যোৰহাট থানাত হাজিৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিষয়া কেবি বাইজু
KB Byju: শনিবাৰে যোৰহাট সদৰ থানাত হাজিৰ হ’ল ‘টীম ৰাহুল’ৰ অন্যতম সদস্য কেবি বাইজু ৷ ভাৰত জোড়ো ন্য়ায় যাত্ৰাত পথ নিৰ্দেশনা অৱমাননা কৰাৰ অভিযোগত ৰুজু হৈছিল গোচৰ ৷

Published : February 10, 2024 at 6:08 PM IST
|Updated : February 10, 2024 at 7:54 PM IST
যোৰহাট, 10 ফেব্ৰুৱাৰী: যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়াৰ ওচৰত উপস্থিত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত থকা বিষয়া কেবি বাইজু । দায়িত্ববাহী বিষয়া বাইজুৰ বিৰুদ্ধে আৰক্ষীয়ে ৰজু কৰিছিল গোচৰ ।
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা কাৰ্যসূচীত সৃষ্টি হোৱা আইন-শৃংখলাজনিত পৰিস্থিতি আৰু ব্যক্তিগত সম্পদ অনিষ্ট কৰাৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে কে বি বাইজু নামৰ বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ ।
- " class="align-text-top noRightClick twitterSection" data="">
উক্ত গোচৰৰ ভিত্তিতে আজি কে বি বাইজু নামৰ বিষয়াগৰাকী যোৰহাট সদৰ আৰক্ষী থানাত উপস্থিত হয় আৰু তদন্তকাৰী বিষয়াৰ ওচৰত নিজৰ ভাষ্য আগবঢ়ায় ৷ ভাষ্য প্ৰদানৰ পিচত কে বি বাইজুক আৰক্ষী ওচৰত হাজিৰ কৰোৱা হয় আৰু তেওঁক যাবলৈ দিয়া হয় ।
অতি গোপনে কে বি বাইজু নামৰ বিষয়াগৰাকীয়ে যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়াৰ ওচৰত উপস্থিত হয় । বাইজু পুনৰ আৰক্ষীৰ ওচৰত কেতিয়া উপস্থিত হ’ব লাগিব সেয়া জানিব পৰা হোৱা নাই ।
উল্লেখ্য যে ৰাহুল গান্ধীয়ে যোৰহাটত কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সমস্ত দায়িত্ব আছিল কে বি বাইজু নামৰ বিষয়াগৰাকীৰ । বিষয়াগৰাকীয়ে চৰকাৰী নীতি উলংঘন কৰাৰ লগতে বিশৃংখল পৰিস্থিতিৰ বাবে ন্যায় যাত্ৰাৰ যাত্ৰীসকলক উচটনি দিয়া বুলি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছিল ।
ভাৰত জোড়ো ন্যায় যাত্ৰাত যোৰহাট আৰক্ষীয়ে নিৰ্ধাৰণ কৰি দিয়া পথেদি প্ৰৱেশ নকৰি অন্য পথৰে ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰৱেশ কৰি সৃষ্টি কৰা বিশৃংখল পৰিৱেশ আৰু ব্যক্তিগত সম্পত্তি ক্ষতি সাধাৰণ কৰাৰ অপৰাধত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধেও জামিনবিহীন গোচৰ ৰজু কৰা হৈছিল যোৰহাট সদৰ থানাত ৷ সেই অনুসৰি ৩১ জানুৱাৰীত যোৰহাট থানাত উপস্থিত হৈছিল ভূপেন বৰা । পুনৰ ১২ ফেব্ৰুৱাৰীত ভূপেন বৰা উপস্থিত হ’ব লাগিব যোৰহাট থানাত ।
ইয়াৰোপৰি এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল আৰু অসুস্থতাৰ বাবে এই পৰ্যন্ত ৰাণা গোস্বামী যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়া ওচৰত উপস্থিত হোৱা নাই ।
লগতে পঢ়ক: লুৰীণজ্যোতি গগৈ হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী !

