ETV Bharat / politics

ভয়ৰ বাবেই মূল ইচ্ছ্যুৰ বিপৰীতে প্ৰধানমন্ত্রীৰ ভাষণত ঘৃণাৰ কথা : কংগ্ৰেছৰ মুখপাত্ৰ মহিমা সিং - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 5:23 PM IST

লাডাখৰ পৰা কন্যাকুমাৰীলৈ দেশৰ প্ৰতিখন ৰাজ্যতে আছে বিজেপিৰ বিৰুদ্ধে জনতাৰ ক্ষোভ । ঘৃণাৰ ৰাজনীতি বিয়পোৱা বাবে ৰাইজৰ মাজত আস্থা হেৰুৱাইছে বিজেপিয়ে । ভয়ৰ বাবেই বিজেপি চৰকাৰে দুগৰাকীকৈ মুখ্যমন্ত্রীক জেলত ভৰাই ৰাখিছে । চান্দাৰে ধান্দা কৰা বিজেপিক ৰাইজে দিব প্ৰত্যুত্তৰ- ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিং ।

MOHIMA SINGH PC
বিজেপিক সমালোচনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ (ETV BHARAT ASSAM)
ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, 3 মে' : "দেশৰ সকলো ৰাজ্যতে বিজেপিৰ অৱস্থা বেয়া আৰু সেইবাবে বিজেপিয়ে মূল ইচ্ছ্যুসমূহৰ পৰা আঁতৰি থাকে ৷ বিজেপিৰ দহ বছৰীয়া শাসনত দেশবাসী অতীষ্ঠ হৈ পৰিছে ৷ যাৰ প্ৰভাৱ এই নিৰ্বাচনত পৰিছে আৰু ইয়াক লৈ বিজেপি ভয়ত আছে ৷ যাৰ বাবে মূল ইচ্ছ্যুৰ কথা ক'ব নিবিচাৰে"- এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মহিমা সিঙৰ ৷

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে কয় যে, ভয়ত থকাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত কেৱল ঘৃণাৰ ৰাজনীতি দেখিবলৈ পোৱা যায় ৷ সত্যতাৰ লগত কোনো সম্পৰ্ক নাই ৷ মানুহৰ মূল ইচ্ছ্যুৰ বিপৰীতে মঙ্গলসূত্ৰ, ধৰ্ম আদি প্ৰসংগত কথা কয় ৷

প্ৰধানমন্ত্ৰী তথা বিজেপিৰ ভয়ৰ কাৰণসমূহ তেওঁ দেশৰ প্ৰতিখন ৰাজ্যৰ পৰিস্থিতি দাঙি ধৰে ৷ ঘৃণাৰ ৰাজনীতি বিয়পোৱাৰ বাবে বিজেপিয়ে ৰাইজৰ মাজত আস্থা হেৰুৱাইছে ৷ তেওঁ লাডাখৰ পৰা কন্যাকুমাৰীলৈ দেশৰ প্ৰতিখন ৰাজ্যত বিজেপিৰ বিৰুদ্ধে থকা জনতাৰ ক্ষোভৰ বিষয়ে উল্লেখ কৰে ৷

তেওঁ কয় যে, নিৰ্বাচনৰ এই সময়ত বিজেপিয়ে ভয়ৰ বাবেই দুগৰাকীকৈ মুখ্যমন্ত্ৰীক জেলত ভৰাই ৰাখিছে ৷ চান্দাৰে ধান্দা কৰা বিজেপিক ৰাইজে প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈছে ৷ ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট, ছত্তিশগড়, পশ্চিমবংগকে ধৰি এনে এখন ৰাজ্য নাই, য’ত বিজেপিয়ে নিজৰ অধিপত্যৰে গণতন্ত্ৰ বিৰোধী কাম কৰা নাই ৷

তেওঁ লগতে কয় যে, মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ এটা বছৰ পাৰ হ’ল যদিও সমগ্ৰ দেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীয়ে এবাৰো মণিপুৰলৈ যাব নোৱাৰিলে ৷ সংবাদমেলত তেওঁ বিজেপিৰ দহ বছৰীয়া কাৰ্যকালৰ তথা ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত কেতিয়াও নোহোৱা 16 টা ঘটনাৰ বিষয়ে উল্লেখ কৰে ৷ তেওঁ কয় যে, বিজেপিৰ কাৰ্যকালত লোকপিয়ল কৰা নহ'ল ৷ সেইদৰে তেওঁ বিজেপিৰ দিনত নিৰ্বাচনী ব'ণ্ডৰ মাধ্যমেৰে 85 হাজাৰ কোটি টকাৰ কেলেংকাৰী হোৱাৰ প্ৰসংগ উত্থাপন কৰে ৷

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে, বিজেপিৰ কাৰ্যকালত ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বহু বেছি বৃদ্ধি পালে ৷ আনহাতে দহ বছৰত বিজেপিৰ সম্পত্তি 122 কোটিৰ পৰা 6,500 কোটি টকালৈ বৃদ্ধি পালে বুলি দাবী কৰে ৷ সংবাদমেলত তেওঁ দেশবাসীয়ে উত্থাপন কৰা 11 টা প্ৰশ্নৰ প্ৰসংগ উল্লেখ কৰে ৷

প্ৰধানমন্ত্ৰীয়ে সংবিধানৰ বিৰুদ্ধে কোনো ষড়যন্ত্ৰ কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে অধিবক্তাসকলক হাথিয়াৰ হিচাপে লৈ বিজেপিয়ে ন্যায়ালয়ৰ মুখ বন্ধ কৰিব বিচাৰিছে নেকি ৷ ভেকচিন নিৰ্মাণ কোম্পানীৰ সৈতে দানৰ চুক্তি কৰি আমাৰ জীৱন বিপদত পেলাইছে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে ব্যৱসায় কৰিবলৈ বিজেপিৰ দানৰ বাবে আজি ঔষধৰ মূল্য আকাশচুম্বী হৈছে নেকি ৷

আনহাতে বিজেপিক ভোট নিদিলে ঘৰত বুলড’জাৰ চলোৱা হ'ব নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে মোদীৰ বন্ধু আৰু সমগ্ৰ দেশৰ বাবে আইন পৃথক নেকি ৷ তেওঁ আন কেইবাটাও প্ৰশ্ন উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক : কংগ্ৰেছক কোম্পানীৰে তুলনা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.