ETV Bharat / politics

আগবেলা প্ৰিয়ংকা, পিচবেলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী: আৰু কোন কোন আহিব অসমলৈ ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:51 PM IST

LOK SABHA ELECTION ASSAM
লোকসভা নিৰ্বাচন 2024

অসমলৈ সোঁত বৈছে হাই প্ৰফাইল ষ্টাৰ কেম্পেইনাৰৰ ৷ মঙলবাৰে আগবেলা আহিল প্ৰিয়ংকা গান্ধী, পিচবেলা আহিল প্ৰধানমন্ত্ৰী ৷ ইয়াৰ পিচত কোন কোন ?

গুৱাহাটী, ১৬ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমৰ ৫ টাকৈ সমষ্টিত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মাজত মাথো দুটা দিন বাকী । অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে মঙলবাৰে আগবেলা যদি কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী তেন্তে পিচবেলা আহিছে প্ৰধানমন্ত্ৰী তথা বিজেপি নেতা নৰেন্দ্ৰ মোদী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কেৱল মোদী বা প্ৰিয়ংকাই নহয়, ২৬ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে অসমলৈ আহিব আৰু বহুতো হাই প্ৰফাইল নেতা । গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীৰ সভাপতি জে পি নাড্ডাৰ পৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীলৈকে বৰ বৰ নেতাৰ সোঁত ব’ব অসমলৈ ।

দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া কৰিমগঞ্জলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব অমিত শ্বাহ । ২১ এপ্ৰিলত কৰিমগঞ্জত বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ বৰাক উপত্যকাৰ কৰিমগঞ্জ লোকসভা সমষ্টিত নিৰ্বাচনী সভাত ভাগ ল’ব অমিত শ্বাহে । উল্লেখযোগ্য যে কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰচিদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ দিবলগীয়া হৈছে সমষ্টিটোৰ বৰ্তমানৰ বিজেপি সাংসদ কৃপানাথ মাল্লাই ৷ আনহাতে 18 এপ্ৰিলত কোকৰাঝাৰলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰৰ বিজেপিৰ মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ জে পি নাড্ডাই চলাব নিৰ্বাচনী প্ৰচাৰ সভা ।

ইতিমধ্যে যে কংগ্ৰছে, বি পি এফে নিজাকৈ প্ৰাৰ্থিত্ব দিছে কোকৰাঝাৰ সমষ্টিত । উল্লেখযোগ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিটো বিগত দুটা কাৰ্যকাল নৱকুমাৰ শৰণীয়াৰ দখলত আছে যদিও তেওঁৰ জাতিগত প্ৰমাণপত্ৰক লৈ হোৱা ন্যায়িক যুঁজৰ মাজত অনিশ্চিত হৈ ৰৈছে নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থিত্ব ওলমি ৰৈছে সমষ্টিটোত ।

সেয়ে এইবাৰ বিজেপি আৰু মিত্ৰজোঁট ইউপিপিএল দল যথেষ্ট আশাবাদী হৈ উঠিছে কোকৰাঝাৰ সমষ্টিক লৈ । অহা ১৭ এপ্ৰিলত বৰাক উপত্যকাৰ শিলচৰলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী ৷ শিলচৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শিলচৰৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বংগকন্যা মমতাই ৷

শিলচৰ টাউন ক্লাব খেলপথাৰত তৃণমূল কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । সেইদিনা দুপৰীয়া ১২ বজাত শিলচৰত উপস্থিত হৈ জনসভাত অংশগ্ৰহণ কৰিব তেওঁ ৷ অহা 26 এপ্ৰিলত শিলচৰ লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ এতিয়াও ভালেমান দিন বাকী আছে ৷ সেয়ে এইসকলৰ উপৰিও যে আৰু আন হাই প্ৰফাইল নেতাৰ আমগন ঘটিব সেয়া সহজেই অনুমেয় ৷

লগতে পঢ়ক: সাধাৰণ জনতাক পণবন্দী কৰি মহানগৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.