ETV Bharat / politics

এনেকুৱা কিয় কৰিলে পদ্ম হাজৰিকাই ? অগপ কৰ্মীৰ বিষ্ফোৰক অভিযোগ - Lok Sabha polls 2024

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 10:10 PM IST

Allegation of torture: লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ন-দুৱাৰৰ এটা ভোটকেন্দ্ৰত অনিয়ম সংঘটিত কৰাৰ ভয়ংকৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে । অগপ কৰ্মীয়ে তুলিলে এই অভিযোগ ।

allegation of torture
Lok Sabha polls 2024
অগপ কৰ্মীৰ বিষ্ফোৰক অভিযোগ

গুৱাহাটী, ২২ এপ্ৰিল: চৰকাৰত সহযোগী দল বিজেপিৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে মুকলিকৈ বিষ্ফোৰক অভিযোগ উত্থাপন চৰকাৰখনৰে আন এটা সহযোগী দল অগপৰ এগৰাকী সদস্যাৰ । দিছপুৰ প্ৰেছ ক্লাৱত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি বিধায়ক পদ্ম হাজৰিকা তথা তেওঁৰ কেইজনমান সহযোগীৰ বিৰুদ্ধে গুণ্ডামিত জড়িত থকাৰ অভিযোগ তোলে নদুৱাৰ অগপৰ সাংগঠনিক সম্পাদিকা চালমা চুলতানাই । বিজেপিৰ গুণ্ডাবাহিনীৰ বিৰুদ্ধে মাৰপিটৰো অভিযোগ তোলে অগপ নেত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যোৱা ১৯ এপ্ৰিলত । এই ভোটগ্ৰহণৰ সময়তে বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ ঘনিষ্ঠ হিচাপে পৰিচিত আমিদ হামজা আৰু আলিমুদ্দিনৰ বিৰুদ্ধে ৰিগিঙৰ দৰে কাৰ্য সংঘটিত কৰাৰ অভিযোগ তোলে । ভোটকেন্দ্ৰৰ সমীপতে ধন বিলোৱাৰো অভিযোগ তোলে । চালমাই এই কাৰ্যৰ বিৰোধিতা কৰাৰ বাবেই তেওঁক এটা কোঠাত বন্দী কৰি থোৱাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযোগ তুলিছে ।

তাৰোপৰি নিৰ্বাচনৰ আগে আগে আলিমুদ্দিন মহিলাগৰাকীৰ ঘৰলৈ গৈ তেওঁক ধনৰ প্ৰলোভন দি মহিলাসকলক বিজেপিত ভোটদানৰ বাবে আহ্বান জনাবলৈ হেঁচা দিছিল । কিন্তু মহিলাগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰাত আলিমুদ্দিনে তেওঁক ভাবুকি প্ৰদান কৰা বুলিও চালমাই অভিযোগ কৰে ।

ইফালে ভোটকেন্দ্ৰত এইধৰণৰ কাৰ্য চলি থকাৰ সময়ত পদ্ম হাজৰিকাও উপস্থিত থকা বুলি চালমাই অভিযোগ তোলে । তাৰোপৰি আলিমুদ্দিনে আৰক্ষী লগাই চালমাক পাঁচমাইল থানালৈ লৈ যোৱাৰ পিচত তাৰ পৰা নিজৰ গাড়ীত উঠাই সদৰ থানালৈ লৈ যোৱা বুলি অগপ কৰ্মীগৰাকীয়ে কয় । গাড়ীৰ ভিতৰত চালমাক প্ৰহাৰ কৰাৰ লগতে বন্দুক দেখুৱাই ভাবুকি দিয়া বুলিও অভিযোগ তুলিছে ।

নদুৱাৰ অগপৰ সাংগঠনিক সম্পাদিকাগৰাকীক কংগ্ৰেছী সজাই ড্ৰাগছৰ দৰে নিষিদ্ধ সামগ্ৰী মহিলাগৰাকীৰ বাসগৃহত থৈ অহাৰ ষড়যন্ত্ৰ অভিযোগ উত্থাপন কৰে অগপ নেত্ৰীগৰাকীয়ে । ভোটৰ হাৰ কমিলে পদ্ম হাজৰিকাই পুনৰ টিকট নোপোৱাৰ স্বাৰ্থত এনে দুষ্কাৰ্যৰ কৰিছে বুলি মন্তব্য চালমা চুলতানাৰ ।

লগতে পঢ়ক: এইখন চান্দা দৌ ধান্ধা লৌ চৰকাৰ: সুপ্ৰীয়া শ্ৰীনাটে - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.