ETV Bharat / politics

বিজেপি-ইউ পি পি এলৰ বিৰুদ্ধে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ - Lok Sabha ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 11:03 PM IST

ইউ পি পি এল দলে বিভিন্ন আঁচনীৰ প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ উত্থাপন কৰি চিৰাঙৰ কাজলগাঁৱত বি পি এফৰ সংবাদমেল ৷ বি পি এফৰ পাৰিষদ পানীৰাম ব্ৰহ্মই সংবাদমেল সম্বোধন কৰি এই ইউ পি পি এলৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ ৷

BPF PRESS MEET
বিজেপি আৰু ইউ পি পি এলৰ বিৰুদ্ধে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ
কাজলগাঁৱত বি পি এফৰ পাৰিষদ পানীৰাম ব্ৰহ্মৰ সংবাদমেল

চিৰাং, 27 এপ্ৰিল : ৰাজ্যত ইতিমধ্যে সমাপ্ত হ’ল লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ আনহাতে 7 মে’ত ৰাজ্যৰ চাৰিটাকৈ সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ইতিমধ্যে তৃতীয় পৰ্যায়ৰ বাবে চাৰিটা সমষ্টিত ৰাজনৈতিক দল সমূহে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ ইয়াৰ মাজতে বিজেপিৰ লগতে মিত্ৰ দলৰ বিৰুদ্ধে উত্থাপন হৈছে আদৰ্শ নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ ৷ নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি ৰাজ্যৰ বিভিন্ন ঠাইত বিজেপি দলে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

এইবাৰ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰে ইউ পি পি এল দলে বিভিন্ন আঁচনীৰ প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ উত্থাপন কৰি চিৰাঙৰ কাজলগাঁৱত বি পি এফৰ সংবাদমেল ৷ চিৰাঙৰ কাজলগাঁৱত বি পি এফৰ পাৰিষদ পানীৰাম ব্ৰহ্মই সংবাদমেল সম্বোধন কৰি এই ইউ পি পি এলৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ ৷ নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ইউ পি পি এলে সমগ্ৰ বি টি চিত অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ কৰিছে তেওঁ ৷ শুকুৰবাৰে নিশা চিৰাঙৰ বাসুগাঁৱত বিজেপি আৰু ইউ পি পি এলৰ কৰ্মীয়ে নিশাৰ আন্ধাৰত ভোটাৰ ৰাইজক প্ৰলোভন দি অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ বিলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে বি পি এফৰ পাৰিষদ জনে ৷

ইফালে বি টি চিৰ বিভিন্ন স্থানত ই পি পি এল কৰ্মীক বি পি এফ দলৰ কৰ্মীয়ে হাতে-লোটে ধৰা পেলাইছে বুলিও সংবাদমেলত প্ৰকাশ কৰে পানীৰাম ব্ৰহ্মই ৷ তেওঁ লগতে ইউ পি পি এল দলৰ নেতা-কৰ্মী সকলে ভোটাৰ ৰাইজক প্ৰলোভন দেখুৱাই যি অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ বিলাই আছে সেইসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ইউ পি পি এল দলৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ট্ৰেক্টৰৰ ছবি, বিজেপি দলৰ প্ৰতীক চিহ্ন আছে বুলি অভিযোগ কৰে ৷

লগতে পঢ়ক : দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে ছখনকৈ ৰে'লৰ যাত্ৰা বাতিল কৰাক লৈ প্ৰশ্ন আপৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.