ETV Bharat / politics

আপে আৰম্ভ কৰিব 'ম্যে ভি কেজৰিৱাল' অভিযান - Main Bhi Kejriwal campaign

author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 3:06 PM IST

Main Bhi Kejriwal campaign
আপে আৰম্ভ কৰিব 'ম্যে ভি কেজৰিৱাল' অভিযান

Main Bhi Kejriwal campaign: কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে 'ম্যে ভি কেজৰিৱাল' অভিযান আৰম্ভ কৰিব । এই অভিযানৰ অধীনত ঘৰৰ বাহিৰত ষ্টিকাৰ লগোৱা হ'ব আৰু অটো-ৰিক্সা আৰু বিভিন্ন স্থানত হৰ্ডিং লগোৱা হ'ব ।

নেশ্যনেল ডেস্ক,২৫ মাৰ্চ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে আম আদমি পাৰ্টীৰ প্ৰতিবাদ অব্যাহত আছে । প্ৰতিবাদৰ অংশ হিচাপে দলটোৱে কেন্দ্ৰৰ বিৰুদ্ধে এক বিশেষ অভিযানো আৰম্ভ কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপ দলে 'মইও কেজৰিৱাল' শীৰ্ষক এই অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । একে সময়তে, দলটোৱে স্পষ্ট কৰি দিছে যে কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰে ।

সুৰা নীতি কেলেংকাৰী গোচৰত দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালক গ্ৰেপ্তাৰৰ পিচতে ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ণয় কৰিবলৈ আম আদমি পাৰ্টীৰ নেতাসকল এখন বৈঠকত মিলিত হয় আৰু নিজৰ স্থিতি স্পষ্ট কৰে । কেজৰিৱালক গ্ৰেপ্তাৰৰ পিচত এয়া দলটোৰ প্ৰথম মুখ্য বৈঠক আছিল । বৈঠকখনৰ সভাপতিত্ব কৰে আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ড০ সন্দীপ পাঠকে ।

দলটোৱে এক বিবৃতিত বৈঠকৰ সিদ্ধান্ত সন্দৰ্ভত কয় যে কেজৰিৱালে মুখ্যমন্ত্ৰীপদৰ পৰা পদত্যাগ নকৰে আৰু মন্ত্ৰী, বিধায়ক আৰু দলটোৱে কাৰাগাৰৰ পৰা তেওঁৰ নিৰ্দেশনা পালন কৰি থাকিব ।

সাংগঠনিক সম্পাদকগৰাকীয়ে কয় যে 'ম্যে ভি কেজৰিৱাল' (মইও কেজৰিৱাল) অভিযান শীঘ্ৰেই আৰম্ভ হ'ব যাৰ অধীনত ঘৰৰ বাহিৰত ষ্টিকাৰ লগোৱা হ'ব আৰু অটো-ৰিক্সা আৰু বিভিন্ন স্থানত হৰ্ডিঙো লগোৱা হ'ব । ৩১ মাৰ্চৰ ইণ্ডিয়া ব্লকৰ ৰেলীত উপস্থিত থকাসকলে তেওঁলোকৰ বাহনত 'ম্যে ভি কেজৰিৱাল'ৰ ষ্টিকাৰ লগাই আহিব লাগে বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত এক বৃহৎ ৰেলীৰ আহ্বান কৰিছে । য'ত আপ আৰু কংগ্ৰেছকে ধৰি বিৰোধী দলৰ নেতাসকলে অংশগ্ৰহণ কৰিব । পাঠকে কয় যে তেওঁ কেজৰিৱালৰ পৰা ৩১ মাৰ্চত ৰেলী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশনা লাভ কৰিছে আৰু এই ৰেলী যাতে সফল হয় সেই কথা দলটোৱে নিশ্চিত কৰিব ।

২৬ মাৰ্চত প্ৰতিটো বিধানসভা সমষ্টিত কাউন্সিলাৰসকলে ৰেলীৰ প্ৰস্তুতি সম্পৰ্কত বৈঠক অনুষ্ঠিত কৰিব আৰু ৰেলী সফল কৰাৰ বাবে ৰণনীতি তৈয়াৰ কৰিব বুলি তেওঁ উল্লেখ কৰে । তেওঁ দলৰ নেতাসকলক ২৭-২৮ মাৰ্চত বিধায়ক আৰু কাউন্সিলাৰসকলৰ সৈতে আঞ্চলিক পৰ্যায়ৰ বৈঠক আয়োজন কৰিবলৈ আহ্বান জনায় যাতে প্ৰতিটো বুথৰ পৰা অতিকমেও ১০ জন লোক ৰামলীলা ময়দানত উপস্থিত হয় ।

প্ৰায় ১৪,০০০ বুথ আছে । প্ৰতিটো বুথৰ পৰা ১০ জন লোক হ'লে ৰামলীলা ময়দানত উপস্থিত হোৱা লোকৰ সংখ্যা হ'ব ১.৫ লাখ । আনহাতে পাঠকে দলৰ নেতা আৰু স্বেচ্ছাসেৱকসকলক প্ৰতিবাদৰ চিহ্ন হিচাপে ৩১ মাৰ্চৰ ৰেলীত তেওঁলোকৰ বাহুত ক'লা ফিটা বান্ধিবলৈও আহ্বান জনায় ।

আপৰ নেতাগৰাকীৰ মতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰা আৰু তাৰ পিচত দলটো ভংগ কৰিবলৈ এয়া বিজেপিৰ ষড়যন্ত্ৰ আছিল । পাঠকৰ মতে কাৰাগাৰত থকা কেজৰিৱাল কাৰাগাৰৰ বাহিৰত থকাতকৈ অধিক বিপদজনক কিয়নো বিজেপিয়ে তেওঁক চিনি নাপায় । আপ নেতাগৰাকীয়ে হুংকাৰ দি কয় যে এতিয়া কোনো অনুৰোধ নহয় এতিয়া যুদ্ধ হ'ব ।

লগতে পঢ়ক :কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৩১ মাৰ্চত ইণ্ডিয়াৰ বৃহৎ ৰেলী - INDIA Rally In Delhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.