দলীয় সমৰ্থকক লগত লৈ যোৰহাট সদৰ থানাত হাজিৰ ৰাণা গোস্বামী
Bharat jodo nyay yatra in assam: নিৰ্ধাৰিত সময় মতে যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়াৰ ওচৰত হাজিৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ৷ দেওবাৰে দলীয় সমৰ্থকক লগত লৈ যোৰহাট থানাত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকী ।

Published : February 11, 2024 at 1:31 PM IST
|Updated : February 11, 2024 at 2:25 PM IST
যোৰহাট, 11 ফেব্ৰুৱাৰী: দেওবাৰে যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়াৰ ওচৰত হাজিৰ হ’ল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী । 18 জানুৱাৰীত যোৰহাটৰ মাজেৰে ভাৰত জোড়ো ন্যায় যাত্ৰা যোৱাৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি আৰু আইন অমান্য কৰা সদৃশ পৰিস্থিতি উদ্ভৱ হোৱা বুলি অভিযোগ উঠিছিল আৰু যোৰহাট সদৰ আৰক্ষীয়ে ৰাণা গোস্বামীৰ বিৰুদ্ধে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল । এই গোচৰৰ ভিত্তিতে দেওবাৰে দলীয় সমৰ্থকক লগত লৈ যোৰহাট থানাত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকী ।
তাৎপৰ্যপূৰ্ণ বিষয় যে, স্বাস্থ্যজনিত সমস্যাৰ বাবে আৰক্ষীয়ে বান্ধি দিয়া সময়ত গোস্বামী উপস্থিত হ'ব পৰা নাছিল ৷ সেয়েহে যোৰহাট আৰক্ষীৰ পৰা অতিৰিক্ত দহ দিনৰ সময় বিচাৰিছিল । উল্লেখ কৰা প্ৰয়োজন যে, ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰাৰ পাচত ৰাজ্যত অপ্ৰীতিকৰ পৰিস্থিতি আৰু আইন অমান্য কৰাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ দায়িত্ববাহী বিষয়া কে বি বাইজুৰ বিৰুদ্ধেও আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল ৷
দুয়োজনলৈ প্ৰেৰণ কৰা হৈছিল জাননী ৷ এই জাননী আৰু গোচৰৰ ভিত্তিত 31 জানুৱাৰীত যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়াৰ ওচৰত হাজিৰ হৈ নিজৰ ভাষ্য প্ৰদান কৰিছিল সভাপতি ভূপেন বৰাই ৷ শনিবাৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ দায়িত্ববাহী বিষয়া কে বি বাইজু যোৰহাট সদৰ থানা তদন্তকাৰীৰ বিষয়াৰ ওচৰত হাজিৰ হৈছিল ।
পুনৰ 12 ফেব্ৰুৱাৰীত যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়াৰ ওচৰত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ।

