতে তেওঁ পঞ্জাৱৰ জনসাধাৰণৰ পৰা আগৰ দৰে মৰম বিচাৰি আম আদমী পাৰ্টীক ভোট দিবলৈও আহ্বান জনায় ৷

ইয়াৰ পূৰ্বেও আম আদমী পাৰ্টীয়ে পঞ্জাৱত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ইংগিত দিছিল । পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে বহুবাৰ কংগ্ৰেছৰ সৈতে কোনো মিত্ৰতা নোহোৱাকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি উল্লেখ কৰিছে । দিল্লীত কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ নেতাৰ মাজত যেতিয়া আসন ভাগ বটোৱাৰা সন্দৰ্ভত বৈঠক অনুষ্ঠিত হৈছিল, তেতিয়া ভাগৱত মানে দূৰত্ব বজাই ৰাখিছিল । এতিয়া যিদৰে কেজৰিৱালে পঞ্জাৱৰ সকলো আসনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে ।

আনহাতে, দিল্লীতো আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন ভাগ বটোৱাৰা সন্দৰ্ভত একো সিদ্ধান্ত লোৱা হোৱা নাই । ১৩ তাৰিখে আম আদমী পাৰ্টীয়ে ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকৰো আহ্বান জনাইছে, য’ত গুজৰাট, গোৱা আৰু হাৰিয়ানাৰ আসনত লোকসভা নিৰ্বাচনৰ কৌশল নিৰ্ধাৰণ কৰা হ’ব ।

লগতে পঢ়ক : লুৰীণজ্যোতি গগৈ হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী !

Last Updated : Feb 10, 2024, 7:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.