ETV Bharat / politics

ছ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা জনাই প্ৰচাৰ আৰম্ভ কৰিলে লুৰীণজ্যোতি গগৈয়ে

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 10:29 PM IST

Lurinjyoti Gogoi
নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে লুৰীণজ্যোতি গগৈয়ে

Lurinjyoti Gogoi: নিশ্চিত হ’ল লুৰীণজ্যোতি গগৈয়ে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাটো ৷ সৰ্বানন্দ সোণোৱালক মেৰুদণ্ডহীন আখ্যা দিয়ে বিৰোধী প্ৰাৰ্থীগৰাকীয়ে ৷ অসমীয়া জাতিটোক আটাইতকৈ বেছি ক্ষতি কৰা ব্যক্তিজনেই সৰ্বানন্দ সোণোৱাল বুলি কয় লুৰীণজ্যোতি গগৈয়ে ।

নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে লুৰীণজ্যোতি গগৈয়ে

ডিব্ৰুগড়, 13 মাৰ্চ: বহু জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিলে বিৰোধী ঐক্যমঞ্চই ৷ চৰ্চা চলাৰ দৰে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হ’ব অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই ডিব্ৰুগড়ৰ বাবে লুৰীণজ্যোতি গগৈৰ নাম ঘোষণা কৰা পাচতেই ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে ৷ আনুষ্ঠানিক ঘোষণাৰ পাচতে ডিব্ৰুগড়ৰ বৰবৰুৱা চাওলুং ছ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা লৈ আজিৰে পৰা প্ৰচাৰ আৰম্ভ কৰিলে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

টাই আহোমৰ নীতি নিয়মেৰে চাওলুং ছ্যুকাফাৰ প্ৰতিমূৰ্তিত সেৱা লৈ লুৰীণজ্যোতি গগৈয়ে সংকল্প লয় যে প্ৰাণ যাব, কিন্তু বচন নাযাব ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে ৰাইজে যদি শক্তি দিয়ে, যুঁজিব আৰু জয়ী হ’ব ।

আনহাতে বিৰোধী ঐক্যমঞ্চই অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ দিয়া বুলি কৈ ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে । লুৰীণজ্যোতি গগৈয়ে কয় যে অসমীয়া জাতিটোক আটাইতকৈ বেছি ক্ষতি কৰা ব্যক্তিজনেই হ'ল সৰ্বানন্দ সোণোৱাল । সৰ্বানন্দ সোণোৱাল একেবাৰে মেৰুদণ্ড নথকা ব্যক্তি, দিল্লীয়ে যি কয় তাকেই শুনে ৷ দিল্লীয়ে যেনেকৈ নাচিবলৈ কয়, তেনেকৈয়ে নাচে সৰ্বানন্দ সোণোৱালে ৷

মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী হৈও আজিলৈকে ডিব্ৰুগড়ৰ কোনো এটা সমস্যা সৰ্বানন্দ সোণোৱালে সমাধান কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷ মুঠৰ ওপৰত আজিৰে পৰা একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ মাজত চলিব তীব্ৰ ৰাজনৈতিক যুঁজ ।

লগতে পঢ়ক: সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন কাণ্ডাৰীৰ ৰাজনৈতিক যুঁজ চলিব ডিব্ৰুগড়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.