ETV Bharat / politics

প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সৃষ্টি হৈছে নেকি অৰুণাচলৰ ৰাজনীতিত ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 9:27 PM IST

Lok Sabha Election 2024
Arunachal Pradesh Election

Arunachal Pradesh Election: অৰুণাচলত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলিছে গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী টাকো শ্বীতলে । ৰাজ্যখনত বিভিন্ন দিশত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে জনসাধাৰণে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য শ্বীতলৰ ।

তেজপুৰ, ২২ এপ্ৰিল: "অৰুণাচল প্ৰদেশৰ লোকসভা নিৰ্বাচনত প্ৰতিষ্ঠানবিৰোধী ঢৌৱে শাসকীয় দলক শলঠেকত পেলাইছে । ৰাজ্যখনত বিভিন্ন দিশত হোৱা দুৰ্নীতিৰ বাবে জনসাধাৰণে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে ।" এই মন্তব্য আমাৰ নহয়, পশ্চিম অৰুণাচল প্ৰদেশৰ সংসদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী তথা লোকসভা নিৰ্বাচনৰ একমাত্ৰ মহিলা প্ৰাৰ্থী টাকো শ্বীতলে ই টিভি ভাৰতৰ লগত হোৱা এক টেলিফোনিক বাৰ্তাত এই মন্তব্য কৰিছে ।

তেওঁ কয় যে ৰাজ্যখনৰ বিভিন্ন সমস্যা বিশেষকৈ স্পৰ্শকাতৰ আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যা আৰু চুবুৰীয়া ৰাজ্যৰ লগত থকা আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধানক এই লোকসভা নিৰ্বাচনৰ প্ৰধান ইছ্যু হিচাবে লৈ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ৰাইজৰ ৮০% সমৰ্থন তথা সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । অৰুণাচল প্ৰদেশৰ মুঠ ৮,৯২,৬৯৪ জন ভোটাৰে এইবাৰ বিধানসভা নিৰ্বাচনত ১৩৩ জন প্ৰাৰ্থী আৰু ১৪ জন লোকসভাৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । ৰাজ্যখনত ইতিমধ্যে ৬০ জনীয়া বিধানসভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে (১০) দহখন আসন লাভ কৰিছে শাসকীয় বিজেপিয়ে ।

অৰুণাচল পশ্চিম সংসদীয় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু ৰাজ্যিক কংগ্ৰেছৰ সভাপতি নাবাম টুকীকে ধৰি ৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱৰ্তীন হৈছিল । অৰুণাচল পশ্চিমৰ মুঠ ৮ জন প্ৰাৰ্থীৰ লগতে ৫ জন নিৰ্দলীয় প্ৰাৰ্থী থকাৰ বিপৰীতে অৰুণাচল ইষ্টৰ ৬ জন প্ৰাৰ্থীৰ ভিতৰত তিনিজন নিৰ্দলীয় প্ৰাৰ্থী আছে । অৰুণাচল পশ্চিম অৰুণাচল প্ৰদেশ ৰাজ্যৰ ৩৩টা বিধানসভা খণ্ডৰে গঠিত এটা সংসদীয় সমষ্টি ৷ ১৯ ​​এপ্ৰিলত ভোটগ্ৰহণ সমাপ্ত হোৱা অৰুণাচল পশ্চিমত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভাগ্য ভোটাৰে বন্দী কৰিলে ই ভি এমত আৰু ৪ জুনত ভোটগণনা হ’ব ।

পূৰ্বৰ নিৰ্বাচনী তথ্যৰ উৎস অনুসৰি ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত বিজেপিৰ পৰা কিৰেন ৰিজিজুৱে ৪৮.৮% ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৷ কিৰেন ৰিজিজুৱে কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকীক পৰাস্ত কৰে ৷ বিজেপিয়ে ৬৩.০২% আৰু কংগ্ৰেছে ১৪.২২% ভোট লাভ কৰিছিল । ২০১৪ চনত বিজেপিৰ পৰা কিৰেন ৰিজিজুৱে নিৰ্বাচনত জয়লাভ কৰে । আনহাতে ২০০৯ চনত, অৰুণাচল পশ্চিম সমষ্টিত কংগ্ৰেছৰ পৰা তাকাম সঞ্জয় নিৰ্বাচিত হৈছিল । ২০১৯ , ২০১৪ আৰু ২০০৯ চনত ভোটাৰৰ ভোটদানৰ হাৰ ক্ৰমে ৭৮.৫% , ৭৫.১৫ % আৰু ৬৫.৯৩% আছিল ।

আনহাতে অৰুণাচল ইষ্ট সংসদীয় সমষ্টিটো ৰাজ্যখনৰ ২৭টা বিধানসভা সমষ্টিৰে গঠিত এটা সংসদীয় সমষ্টি ৷ ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত বিজেপিৰ পৰা টাপিৰ গাৱে ২৩.৮১% জয়ৰ ব্যৱধানত জয়লাভ কৰিছিল ৷ টাপিৰ গাৱে তেওঁৰ কংগ্ৰেছৰ প্ৰতিদ্বন্দী লোৱাংচা ৱাংগলাটক পৰাস্ত কৰি নিৰ্বাচিত হৈছিল ৷ বিজেপি আৰু কংগ্ৰেছে ক্ৰমে ৫২.৩৮% আৰু ২৮.৫৭% ভোট লাভ কৰিছিল । কিন্তু ২০০৯ আৰু ২০১৪ চনত কংগ্ৰেছৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে নিৰ্বাচনত জয়ী হৈছিল ।

ৰাজ্যখনত নিৰ্বাচনত জাতিগত বিভাজন এক মনকৰিবলগীয়া বিষয় । বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু ৰাজ্যখনৰ পশ্চিম সংসদীয় সমষ্টিৰ মনপা, শ্বেৰডুকপেন, বৌদ্ধ ধৰ্মালম্বী গোটৰ লোকসকলক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁ নিজে এগৰাকী মিজি বা সাজোলাং সম্প্ৰদায়ৰ লোক । আনহাতে গণ সুৰক্ষা পাৰ্টিৰ টকো শ্বীতল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকী ৰাজ্যখনৰ বৃহৎ জনগোষ্ঠীৰ নিছি, গালো, আপাটানি, আৰু টাগিন সম্প্ৰদায়ক সামৰি লোৱা আবুটানি সাম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে ।

পূব অৰুণাচল প্ৰদেশৰ সংসদীয় সমষ্টিৰ সাংসদ তথা এইবাৰৰ প্ৰাৰ্থী টাপিৰ গাৱে ই টিভি ভাৰতক জনায় যে পশ্চিম লোকসভাৰ ২৭ টা বিধানসভা সমষ্টিত মাত্র মুষ্টিমেয় কেইটামানত কংগ্ৰেছৰ কিছু পৰিমাণে প্ৰাধান্য আৰু বিধায়ক আছে বাকী সকলোতে বিজেপিৰ দখলত আছে । তেওঁ নিশ্চিত যে বৃহৎ সংখ্যক ভোট লাভ নকৰিলেও বিজেপিৰ জয় নিশ্চিত।

গাৱে লগতে কয় যে পশ্চিম অৰুণাচল সংসদীয় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু অপ্ৰতিৰোধ্য হৈ আছে । উল্লেখযোগ্য যে পূব অৰুণাচল সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বশিৰাম চিৰাম এজন প্ৰাক্তন অৰুণাচল প্ৰদেশৰ নাবাম টুকীৰ কেবিনেটৰ শিক্ষা মন্ত্ৰী আছিল । ৰাজ্যখনৰ নিৰ্বাচনত সম্প্ৰদায়ৰ বিভাজন এক বিশেষ ভূমিকা পালন কৰে । কিন্তু এই বিভাজনৰ ৰাজনীতিয়ে শাসকীয় দলক শলঠেকত পেলাব নেকি সেয়া ৪ জুনত নিশ্চিত হ'ব ।

লগতে পঢ়ক: নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন কংগ্ৰেছৰ, পোষ্টেল‌ বেলটত ৰিগিঙৰ অভিযোগ সুপ্ৰিয়া শ্ৰীনাটেৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.