ETV Bharat / politics

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক লগত লৈ নলবাৰীৰ টিহুত নিৰ্বাচনী প্ৰচাৰ ফণীভূষণ চৌধুৰীৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 9:55 PM IST

" বৰপেটাত কংগ্ৰেছ দুই নম্বৰত থাকিব ৷ দুলু আহমেদ, মনোৰঞ্জন তালুকদাৰৰ কথা মই নকওঁ ৷ " নলবাৰীৰ টিহু বিধানসভাত দিনজোৰা কাৰ্যসূচীৰে প্ৰচাৰ চলোৱা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ এই মন্তব্য ৷

Lok Sabha Election 2024
ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰীৰ টিহুত নিৰ্বাচনী প্ৰচাৰ ফণীভূষণ চৌধুৰীৰ

নলবাৰী, 5 এপ্ৰিল : বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত টিহু বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নৱগঠিত টিহু সমষ্টিৰ নাৰায়ণপুৰ মিনি ষ্টেডিয়ামত অঞ্চলটোৰ মহিলা সকলক লৈ হিতাধিকাৰী সন্মিলন, বলোৱাত দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময়, পশ্চিম চামতাত দলীয় কাৰ্যকৰ্তা সন্মিলনৰ লগতে 7-8 খন দলীয় সভাত ভাগ লয় ৷ তদুপৰি ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়তো আশিস গ্ৰহণ কৰে অগপ প্ৰাৰ্থীজনে ৷ লগতে সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক মঞ্চসূৰ্য ধৰণী বৰ্মনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাৰ্থীগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত ফণীভূষণ চৌধুৰীক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ তথা অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ, অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিলীপ দাসকে ধৰি দুয়োটা দলৰ নেতা-কৰ্মীসকলে ৷ নিৰ্বাচনী প্ৰচাৰৰ অন্তত সাংবাদিকৰে হোৱা মত বিনিময়ত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে বৰপেটা লোকসভাৰ অন্তৰ্গত টিহু বিধানসভাত ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰা বুলি মত ব্যক্ত কৰে ৷ লগতে বিপুল ভোটত বৰপেটাৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হ’ব বুলি মন্তব্য কৰে ফণীভূষণ চৌধুৰীয়ে ৷

আনহাতে 17 এপ্ৰিলত নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ’ব লগা প্ৰধানমন্ত্ৰীৰ জনসভাক লৈ যথেষ্ট আনন্দিত প্ৰাৰ্থীগৰাকী ৷ কমেও ডেৰ লাখ লোক প্ৰধানমন্ত্ৰীৰ জনসভাত উপস্থিত থাকিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ফণীভূষণ চৌধুৰীয়ে ৷ ইফালে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে তেওঁৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি কয় তেওঁ ৷ লগতে সমষ্টিটোত কংগ্ৰেছ দ্বিতীয় স্থানত থাকিব বুলি কোৱাৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদ আৰু মনোৰঞ্জন তালুকদাৰ সন্দৰ্ভত কোনো মন্তব্য নকৰে বুলি উল্লেখ কৰে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ৷

লগতে পঢ়ক : দৰং ওদালগুৰি সমষ্টি: কোনগৰাকী প্ৰাৰ্থীৰ সম্পত্তি কিমান জানো আহক - List Of Candidate Assets

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.