ETV Bharat / politics

কংগ্ৰেছক কোম্পানীৰে তুলনা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ - Lok Sabha Election 2024

MP PABITRA MARGHERITA : "কংগ্ৰেছ নামৰ এই কোম্পানীটোত নতুনকৈ কণ্ট্ৰেকচুৱেল কামত সোমাইছে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ ৷ ভূপেন বৰা এই কোম্পানীৰ জ’নেল মেনেজাৰ' - এই মন্তব্য ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷

LOK SABHA ELECTION 2024
বৰপেটাত নিৰ্বাচনী প্ৰচাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 3, 2024 at 3:50 PM IST

2 Min Read
Choose ETV Bharat
কংগ্ৰেছক সমালোচনা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ (ETV BHARAT ASSAM)

বৰপেটা, 3 মে’ : বৰপেটাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ দলক কোম্পানীৰে তুলনা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ তেওঁ কয় যে, এই কোম্পানীটোৱে যিটো কয় সেয়া তেওঁলোকৰ কৰ্মচাৰীয়ে কৰিবই লাগিব ৷

ইফালে এই সভাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু বিধায়ক অখিল গগৈক তীব্ৰ কটাক্ষ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ তেওঁ কয় যে, কংগ্ৰেছ নামৰ এই কোম্পানীটোত নতুনকৈ 'কণ্ট্ৰেকচুৱেল' কামত সোমাইছে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ ৷ ভূপেন বৰা এই কোম্পানীৰ 'জ’নেল' মেনেজাৰ ৷ কোম্পানীৰ মালিকে ক’লে উঠ, কোম্পানীৰ মালিকে ক’লে বহ, মিঞাৰ বাবে বুকু ফালি দিবলৈ ক’লে ফালি দিব, কবিতা লিখিবলৈ ক’লে লিখি দিব ৷

সাংসদ মাৰ্ঘেৰিটাই কয় যে, পুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে যিজন ভগৱান শ্ৰীকৃষ্ণক অসমীয়া মানুহে লগতে সমগ্ৰ ভাৰতীয়ই শিৰত লৈ ফুৰে, সেইজন শ্ৰীকৃষ্ণক লাভ জেহাদী বুলি কয় কংগ্ৰেছৰ মানুহে ৷ গতিকে তেনেকুৱা দলৰ কথা পতাটোৱেই পাপ ৷ কংগ্ৰেছ কোম্পানী এতিয়া লাহে লাহে দেউলীয়া হৈ আহিছে ৷ লগতে কংগ্ৰেছ কোম্পানী এতিয়া অচল টকালৈ পৰিণত হৈছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

উল্লেখ্য যে, শুকুৰবাৰে বৰপেটাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত এক নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ এই সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ সভাত কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে পবিত্ৰ মাৰ্ঘেৰিটা ৷

লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰত ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ভূপেন বৰা - Lok Sabha Election 2024