ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাই তিনি বছৰত অসমক ধৰুৱা কৰিলে : ভূপেন বৰা - 3 Years Of CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 9:49 PM IST

Bhupen Borah: হিমন্ত বিশ্ব শৰ্মাই তিনি বছৰত অসমক ধৰুৱা কৰিলে বুলি মন্তব্য ভূপেন বৰাৰ ৷ মুখ্যমন্ত্ৰীৰ বেয়া ব্যৱহাৰৰ বাবেই প্ৰশাসনিক-আৰক্ষী বিষয়াই অসম এৰাৰো অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷

Bhupen Borah
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

মিৰ্জা, 10 মে’: দিল্লীৰ পৰা উভতি আহি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৰঝাৰ বিমান বন্দৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তিনিবছৰীয়া কাৰ্যকাল সন্দৰ্ভত আগবঢ়ালে মন্তব্য ৷ তৰুণ গগৈয়ে ধাৰ ল’লে সমালোচনা কৰা হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ তিনি বছৰীয়া চৰকাৰে ডেৰ লাখ কোটি টকা লৈ অসমক ধৰুৱা কৰিলে বুলি মন্তব্য ভূপেন বৰাই ।

মুখ্যমন্ত্ৰীৰ প্ৰশাসনিক ব্যৰ্থতা আৰু বেয়া ব্যৱহাৰৰ বাবেই বহু ভাৰতীয় প্ৰশাসনিক-আৰক্ষী বিষয়াই অসম এৰি যাবলৈ বাধ্য হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে বহু বিষয়া যাবলৈও সাজু হৈছে বুলি ভূপেন বৰাই মন্তব্য কৰে ৷ আনহাতে বিজেপি চৰকাৰে জধে-মধে সুৰাৰ বিপণি খুলি উপাৰ্জনৰ পথ মুকলি কৰিছে, অথচ এফালৰ পৰা চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি আহিছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

এতিয়া অতি ৰুচিহীন, সস্তীয়া, সামাজিক মূল্যবোধবিহীন ৰাজনীতি কৰাৰ অভিযোগ তুলি এয়া দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে ভূপেন বৰাই ৷ কংগ্ৰেছ দলে বিজেপিৰ পৰা চাৰ্টিফিকেট লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই বুলি মন্তব্য কৰি বৰাই কয়, ‘‘লোকসভা নিৰ্বাচনত ৰাইজে যি দিছে সেয়া আমি নিৰ্মালি বুলি শিৰত ল’ম ৷

আনহাতে বদৰুদ্দিন আজমলে পৰাজয়ৰ গ্লানিৰে সময় পাৰ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে আজমলে জিৰণি লোৱা প্ৰয়োজন হৈছে । আনহাতে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিয়ালৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভূপেন বৰাই ৷ তেওঁ কয় যে, ন্যায়ালয়ে গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে ।

দিল্লীৰ লোকসভা নিৰ্বাচন প্ৰসংগত কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে সাতখন আসনত জয়ী হ’ব বুলি মন্তব্য কৰে ভূপেন বৰাই ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তিনি বছৰ : সাধাৰণ জনতাই কি পালে, কি নাপালে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.