ETV Bharat / politics

জনজাতিৰ স্বীকৃতি নাপালে বিজেপিক বৰ্জন কৰিব আছাই

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 6:53 PM IST

AASA protest against BJP: চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পোষ্টাৰিং সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ । দাবী পূৰণ নহ'লে বিজেপিয়ে আদিবাসী জনগোষ্ঠীৰ এটা ভোটো নাপাই বুলি সকীয়নি ।

AASA protest against BJP
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা

চিৰাং, ১০ ফেব্ৰুৱাৰী: সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ । নিৰ্বাচনৰ আগে আগে পুনৰ জনজাতিকৰণৰ দাবীত পুনৰ সৰৱ হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইতিমধ্য়ে আৰম্ভ কৰিছে বিজেপিবিৰোধী পোষ্টাৰিং । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গাঁৱে গাঁৱে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পোষ্টাৰিং কৰিছে ।

সমগ্ৰ ৰাজ্যৰ লগতে চিৰাঙৰ সুন্দৰীতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আৰম্ভ কৰিছে এই চৰকাৰ বিৰোধী শ্লোগান । ন' এছটি নো ভোট ফ'ৰ বিজেপি,ন' ভোট ফ'ৰ বিজেপি, ন' লেণ্ডপাট্টা ন' ভোট ফ'ৰ বিজেপি,ন'কাষ্ট চাৰ্টিফিকেট ন' ভোট ফ'ৰ বিজেপি আদি শ্লোগান আৰম্ভ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ।

আজি চিৰাঙৰ সুন্দৰীত সদৌ অসম আদিবাসী ছাত্ৰৰ উপ-সভাপতি জাকাৰিয়াছ ছোৰেন আৰু চিৰাং জিলা আছাৰ সভাপতি দিলীপ তিৰ্কিয়ে কয় যে বিজেপিয়ে চৰকাৰ গঠনৰ পূৰ্বেই আদিবাসী সকলক ছমাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল । কিন্ত দুটাকৈ কাৰ্যকালৰ দহ বছৰ পাৰ হ'ল যদিও আদিবাসী সকলৰ জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে,ভূমিপট্টা নিদিলে, লগতে আদিবাসী সকলক চাহ জনগোষ্ঠী বুলি বলপূৰ্বক পৰিচয় দিবলৈ বাধ্য কৰাই জাতিৰ প্ৰমান পত্ৰ দি আছে । যাৰ বাবে সমগ্ৰ অসমৰ লগতে চিৰাং জিলাতো বিজেপি দলক ভোটদান নকৰিবলৈ আছাই এইদৰে পোষ্টাৰিং আৰম্ভ কৰিছে ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসী জনগোষ্ঠীক জনজাতি নকৰিলে বিজেপিয়ে আদিবাসী জনগোষ্ঠীৰ লোকৰ এটা ভোটো নাপায় বুলি আদিবাসী মহাসভাত এই সিদ্ধান্তত লোৱা হৈছে বুলি মন্তব্য কৰে আছাৰ কেন্দ্ৰীয় উপ-সভাপতি জাকাৰিয়াছ ছোৰেনে । তেওঁ লগতে যিসকল আদিবাসী লোকে বিজেপিৰ হৈ কাম কৰি আছে তেওঁলোকক দালাল আখ্যা দিয়াৰ লগতে উচিত শিক্ষা দিব বুলি কয় চিৰাং জিলা সমিতি আছাৰ সভাপতি দিলীপ তিৰ্কীয়ে ।

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বে মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰৰ এটাৰ পিচত আন এটা চমক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.