ETV Bharat / politics

মহিলাৰীয়ে নক’লেও প্ৰদেশ কংগ্ৰেছে ক’লে: বিপিএফৰে মিত্ৰতাৰ বাবে হৈছে আলোচনা

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 5:34 PM IST

Oppositions Unity Assam: হাগ্ৰামা মহিলাৰীয়ে যিয়েই নকওক, কংগ্ৰেছে যেন বিচাৰিছে বিপিএফৰে বন্ধুত্ব ৷ মঙলবাৰে ৰিহন দৈমাৰীৰে ভূপেন বৰাৰ চাহমেলত যে মিত্ৰতাৰ কথাই আলোচনা হৈছিল সেই কথা স্বীকাৰ কৰিছে প্ৰদেশ কংগ্ৰেছে ৷

Congress BPF Alliance
বিপিএফৰে মিত্ৰতাৰ প্ৰসংগত জাকিৰ হুছেইনৰ শিকদাৰ

বিপিএফৰে মিত্ৰতাৰ প্ৰসংগত জাকিৰ হুছেইনৰ শিকদাৰ

গুৱাহাটী,6 মাৰ্চ : হঠাৎ যেন অসমৰ ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ ‘ফেক্টৰ’ হৈ পৰিল বিপিএফ ৷ বিৰোধী দল বুলিয়েই নহয়, বিজেপিৰ বাবেও যেন প্ৰয়োজনীয় হৈ পৰিল ৰণনীতিত পাকৈত হাগ্ৰামা মহিলাৰী ৷ নিৰ্বাচনৰ দিন চমু চপাৰ লগেলগে অধিক জটিল হৈ পৰিছে তলে পুতল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে কিদৰে চলাই আছে লোকসভাৰ প্ৰস্তুতি ৷

তাৰ মাজতে কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক সকলোৰে যেন বিপিএফৰ প্ৰতি এক দৰদ জন্মিছে ৷ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বিপিএফে বিচাৰিলে বিজেপিৰ প্ৰতি সমৰ্থন জনাব পাৰে ৷ অৰ্থাৎ বিজেপিয়েও উপেক্ষা কৰিব পৰা নাই হাগ্ৰামা মহিলাৰীৰ শক্তিক ৷

বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিচতে কংগ্ৰেছ দলে তালিকা প্ৰকাশৰ বাবে যথেষ্ট গুণাগথা কৰিবলগীয়া হৈছে ৷ বিৰোধী ঐক্যমঞ্চৰ বাহিৰত থকা দলৰ লগতো মঙলবাৰে আলোচনাত বহিল প্ৰদেশ কংগ্ৰেছ ৷ মঙলবাৰে গুৱাহাটীৰ এখন হোটেলত বিপিএফ নেতা ৰিহন দৈমাৰীৰ সৈতে আলোচনাত বহিল প্ৰদেশ কংগ্ৰেছৰ খোদ সভাপতি ৷

সভাপতি ভূপেন বৰাৰ সৈতে বিপিএফ নেতা আলোচনাত বহাৰ পিচত ৰাজনৈতিক মহলত বিষয়টোৱে সৰৱ চৰ্চা লাভ কৰিছে ৷ কিয়নো যিটো সময়ত কংগ্ৰেছ আৰু বিপিএফে চাহমেল পাতিলে, সেই সময়তো বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এখন সভাত ক’লে যে কাৰোৰে লগত তেওঁলোকে মিত্ৰতা নকৰে ৷ অকলেই অৱতীৰ্ণ হ’ব লোকসভা নিৰ্বাচনত ৷ কিন্তু বিপিএফ নেতাগৰাকী যে নিৰ্বাচনকেন্দ্ৰিক বিষয়তে ভূপেন বৰাৰ লগতে মিলিত হ’ল সেই কথা স্বীকাৰ কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইনৰ শিকদাৰে ৷

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে কোনো দুটা ৰাজনৈতিক দলে চাহ খাবলৈ এনেই নবহে ৷ মিত্ৰতা হোৱাৰ কাৰণেহে চাহ খায় ৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত জাকিৰ হুছেইনৰ শিকদাৰে কয় যে BPF ৰ লগত কংগ্ৰেছৰ কথা চলি আছে । আলোচনা চলি আছে ৷ অৱশ্যে কংগ্ৰেছৰ তিনিটা চৰ্ত মানিলেহে হ’ব মিত্ৰতা । মিত্ৰতা হ'বলৈ প্ৰথম চৰ্ত হ’ল বিজেপিৰ বিৰুদ্ধে মুকলি বিৰোধিতা কৰিব লাগিব ৷ মিত্ৰতাৰ দ্বিতীয় চৰ্ত হ’ল ধৰ্ম নিৰপেক্ষ চৰিত্ৰ থাকিব লাগিব ৷

মিত্ৰতাৰ তৃতীয় চৰ্ত হৈছে দেশ আৰু ৰাইজৰ হকে কাম কৰিব লাগিব৷ মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ দিনটোলৈকে কংগ্ৰেছ আশাবাদী যে বিৰোধীয়ে একেলগে নিৰ্বাচন খেলিব । জাকিৰ হুছেইনৰ শিকদাৰে কয় যে তেওঁলোক আশাবাদী যে ৰাইজে বিচৰাধৰণে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব । ইফালে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা AGP, AIUDF ৰ প্ৰকাশ পোৱাৰ পিচতহে কংগ্ৰেছে প্ৰকাশ কৰিব বুলিও সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: কাক প্ৰদান কৰা হ’ব নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব; স্পষ্ট ইংগিত দিলে বিৰোধী ঐক্যৰ অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.