দেওবাৰে যোৰহাট থানাত হাজিৰ হ'ব প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী
Rana Goswami : কাইলৈ যোৰহাট আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰীৰ সভাপতি ৰাণা গোস্বামী ৷ শনিবাৰে পুৱা 10 বজাত যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়াৰ ওচৰত হাজিৰ হয় ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ দায়িত্ববাহী বিষয়া কে.বি বাইজু ৷

Published : February 10, 2024 at 8:06 PM IST
যোৰহাট, 10 ফেব্ৰুৱাৰী : দেওবাৰে যোৰহাট আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰীৰ সভাপতি ৰাণা গোস্বামী ৷ এই কথা জানিবলৈ দিছে যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে ৷ যোৰহাটত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ আৰক্ষীয়ে ৰুজু কৰা এক গোচৰ সন্দৰ্ভত তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’ব প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গৰাকী ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাই আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰা বুলি যোৰহাট আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ দায়িত্ববাহী বিষয়া কে.বি বাইজুৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল ৷
- " class="align-text-top noRightClick twitterSection" data="">
আৰক্ষীৰ গোচৰৰ ভিত্তিত ইয়াৰ পূৰ্বে যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়াৰ ওচৰত 31 জানুবাৰীত হাজিৰ হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা ৷ আজি অৰ্থাৎ শনিবাৰে পুৱা 10 বজাত যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়া ওচৰত হাজিৰ হ’ল ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ দায়িত্ববাহী বিষয়া বাইজু ৷ কেইবাঘন্টা ধৰি আৰক্ষীয়ে তেওঁৰ ভাষ্য লিপিবদ্ধ কৰাৰ লগতে ন্যায় যাত্ৰাৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত তেওঁক সোধ-পোছ কৰে তদন্তকাৰী বিষয়াই ৷ সোধা-পোছাৰ অন্তত তেওঁক যোৰহাট আৰক্ষী থানাৰ পৰা বিয়লি 2 বজাত যাবলৈ দিয়া হয় ৷
ইফালে তদন্তৰ খাতিৰত আৰক্ষীয়ে মাতিলেই পুনৰ কে.বি বাইজু হাজিৰ হ'ব লাগিব বুলি এক সংবাদমেল যোগে মন্তব্য কৰে যোৰহাট আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে ৷ আনহাতে উপ আৰক্ষী অধীক্ষক গৰাকীয়ে পুনৰ কয় যে, ন্যায় যাত্ৰাৰ সময়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা সন্দৰ্ভত আৰু কেইবাজনো লোকক সোধা-পোছাৰ বাবে মতা হ'ব পাৰে ৷
লগতে পঢ়ক : যোৰহাট থানাত হাজিৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিষয়া কেবি বাইজু

