ETV Bharat / politics

দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে ছখনকৈ ৰে'লৰ যাত্ৰা বাতিল কৰাক লৈ প্ৰশ্ন আপৰ - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

APP reaction on trains cancellation : বৃহস্পতিবাৰে নিউহাৰেংগাজাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজৰ 110/7 কিলোমিটাৰত এখন মালবাহী ৰে'লৰ ইঞ্জিন লাইনচ্যুত হোৱাত লামডিং-শিলচৰ পাহাৰ লাইনত ৰে'ল চলাচল ব্যাহত হয় । ফলত বাতিল হয় বৰাকলৈ যোৱা ছখনকৈ ৰে'লৰ যাত্ৰা । এই ৰে'লৰ যাত্ৰা বাতিলক লৈ সৰৱ আপ ।

Cancellation of six trains
আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি
author img

By ETV Bharat Assamese Team

Published : April 27, 2024 at 10:29 PM IST

2 Min Read

গুৱাহাটী, ২৭ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিনটোতে উত্তৰ-পূব সীমান্ত ৰে'লৱেই বৰাকলৈ যোৱা ছখনকৈ ৰে'ল বাতিল কৰা, সাতখনকৈ ৰে'লৰ যাত্ৰা আধাতে সামৰা আৰু তিনিখন ৰে'লৰ সময় সলনি কৰাৰ দৰে ঘটনাক সহজভাৱে লোৱা নাই আম আদমি পাৰ্টীয়ে । এক বিবৃতিত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপিৰ হতাশাজনক প্ৰদৰ্শনে দলটোক হতাশ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে পুনৰ কয়," পূৰ্বে মিঞাৰ ভোট নালাগে বুলি দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ প্ৰচাৰত মিঞা তুষ্টিকৰণত ত্ৰুটি কৰা নাছিল । এই সংখ্যালঘু ভোটাৰেই শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ জয়-পৰাজয়ৰ কাৰক হিচাপে দলটোৱে চিহ্নিত কৰা সময়তে ভোটদানৰ দিনটোতে বৃহৎ সংখ্যক ৰে'ল বাতিল, আদবাটতে যাত্ৰা সমাপ্ত কৰা ঘটনাই সন্দেহৰ সৃষ্টি কৰিছে । কাৰণ সেই দিনটোত হাজাৰ হাজাৰ সংখ্যালঘু ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰে'লসমূহত ভ্ৰমণ কৰিছিল । ৰে'ল বিভাগৰ সেৱা তৎক্ষণিকভাৱে বাতিল কৰাত তেওঁলোকে ভোটদান কৰিব পৰা নাছিল ।"

সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে বিজেপিয়ে ভোটাৰক ভোটদানৰ পৰা কৌশলেৰে বঞ্চিত কৰি নিৰ্বাচনত জয়ী হোৱাৰ দিবাস্বপ্ন দেখিছে । অসমৰ জনতাই ইতিমধ্যে বুজি উঠিছে যে বিজেপিৰ শাসন দেশৰ বাবে অতি মাৰাত্মক । যোৱা দহ বছৰত দেশৰ সম্পদৰাজি ব্যক্তিগত কোম্পানীক গতাই দি সমগ্ৰ দেশতে বিত্তীয় অসমতাৰ সৃষ্টি কৰিলে । কোম্পানীবোৰৰ পৰা বিজেপিয়ে কোটি কোটি টকা চান্দা লৈ সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিত অৰিহণা যোগাই মধ্য আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীক জীয়াই থকাৰ বাবেও জ্বলা-ক'লা খুৱাইছে ।

লগতে পঢ়ক:লামডিং-শিলচৰ লাইনেৰে ৰে'ল চলাচল পুনৰ আৰম্ভ - Train Services Resume

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.