ETV Bharat / politics

ৰাজ্যত বিৰোধী ঐক্যমঞ্চৰ সম্ভাব্য প্ৰাৰ্থী তালিকা ! কোন সমষ্টিত কাক দিব প্ৰাৰ্থিত্ব ?

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 6:11 PM IST

Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনত অসমত কংগ্ৰছ আৰু সহযোগী দলসমূহে কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব তাকে লৈ ব্যাপক চৰ্চা চলিছে ৷ ইয়াৰ মাজতে এখন তালিকা বিশেষভাৱে চৰ্চালৈ আহিছে ৷

Lok Sabha Election 2024
কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব সেই লৈ ব্যাপক চৰ্চা
চৰ্চালৈ আহিছে বিৰোধী ঐক্যমঞ্চৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা

গুৱাহাটী, 27 জানুৱাৰী : অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীক বিপৰ্যয়ৰ মাজতো যেন কিছু উৎসাহ যোগায় গ‘ল ৷ এতিয়া লোকসভা নিৰ্বাচনত কংগ্ৰছ আৰু সহযোগী দলসমূহে অসমত কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব সেই লৈ ব্যাপক চৰ্চা চলি আছে ৷ তাৰ মাজতে এখন তালিকা বিশেষভাৱে চৰ্চালৈ আহিছে ৷ কংগ্ৰেছ বা বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা ঘোষিত নহ’লেও যথেষ্ট গুৰুত্ব লভিছে এইখন তালিকাই ৷

এই তালিকা অনুসৰি- ডিব্ৰুগড় সমষ্টিত অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, যোৰহাটত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া, নৱগঠিত কাজিৰঙা সমষ্টিত কংগ্ৰেছৰ ৰ'জলীনা তিৰ্কী, নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈ, গুৱাহাটীত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, দৰং-ওদালগুৰি সমষ্টিত কংগ্ৰেছৰ মাধৱ ৰাজবংশী, লখিমপুৰত শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকা অথবা ৰাণী নৰহ, কোকৰাঝাৰত প্ৰবীণ বড়ো আৰু কাৰ্বি আংলঙত জয়ৰাম ইংলেঙৰ প্ৰাৰ্থিত্ব প্ৰায় ঠিৰাং হৈছে ৷

আনহাতে এইবাৰ নগাঁৱৰ পৰিৱৰ্তে বৰপেটা লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে ৷ বৰ্তমান বদৰুদ্দিন আজমল সাংসদৰূপে থকা ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনে লাভ কৰিব প্ৰাৰ্থিত্ব ৷ বৰাক উপত্যকাৰ কৰিমগঞ্জ লোকসভাত হাফিজ ৰছিদ আহমেদক প্ৰাৰ্থিত্ব দিব বুলি ঠিৰাং কৰা হৈছে ৷ আনহাতে তেজপুৰ আসনখনৰ বাবে তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰা নাইবা কংগ্ৰেছৰ পৱন সিং ঘটোৱাৰৰ নাম থিৰাং কৰিছে কংগ্ৰেছে ৷ বৰাকৰ শিলচৰ লোকসভা সমষ্টি তৃণমূল কংগ্ৰেছক দিবলৈ সহমতত উপনীত হৈছে বিৰোধী মিত্ৰজোঁট৷ বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা ভিতৰুৱাভাৱে ক’ব খোজা হৈছে যে প্ৰায় নিশ্চিত এইখন তালিকা, কেৱল আনুষ্ঠানিকতাহে বাকী ৷ কিন্তু এইখন কোনো প্ৰকাশিত তালিকা নহয়, চৰ্চাৰ শীৰ্ষত থকা তালিকাহে ৷

চৰ্চাৰ শীৰ্ষত থকা এই তালিকাখনক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাই কয় যে এজন এজনকৈ প্ৰাৰ্থীৰ নাম ক'ব পৰা পৰ্যায় এতিয়ালৈ অহা নাই ৷ কাৰো নাম উল্লেখ নকৰিলেও চৰ্চাত থকা কেইবাজনো কংগ্ৰেছ নেতাই প্ৰাৰ্থিত্ব লাভ কৰাটো নিশ্চিত বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷ লগতে যোৰহাট লোকসভাত বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াক শীৰ্ষ নেতৃত্বই প্ৰাৰ্থিত্ব দিলে কোনোৱেই বিৰোধিতা নকৰে বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ বৰ্তমানলৈ বিৰোধী ঐক্যমঞ্চৰ মাজত আসনৰ বুজাবুজি চূড়ান্ত নহ’লেও চৰ্চিত এইখন প্ৰাৰ্থী তালিকাই বিশেষ গুৰুত্ব লাভ কৰিছে ৷

মন কৰিবলগীয়া যে যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিব বুলি ব্যাপক চৰ্চা চলিছিল ৷ কিন্তু কংগ্ৰেছৰ ভিতৰুৱা তথ্যমতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সহজ জয়লাভৰ বাবে নঁগাও সমষ্টিৰ পৰা গৌৰৱ গগৈক জিকাই লৈ যোৱাৰ পোষকতা কৰিছে ৷ সেয়ে নঁগাৱৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক বৰপেটা সমষ্টিৰ প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰিব খোজা হৈছে ৷ অৱশ্যে প্ৰদ্যুৎ বৰদলৈয়ে বৰপেটাৰ পৰা লোকসভা নিৰ্বাচন খেলিবলৈ এতিয়াও প্ৰস্তুত হোৱা নাই ৷

লগতে পঢ়ক : চৰ্চাত থকা কংগ্ৰেছৰ কেবাজনো নেতাই লোকসভাত টিকট পোৱাটো নিশ্চিত : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.