ETV Bharat / politics

বিগত তিনি বছৰত ৰাজ্যত এদিনৰ বাবেও কোনো গণ্ডগোল হোৱা নাই: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:54 PM IST

Himanta Biswa Sarma: অসমৰ ইতিহাসত ‘আকৌ এবাৰ মোদী চৰকাৰ’ গীতটোত যিমান মানুহে নাচিছে, তাক লৈ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচ কৰিব পাৰি । এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ পাহাৰৰ লোকসকলে কম প্ৰিমিয়ামত মাটিৰ বন্দোৱস্তি পাব বুলি ক’লে ড৹ শৰ্মাই ৷

Himanta Biswa Sarma
গুৱাহাটীৰ গণেশপাৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা (Etv Bharat Assam)

গুৱাহাটীৰ গণেশপাৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা (Etv Bharat Assam)

গুৱাহাটী, ৪ মে’ : বিৰোধীক সমালোচনা কৰাৰ বিপৰীতে নাচ-গান আৰু আঁচনিৰ চমকেৰে ভোটাৰক আকৰ্ষণ কৰাৰ নতুন কৌশল গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিগত সময়ত সকলো সময়তে বিৰোধীক সমালোচনাৰে থকা-সৰকা কৰা মুখ্যমন্ত্ৰীক এতিয়া বিশেষকৈ গুৱাহাটীৰ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত নতুন ৰূপত দেখা পোৱা গৈছে ।

৭ মে'ত গুৱাহাটীকে ধৰি কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰচাৰত অৱতীৰ্ণ হৈছে মুখ্যমন্ত্ৰী । পহিলা মে’ৰ পৰা মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত দৈনিক কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে । শনিবাৰেও মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰীত তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিয়লি গুৱাহাটীৰ গণেশপাৰাত মুখ্যমন্ত্ৰীয়ে প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । মঞ্চত উঠিয়েই প্ৰথমে মুখ্যমন্ত্ৰীয়ে বেৰিকেট আঁতৰাই উপস্থিত জনতাক মঞ্চৰ একেবাৰে কাষলৈ অহাৰ সুবিধা কৰি দিয়ে । ইয়াৰ পিচতেই স্বভাৱগতভাৱে ‘আকৌ এবাৰ মোদী চৰকাৰ’ শীৰ্ষক গীতটোত মুখ্যমন্ত্ৰীয়ে মন-প্ৰাণ খুলি নৃত্য কৰে । উপস্থিত ৰাইজেও মোদীৰ জয়গান গোৱা গীতটোৰ তালে তালে নৃত্য কৰি মুখ্যমন্ত্ৰীক সহযোগ কৰে ।

নাচৰ পিচতেই মুখ্যমন্ত্ৰীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ ৰাখে । ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে বিগত কেইদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১১০ খনমান সভাত তেওঁ অংশগ্ৰহণ কৰিছে আৰু সকলোতে সকলোৱে ‘আকৌ এবাৰ মোদী চৰকাৰ’ গীতটো গায় আৰু নাচে ৷ তেওঁ লগতে কয় যে অসমৰ ইতিহাসত ‘আকৌ এবাৰ মোদী চৰকাৰ’ গীতটোত যিমান মানুহে নাচিছে এইটো ভালদৰে ৰাখিলে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচ হৈ গ’লহেতেন ।

উপস্থিত ৰাইজক বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক ভোট দিয়াৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপিৰ প্ৰাৰ্থীগৰাকীক ভোট দিলে মোদী প্ৰধানমন্ত্ৰী হ’ব আৰু লগতে তেওঁ অলপ ভিটামিন পাব । ড৹ শৰ্মাই ভাষণত কয় যে তেওঁৰ তিনিবছৰীয়া কাৰ্যকালত অসমত এদিনৰ বাবেও বোমা বিস্ফোৰণ, গুলী-বাৰুদ হোৱা নাই ।

বিগত তিনি বছৰত ৰাজ্যত এদিনৰ বাবেও কোনো গণ্ডগোল হোৱা নাই বুলিও ক’লে মুখ্যমন্ত্ৰীয়ে । তদুপৰি তেওঁ কয় যে বিগত তিনিবছৰত অসমীয়া আৰু বঙালীৰ কাজিয়া নোহোৱা হ’ল ৷ অসমীয়া আৰু হিন্দীভাষী মানুহৰ কাজিয়া নোহোৱা হৈ গ’ল । সকলো ধৰ্মৰ মানুহে আজি ৰাজ্যখনত সুন্দৰভাৱে বাস কৰিছে ।

ৰাজ্যখনত চৰকাৰী চাকৰি হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ছেমি কণ্ডাক্টৰৰ দৰে নতুন উদ্যোগ আহিছে । বিগত তিনি বছৰত গুৱাহাটী মহানগৰীৰ পৰিৱৰ্তন ৰাইজে লক্ষ্য কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজৰ সুবিধাৰ বাবে চৰকাৰখনে সকলো কাম সুন্দৰভাৱে কৰি গৈ আছে ।

পাহাৰত থকা লোকসকলে কম প্ৰিমিয়ামত যাতে মাটিৰ বন্দোৱস্তি পায়, তাৰ বাবে এইবাৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে । কংগ্ৰেছে সূতা-কম্বল, আঠুৱা-কম্বল, ধূতি-লুঙিৰ ৰাজনীতি কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰে সংস্থাপন, অধ্যয়নৰ ব্যৱস্থা, ঔদ্যোগীকৰণ, বেপাৰ-বাণিজ্য আদিৰ ব্যৱস্থা কৰিছে । বিগত তিনি বছৰত প্ৰতিশ্ৰুতি অনুসৰি এটকাও নিদিয়াকৈ এক লাখ লৰা-ছোৱালীয়ে চৰকাৰী চাকৰি লাভ কৰিলে । এই বছৰ আৰু ৫০ হাজাৰ ল’ৰা-ছোৱালীক চৰকাৰী চাকৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

আনহাতে চৰকাৰী চাকৰি নথকা পৰিয়ালৰ লোকৰ ক্ষেত্ৰত মৌখিক সাক্ষাৎকাৰত দহ নম্বৰ অতিৰিক্তভাৱে দিয়া হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে । ড৹ শৰ্মাই লগতে কয় যে ৰাজ্যৰ ৩০ লাখ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । লোকসভা নিৰ্বাচনৰ পিচত সকলো পৰিয়ালৰ এগৰাকী লোকক অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত ঘোষণা কৰে ।

তদুপৰ্ আধাৰ কাৰ্ডৰ সমস্যা ছয় মাহৰ ভিতৰত সমাধান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । সকলোৱে যাতে অৰুণোদয় লাভ কৰিব পাৰে তাৰ বাবে সকলোকে ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰি দিয়া হ'ব । আনহাতে এইবাৰৰ পৰা সকলো শিক্ষাৰ্থীৰ বাবে কলেজৰ নামভৰ্তি বিনামূলীয়াকৈ হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কলেজত নামভৰ্তি কৰা ছাত্ৰীৰ বাবে বছৰি ১০ হাজাৰ টকাকৈ বেংক একাউণ্টত দিয়া হ'ব বুলি কয় ।

সেইদৰে স্নাতকত নামভৰ্তি কৰা ছাত্ৰীক বছৰি ১২৫০০ টকাকৈ দিয়া হ'ব । তদুপৰি স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰাৰ বাবে ছাত্ৰীক বছৰি ২৫ হাজাৰ টকাকৈ বেংক একাউণ্টত দিয়া হ'ব । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে লাখপতি বাইদেউৰ আঁচনিৰ বিষয়েও মন্তব্য কৰে ।

মুখ্যমন্ত্ৰীয়ে বড়ো শান্তিচুক্তি, কাৰ্বি শান্তিচুক্তিৰ প্ৰসংগ উল্লেখ কৰি কয় যে আলফাৰ ৯০ শতাংশ আজি মূলসুঁতিলৈ ঘূৰি আহিছে । ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰসংগ কেবাবাৰো উত্থাপন কৰি প্ৰশংসাৰে উপচাই পেলায় । সভাত গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি, স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক প্ৰশান্ত ফুকনকে ধৰি বিজেপি আৰু অগপৰ কেবাজনো নেতাই অংশগ্ৰহণ কৰে ।

সভাত গুৱাহাটী পৌৰ নিগমৰ কেবাটাও ৱাৰ্ডৰ নাগৰিকে অংশগ্ৰহণ কৰে । উল্লেখ্য যে গণেশপাৰাৰ নিৰ্বাচনী সভাৰ পিচত মুখ্যমন্ত্ৰীয়ে ফাঁচী বজাৰ আৰু চান্দমাৰিত দুখনকৈ নিৰ্বাচনী সভা সম্বোধন কৰে ।

লগতে পঢ়ক: নিমাতী কইনা সাংসদ নালাগে আমাক: গুৱাহাটীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.