প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ৰ বাবে ৰাজীৱ ভৱনত মাৰিলে তলা : জীতেন্দ্ৰ সিং - LOK SABHA ELECTION 2024
Deep Bayan files nomination paper: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ মনোনয়ন পত্ৰ দাখিলত অংশ লৈ চৰকাৰক তীব্ৰ সমালোচনা ।

Published : April 17, 2024 at 8:24 PM IST
বৰপেটা, ১৭ এপ্ৰিল: তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বাবে আজি কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে মনোনয়ন পত্ৰ দাখিল কৰে । ইয়াৰ পূৰ্বে বৰপেটা বিদ্যাপীঠ খেলপথাৰৰ পৰা এক বিশাল শোভাযাত্ৰা উলিওৱা হয় । বৰপেটা জিলা কংগ্ৰেছৰ তত্বাৱধানত উলিওৱা এই শোভাযাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে অংশগ্ৰহণ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি জীতেন্দ্ৰ সিঙে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয়," অসমত মাফিয়াৰ চৰকাৰ চলিছে । এতিয়া মোদী অসমলৈ আহিছে । উত্তৰ-পূৰ্বাঞ্চল ঘুৰি ফুৰিছে । যেতিয়া মণিপুৰ জ্বলিছিল তেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰলৈ অহাটো দুৰৈৰ কথা, মণিপুৰৰ বাবে এটা শব্দও নক'লে ৷ "
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়কগৰাকীয়ে পুনৰ কয়," এই চৰকাৰৰ নীতি দুতলীয়া । ৰাহুল গান্ধীক গুৱাহাটীৰ ভিতৰত ৰোড শ্ব' কৰাত বাধা দিয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব'ৰ বাবে ৰাজীৱ ভৱনত তলা মাৰি দিয়া হয় ।" কংগ্ৰেছ দলে অসমৰ ৰাইজৰ অধিকাৰ, অসমৰ সংস্কৃতি ৰক্ষাৰ বাবে যুঁজিছে বুলিও জীতেন্দ্ৰ সিঙে কয় । মোদী, অমিত শ্বাহ আদি ডাঙৰ ডাঙৰ নেতাবোৰ যিমানবাৰ আহিব সিমানে বিজেপিৰ ভোট কমিব বুলিও জীতেন্দ্ৰ সিঙে মন্তব্য কৰে ৷ তেওঁ অসমত বিজেপিতকৈ বেছি আসন কংগ্ৰেছে লাভ কৰিব বুলিও দাবী কৰে ৷
ইপিনে,নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ কয়," কংগ্ৰেছে যি ষাঠিটা মহাঅভিযোগ উত্থাপন কৰিছে তাৰে এটাৰো উত্তৰ দিব পৰা নাই বিজেপিয়ে । "

