উদয় শংকৰ হাজৰিকা প্ৰসংগ: এনে ভিডিঅ' মই এক ছেকেণ্ডত বনাই দিব পাৰো : ভূপেন বৰা - Lok Sabha elections 2024
Barpeta Lok Sabha constituency: বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ মনোনয়ন দাখিল । ইয়াৰ পূৰ্বে মোদীৰ মুখ দেখাৰ লগে লগে গুৱাহাটীৰ কৃত্ৰিম বানপানী, ঔষধৰ মূল্যবৃদ্ধি, আশাকৰ্মীৰ সমস্যা মনত পৰিব বুলি মন্তব্য় ভূপেন বৰাৰ ।

Published : April 17, 2024 at 6:08 PM IST
বৰপেটা, ১৭ এপ্ৰিল: বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ মনোনয়ন দাখিলৰ পূৰ্বে বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত এখন জনসভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি বিজেপিৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়," আজি অসমৰ ৰাজনীতিত প্ৰভাৱ পৰিব ৷ মোদীৰ মুখ দেখাৰ লগে লগে গুৱাহাটীৰ কৃত্ৰিম বানপানী, ঔষধৰ মূল্যবৃদ্ধি, আশাকৰ্মী, অংগনৱাড়ী কৰ্মীৰ সমস্যা মনত পৰিব ৷ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ এক্সপ্ৰেছ হাইৱেৰ কথা মনত পৰিব ৷ ব্ৰহ্মপুত্ৰৰ খনন হ'ল নে নাই ,চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ল নে নাই, অসম চুক্তিৰ ছয় নং দফা ৰূপায়ন কৰা হ'ব নে নাই সেইবোৰ মনত পৰিব ৷ "
তেওঁ পুনৰ কয়," আমাৰ কাৰণে বেৰিকেড লগাই দিয়ে, কিন্তু প্ৰধানমন্ত্ৰী আহিলে এম্বুলেন্স বন্ধ কৰি দিয়ে ৷ মোদী ৰজা,আমি প্ৰজা ৷ বিজেপিয়ে ৰজা আৰু প্ৰজাৰ মাজত পাৰ্থক্য কৰে ৷" ইপিনে,বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ জয়ৰ ক্ষেত্ৰত কয়," বৰপেটাত আমি অত্যন্ত আশাবাদী ৷ এজন যোগ্য প্ৰাৰ্থীক আমি টিকট দিছো ৷ বৰপেটা আমাৰ ছীট আছিল,আমাৰ ছীট হৈ থাকিব ৷ "
আনহাতে,এই সমষ্টিটোত বিৰোধী ঐক্য়মঞ্চত থকাৰ পিচতো চিপিআই (এম)-এ প্ৰাৰ্থিত্ব প্ৰদান কৰা সন্দৰ্ভত তেওঁ কয়," চিপিআই (এম)-এ প্ৰাৰ্থিত্ব প্ৰদান কৰাত আমাৰ আপত্তি নাই ৷ তেওঁলোক নেচনেল পাৰ্টি ৷ কেৰালাত আমিও খেলিছো ৷" ইপিনে,গৌৰব গগৈয়ে নামাজ পঢ়া প্ৰসংগত ভূপেন বৰাই কয়," কিছুমান মানুহৰ কাণৰ গণ্ডগোল হৈছে ৷ মই শংকৰদেৱৰ সমন্বয় সম্প্ৰীতিৰ কথাহে কৈছো ৷ শংকৰদেৱ আৰু ছান্দখাই আমাক সম্প্ৰতি সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা দিছিল ৷ আমি সেই বাৰ্তাটো কঢ়িয়াই লৈ ফুৰিছো ৷ "
লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ ভাইৰেল ভিডিঅ' প্ৰসংগত ভূপেন বৰাই কয়,"এনে ভিডিঅ' মই এক ছেকেণ্ডত বনাই দিব পাৰো ৷ মোৰ লগতে লেপটপ আছে ৷ আপোনাৰ ভিডিঅ' মই বনাই দিব পাৰো ৷ বিজেপিৰ এজন বিধায়কে হতাশাত ভুগি এই ভিডিঅ' বনাইছে ৷ বাজপেয়ী ভৱনত চাকৰিৰ বজাৰ চলি থাকে ৷ বাজপেয়ী ভৱনৰ মানুহ ৰাস্তাত ছুইচাইড কৰিছে ৷"
তেওঁ বুথ কেপচাৰিং বিজেপিয়ে কেনেকৈ কৰে সেইটো আলোচনা কৰাটো অপৰাধ হ'ব নোৱাৰে বুলি মন্তব্য় কৰে ৷ এই জনসভাখনত অংশগ্ৰহণ কৰে জীতেন্দ্ৰ সিং,প্ৰদ্যুৎ বৰদলৈ, জাকিৰ হুছেইন শিকদাৰ আৰু বিধায়ক ৰহিম আহমেদে ।
লগতে পঢ়ক:অখিল গগৈক হৰেকমালৰ সৈতে তুলনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM Election Campaign

