ETV Bharat / politics

মুকলি বিতৰ্কৰ বাবে প্ৰদ্যুৎ বৰদলৈক প্ৰত্য়াহ্বান আমিনুল ইছলামৰ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 10:59 PM IST

Nagaon Lok Sabha constituency: মুকলি বিতৰ্কৰ বাবে সাজু এআইইউডিএফ । মুকলি বিতৰ্কৰ বাবে স্থান, তাৰিখ নিৰ্ধাৰণ কৰিবলৈ প্ৰদ্যুৎ বৰদলৈক আহ্বান আমিনুল ইছলামৰ ।

AIUDF candidate Aminul Islam
এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম
এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম

নগাঁও, ১৭ এপ্রিল: নগাঁৱৰ তিনি প্ৰাৰ্থীৰ মাজত মুকলি বিতৰ্ক বিচাৰি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰিলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে । লোকসভা সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও লোকসভা সমষ্টিৰ সমস্যা আৰু ইয়াৰ সমাধানৰ পৰিকল্পনাক লৈ মুকলি বিতৰ্কৰ বাবে বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ লগতে আটাইকেইগৰাকী প্ৰাৰ্থীক জনাইছিল প্ৰত্যাহ্বান ।

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে । বিগত সময়ত সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈয়ে নগাঁওবাসীৰ বাবে কি কি কৰিলে তাৰ খতিয়ান বিচাৰি এইবাৰ প্ৰদ্যুৎ বৰদলৈকহে প্ৰত্যাহবান জনালে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে । কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক বিজেপি প্ৰাৰ্থী সুৰেশ বৰাতকৈয়ো অধিক হিন্দুত্ববাদী নেতা আখ্যা দিয়ে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে । ধৰ্মৰ নামত ৰাজনীতি কৰা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে এতিয়া কেৱল ভোটৰ আশাত মূৰত টুপী পিন্ধিছে যদিও নিৰ্বাচনৰ পাচত টুপী পিন্ধিবলৈ ক'লে বৰদলৈয়ে লাখুটি লৈ খেদিব বুলি মন্তব্য কৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে ।

উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ পাৰদৰ্শিতা প্ৰমাণ কৰিবলৈ মুকলি বিতৰ্কৰ বাবে প্ৰদ্যুৎ বৰদলৈয়ে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰি মুকলি বিতৰ্কৰ বাবে সাজু বুলি মন্তব্য কৰে আমিনুল ইছলামে । মুকলি বিতৰ্কৰ বাবে স্থান আৰু তাৰিখ নিৰ্ধাৰণ কৰিবলৈ প্ৰদ্যুৎ বৰদলৈক আহ্বান জনালে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে ।

লগতে পঢ়ক:কোন কোন কংগ্ৰেছ নেতাই যোগাযোগ কৰিছে বিজেপিৰ সৈতে ? ক’লে ভৱেশ কলিতাই - Assam Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.