ETV Bharat / politics

কংগ্ৰেছে অসমৰ জনসাধাৰণৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰে : অপূৰ্ব ভট্টাচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 7:40 PM IST

Apurba Bhattacharjee Joins AGP : কংগ্ৰেছ ত্যাগ কৰি সোমবাৰে অসম গণ পৰিষদ দলত যোগদান অপূৰ্ব ভট্টাচাৰ্যৰ ৷ অগপত যোগদান কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে অপূৰ্ব ভট্টাচাৰ্য ৷

Apurba Bhattacharjee Joins AGP
কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাত মুখৰ অপূৰ্ব ভট্টাচাৰ্য
অগপত যোগদান অপূৰ্ব ভট্টাচাৰ্যৰ

গুৱাহাটী,29 জানুৱাৰী : "11 বছৰ কাল বনবাস শেষ কৰি আজি স্ব-ৰাজ্যলৈ উভতি আহিছো ৷ দেশৰ-ৰাজ্যৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত জনসাধাৰণে যিটো বিচাৰিছে, সেই পথেৰেই বাট বুলিব লাগিব ৷ কংগ্ৰেছ দলে নিজৰ মাজত থকা খোৱা-কামোৰাখিনিকেই চম্ভালিব পৰা নাই, সাধাৰণ কৰ্মীক কি ন্যায় দিব ৷" এই মন্তব্য সদ্য কংগ্ৰেছ ত্যাগী নেতা অপূৰ্ব ভট্টাচাৰ্যৰ ৷ কংগ্ৰেছ ত্যাগ কৰি সোমবাৰে পুনৰ অসম গণ পৰিষদ দলত যোগদান কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভট্টাচাৰ্যই ৷

উল্লেখ্য যে, সোমবাৰে মহানগৰীৰ আমবাৰীৰ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক যোগদান সভা ৷ এই অনুষ্ঠানতে কংগ্ৰেছ এৰি পুনৰ অসম গণ পৰিষদ দলত যোগদান কৰে অপূৰ্ব ভট্টাচাৰ্যই ৷ দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত অপূৰ্ব ভট্টাচাৰ্যসহ অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছৰ 9 গৰাকী নেতাই অগপত আনুষ্ঠানিকভাৱে যোগ দিয়ে ৷

অগপত যোগদান কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে কয়- "11 বছৰ কাল বনবাস শেষ কৰি আজি স্ব-ৰাজ্যলৈ উভতি আহিছো ৷ 2013 চনতে অভিমান কৰি ঘৰখনৰ পৰা ওলাই গৈছিলো যদিও মোৰ কাৰো প্ৰতি বিদ্বেষ নাছিল ৷ দেশৰ আৰু ৰাজ্যৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত জনসাধাৰণে যিটো বিচাৰিছে, সেই পথেৰেই বাট বুলিব লাগিব ৷ আহ্বান বহু দিন পূৰ্বেই আহিছিল ৷ কিন্তু মই সিদ্ধান্ত লোৱাত দেৰি কৰিলো ৷"

ইফালে অগপত যোগদান কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে অপূৰ্ব ভট্টাচাৰ্য ৷ কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে, কংগ্ৰেছে নিজৰ মাজত হোৱা খোৱা-কামোৰাখিনিয়েই চম্ভালিব পৰা নাই ৷ সাধাৰণ দলীয় কৰ্মীক কি ন্যায় দিব ৷ কংগ্ৰেছে যি ধৰণে জাতীয় বিষয়বোৰত গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেই ধৰণে গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল বুলিও মন্তব্য কৰে ভট্টাচাৰ্যই ৷ লগতে সদ্য কংগ্ৰেছ ত্যাগী নেতাজনে কয়- "সততে হাইকমাণ্ডকেন্দ্ৰিক, হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰশীল হৈ থকা কংগ্ৰেছ দলে অসমৰ জনসাধাৰণৰ স্বাভিমান ৰক্ষা কৰিব নোৱাৰে ৷"

উল্লেখ্য যে আজি কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য,তৃণমূল কংগ্ৰেছৰ নগাঁও জিলাৰ প্ৰাক্তন সভাপতি মিহিৰ পাল, অসম জাতীয় পৰিষদৰ পৱন শইকীয়া, অজিত গগৈ, অসীম শইকীয়া, ৰাতুল সন্দিকৈ, গৌতম বৰুৱা, মুকেশ লয়িং আৰু বিকাশ বৰাই অগপত যোগদান কৰে ৷

লগতে পঢ়ক : পোন্ধৰ বছৰীয়া অপশাসনৰ বাবেই এটা নিৰ্বাচনতো জয়ী হ'ব নোৱাৰে কংগ্ৰেছ: পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.