ETV Bharat / politics

বাজেট অধিৱশনৰ তৃতীয় দিনা ছয়খনকৈ বিধেয়ক সদনত উত্থাপন

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 5:28 PM IST

Assam Budget Session: বাজেট অধিৱেশনৰ তৃতীয় দিনা সদনত উত্থাপন কৰা হয় ছখন বিধেয়ক । চন্দ্ৰ মোহন পাটোৱাৰীয়ে এখন আইনৰ সংশোধনীৰ সন্দৰ্ভতো প্ৰস্তাৱ উত্থাপন কৰে ।

Assam Budget Session
অসম বিধান সভাৰ বাজেট অধিৱেশন

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : অসম বিধান সভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা বুধবাৰে ছখনকৈ বিধেয়ক সদনত উত্থাপন কৰা হয় । সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ‌ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই “দ্য শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰছিটী বিল-২০২৪” উত্থাপন কৰে ।

লগতে কোকৰাঝাৰ ইউনিভাছিটী বিল, ২০২৪’’, “আছাম ষ্টেট স্কুল এডুকেশ্যন ব’র্ড বিল-২০২৪” “দ্য দেউৰী অট’নমাছ কাউন্সিল (এমেণ্ডমেন্ট) বিল-২০২৪”, “দ্য সোণোৱাল কছাৰী অট’নমাছ কাউন্সিল (এমেণ্ডমেন্ট) বিল-২০২৪” “দ্য তিৱা অট’নমাছ কাউন্সিল (এমেণ্ডমেন্ট) বিল-২০২৪” খন উত্থাপন কৰে ।

ইপিনে বিধানসভাত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম (কনিষ্ঠ)য়ে অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য্য পৰিচালনাৰ নিয়মাৱলীৰ ৫৪ নং নিয়মৰ অধীনত অসমত ২৭ লাখ মানুহ আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ” শীর্ষক বিষয়টো উত্থাপনৰ জৰিয়তে গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি ভাষণ দিয়ে ।

আনহাতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ সমৰ্থনত বিজেপি বিধায়ক সুমন হৰিপ্ৰিয়া, ভৱেশ‌ কলিতা, ৰূপজ্যোতি কুৰ্মী, ৰামকৃষ্ণ ঘোষ, অগপৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আদিয়ে ভাষণ দিয়ে । ইপিনে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ বিৰোধিতা কৰি কংগ্ৰেছৰ বিধায়ক ৰকিবুল‌ হুছেইন, জাকিৰ‌ হুছেইন শিকদাৰ, চি পি আই এমৰ‌ বিধায়ক মনোৰঞ্জন তালুকদাৰ, এ‌ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম আদিয়ে ভাষণ দিয়ে ।

বিধানসভাত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৫২ (১) ৰ অধীনত “ The Water (Prevention and Control of Pollution) Act, 1974”ৰ এখন আইন সংশোধন কৰিবলৈ সংসদক কৰ্তৃত্ব প্ৰদান কৰি অসম বিধান সভাত এটা সংকল্প প্ৰস্তাৱ উত্থাপন কৰে ।

লগতে পঢ়ক: ঋণ লোৱা আন ৰাজ্যৰে অসমৰ অৰ্থনৈতিৰ তুলনা অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.