ETV Bharat / politics

ফণীভূষণ চৌধুৰীক লৈ অগপৰ বৰপেটাৰ অংকত খেলিমেলি: আমবাৰীত সভা

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 3:16 PM IST

Updated : Mar 2, 2024, 5:21 PM IST

AGP candidate for Barpeta : অগপ নেতৃত্বই বিচাৰে বৰপেটা লোকসভাত নিৰ্বাচন খেলক ফণীভূষণ চৌধুৰীয়ে ৷ ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্ব প্ৰত্যাখানে ওলট-পালট লগাইছে অগপ আৰু বিজেপিৰ বৰপেটাৰ নিৰ্বাচনী সমীকৰণত । বিকল্প বিচাৰি গুৱাহাটীত আজি অগপৰ বিশেষ সভাৰ আয়োজন ।

অগপ আৰু বিজেপিৰ বৰপেটাৰ নিৰ্বাচনী সমীকৰণ
অগপ আৰু বিজেপিৰ বৰপেটাৰ নিৰ্বাচনী সমীকৰণ

গুৱাহাটী, 2 মাৰ্চ : অসম গণ পৰিষদক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নামনি অসমৰ দুই সমষ্টি বৰপেটা আৰু ধুবুৰী এৰি দিছে ৷ কিন্তু দুয়োটা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদানক লৈ অগপই বিমোৰত পৰা দেখা গৈছে । বিশেষকৈ বৰপেটাৰ প্ৰাৰ্থিত্বক লৈ অসুবিধাত পৰিছে অগপ ৷

AGP candidate for Barpeta AC
অগপ আৰু বিজেপিৰ বৰপেটাৰ নিৰ্বাচনী সমীকৰণ

অসম গণ পৰিষদে বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰী আৰু ধুবুৰীত জাভেদ ইছলামক প্ৰাৰ্থিত্ব দিয়াৰ বাবে বিজেপিয়ে প্ৰস্তুতি আৰম্ভ কৰিছিল ৷ সেই অনুসৰি প্ৰস্তাৱো আগবঢ়াইছিল দুয়োগৰাকী প্ৰাৰ্থীক । কিন্তু সূত্ৰ অনুসৰি বৰপেটাত প্ৰাৰ্থী হ’ব বিচৰা নাই বঙাইগাঁও বিধানসভা সমষ্টিৰ 8 বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে । দিছপুৰ এৰি দিল্লীলৈ যাব বিচৰা নাই তেওঁ ৷

ইয়াৰ বিপৰীতে বঙাইগাঁৱত অগপৰ নেতা-কৰ্মীয়েও এৰি দিব বিচৰা নাই ফণীভূষণ চৌধুৰীক ৷ বঙাইগাঁও জিলা অগপই ফণীভূষণ চৌধুৰীক বৰপেটাৰ প্ৰাৰ্থী হিচাপে ঘোষণা নকৰিবলৈ দলীয় নেতৃত্বক আহ্বান জনাইছে । বঙাইগাঁও অগপৰ দাবী যে বিধায়ক ফণীভূষণ চৌধুৰীক আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে নামনি অসমত অগপৰ সাংগঠনিক ভেঁটি উচন হোৱাৰ উপক্ৰম হ’ব ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ বিশাল আয়োজন, ভৱেশ-পৱিত্ৰক গুৰু দায়িত্ব

ফণীভূষণ চৌধুৰীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাখানে ওলট-পালট লগাইছে অগপ আৰু বিজেপিৰ নিৰ্বাচনী সমীকৰণৰ লগতে ৰাজনৈতিক সমীকৰণতো ৷ ইয়াৰ ফলত বৰপেটাত নতুনকৈ ফণীভূষণ চৌধুৰীৰ বিকল্প প্ৰাৰ্থী বিচাৰিবলৈ বাধ্য হৈছে ৷ লগে লগে বৰপেটা লোকসভা সমষ্টিৰ অগপৰ নিৰ্বাচনী প্ৰেক্ষাপটত চৰ্চিত হৈছে আন কেইবাটাও নাম ৷ চৰ্চিত হৈছে বৰপেটাৰ অগপৰ প্ৰাক্তন বিধায়ক গুনীন দাসৰ নাম ৷

পূৰ্বৰে পৰা চৰ্চিত হৈ আহিছে পাঠশালাৰ শৈক্ষিকখণ্ডৰ বিশিষ্ট ব্যৱসায়ী ৰঞ্জিৎ কুমাৰ ডেকাৰ নাম ৷ আনহাতে শেহতীয়াকৈ উচ্চাৰিত হৈছে অসম বিধানসভাৰ প্ৰধান সচিব পদৰ পৰা যোৱা 29 ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰা হেমেন দাসৰ নাম ৷ অগপৰ এটা অংশই বিচাৰিছে কুমাৰ দীপক দাসক দিয়া হওক অগপৰ বৰপেটাৰ প্ৰাৰ্থিত্ব । চৰ্চালৈ আহিছে ৰহিম জিব্ৰানৰ নামো ৷

বৰপেটা আৰু ধুবুৰীক লৈ আজি গুৱাহাটীত বৈঠকত বহাৰ কথা অগপৰ নেতৃত্বৰ ৷ এতিয়া লক্ষণীয় হ’ব বৰপেটা আৰু ধুবুৰীৰ প্ৰাৰ্থী হিচাবে কাক প্ৰক্ষেপ কৰিব অগপই ।

লগতে পঢ়ক : নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ বিপাঙত কংগ্ৰেছ-বিজেপি !

Last Updated : Mar 2, 2024, 5:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.