ETV Bharat / politics

অসমত আপৰ ১৪ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা সাজু ! অপেক্ষা মাথো কংগ্ৰেছৰ তালিকালৈ

Lok Sabha election 2024 : অসমত বিৰোধী ঐক্যবদ্ধ হ'ব পৰা নাই নেকি ? শেহতীয়াভাৱে তৃণমূল কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ পৰা ফালৰি কাটি অহাৰ ইংগিত দিয়াৰ পিচতেই বিৰোধী ঐক্যক লৈ ৰাইজৰ মাজত আৰম্ভ হৈছে চৰ্চা ।

Lok Sabha election 2024
আম আদমি পাৰ্টীত তালিকা
author img

By ETV Bharat Assamese Team

Published : March 12, 2024 at 4:13 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১২ মাৰ্চ: লোকসভা নিৰ্বাচন সমাগত যদিও এতিয়াও অসমত বিৰোধী ঐক্যবদ্ধ হ'ব পৰা নাই । যিমানে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে অসমত বিৰোধী ঐক্যত ফাঁট মেলিছে । ইতিমধ্যে অসমত তৃণমূল কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ পৰা ফালৰি কাটিছে । তৃণমূল কংগ্ৰেছে অসমত নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে । আনহাতে, বিৰোধী ঐক্যমঞ্চত থকা আম আদমি পাৰ্টীয়ে যিকোনো মুহূৰ্তত বিৰোধী ঐক্যমঞ্চৰ পৰা আঁতৰি অহাৰ ইংগিত দিছে । দিল্লীত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ‌ কৰাৰ বাবে কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈ আছে ।

Lok Sabha election 2024
আম আদমি পাৰ্টীত তালিকা

কংগ্ৰেছৰ দলীয় সূত্ৰই উল্লেখ কৰা মতে, ডিব্ৰুগড় লোকসভা সমষ্টি বাদ দি কংগ্ৰেছে বাকী ১৩ টা লোকসভা সমষ্টিতে নিজা প্ৰাৰ্থী দিয়াৰ একপ্ৰকাৰ সিদ্ধান্তত উপনীত হৈছে । ইতিমধ্যে কংগ্ৰেছৰ অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙে অসমৰ ১৩ খন আসনত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াৰ এক প্ৰকাৰ ইংগিত দিছে ।

ইপিনে, কংগ্ৰেছ দলে ১৩ টা লোকসভা সমষ্টিতে নিজা প্ৰাৰ্থী দিয়াৰ তালিকা ৰাজহুৱা কৰাৰ লগে লগে অসমত আম আদমি পাৰ্টীয়ে বিৰোধী ঐক্যমঞ্চ ত্যাগ কৰি অসমৰ আটাইকেইটা লোকসভা সমষ্টিতে নিজা প্ৰাৰ্থী থিয় কৰাৰ বাবে দলৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে আপৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে অসমৰ শোণিতপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটীত প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । আপৰ দলীয় সূত্ৰই জনাই যে যদিহে কংগ্ৰেছে আপৰ সৈতে মিত্ৰতা ভংগ কৰে তেন্তে আপে অকলেই তলৰ আসন সমূহত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

সূত্ৰটোয়ে জনায় যে আপ অসমৰ নেতৃত্বই ইতিমধ্যে বাকী ১১ টা সমষ্টিৰ‌ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে । আপৰ পৰা পোৱা তথ্য অনুসৰি কোকৰাঝাৰত অজয় নাৰ্জাৰী, ধুবুৰীত জমাল হ'ক, বৰপেটাত অৰূপ কুমাৰ বায়ন, দৰং-ওদালগুৰিত জিতুল ডেকা, ডিফুত ভোগেশ্বৰ শ্যাম, কৰিমগঞ্জত ছয়নাল হক, শিলচৰত সৌমিক সেনগুপ্তা, নগাঁৱত হেমন্ত ফুকন, কাজিৰঙাত চুমী বৰা, লখিমপুৰত ৰঞ্জিতা পেগু,যোৰহাটত ৰাজীৱ শইকীয়াক আপৰ প্ৰাৰ্থী হিচাপে নিৰ্দিষ্ট কৰিছে । এতিয়ালৈকে এই তালিকা আপৰ কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছে বুলি আপৰ দলীয় সূত্ৰই সদৰী কৰিছে । উল্লেখ্য যে আপৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে গুৱাহাটীত ভৱেন চৌধুৰীক, শোণিতপুৰত ঋষিৰাজ কৌণ্ডিন্য আৰু ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক:কেতিয়া প্ৰকাশ পাব প্ৰদেশ কংগ্ৰেছৰ প্ৰস্তাৱিত প্ৰাৰ্থী তালিকা ?