ETV Bharat / politics

ঋণ লোৱা আন ৰাজ্যৰে অসমৰ অৰ্থনৈতিৰ তুলনা অখিল গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:06 PM IST

Akhil Gogoi
বিধায়ক অখিল গগৈৰ সংবাদমেল

Akhil Gogoi: বাজেট অধিৱেশনৰ দ্বিতীয় দিনা চৰ্চালৈ আহিল অসম চৰকাৰৰ ঋণৰ প্ৰসংগ । বিষয়টো চৰ্চালৈ আনে অখিল গগৈয়ে । পূৰ্বৰ অধিৱেশনতো অখিল গগৈয়ে ঋণৰ প্ৰসংগটোক লৈ সৰৱ হৈছিল ।

বিধায়ক অখিল গগৈৰ সংবাদমেল

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা আৰম্ভণিতেই অসম চৰকাৰৰ ঋণৰ প্ৰসংগটো বিশেষভাৱে চৰ্চালৈ আহে । এই বিষয়টো চৰ্চালৈ আনে বিধায়ক অখিল গগৈয়ে । অৱশ্যে বিধানসভাৰ ইয়াৰ পূৰ্বৰ অধিৱেশনতো অখিল গগৈয়ে ঋণৰ প্ৰসংগটোক লৈ বিশেষভাৱে সৰৱ হোৱা পৰিলক্ষিত হৈছিল ।

আজিও চৰকাৰে লোৱা ঋণক লৈ সদনত বিশেষভাৱে সৰৱ হোৱা দেখা গ'ল অখিল গগৈক । আনকি অখিল গগৈৰ এনে সৰৱতাক লৈ বিত্তমন্ত্ৰী অজন্তা নেওগে কটাক্ষ কৰি কয় যে বিধানসভাত তেওঁৰ ২৩ বছৰ হ'ল আৰু এই ২৩ বছৰত তেওঁ অখিল গগৈৰ দৰে অধৈৰ্য বিধায়ক দেখা নাই ।

সদনত বিত্তমন্ত্ৰীৰ উত্তৰক লৈ অসন্তুষ্ট হোৱা বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ অসম চৰকাৰৰ দেউলীয়া স্বৰূপটো উদঙাই দি তুলনামূলক ব্যাখ্যা আগবঢ়াই কয় যে দেশৰ ভিতৰত সবাতোকৈ ধাৰ লোৱা ৰাজ্যখন হৈছে তামিলনাডু ।

কিন্তু তামিলনাডু আৰু অসমৰ অৰ্থনৈতিক অৱস্থাৰ বৃহৎ পাৰ্থক্য আছে । তেওঁ কয় যে ২০২৩ চনৰ ৩১ মাৰ্চলৈ অসম চৰকাৰৰ ধাৰৰ পৰিমাণ হৈছে ১ লাখ ২১ হাজাৰ ২৭৪ কোটি টকা । ইয়াৰ তুলনাত সবাতোকৈ বেছি ধাৰ লোৱা ৰাজ্য হিচাপে পৰিচিত তামিলনাডুৰ ধাৰ বহুত বেছি হ’লেও তামিলনাডুৰ অৰ্থনৈতিক অৱস্থা বহুত বেছি ভাল ।

তথ্য সহকাৰে বিশ্লেষণ কৰি তেওঁ কয় যে অসমৰ ২০২২-২৩ বৰ্ষত নিজৰ আয় আছিল ২৯ হাজাৰ ৬১ কোটি ৯০ লাখ টকা । ইয়াৰ বিপৰীতে তামিলনাডুৰ আয় আছিল ১ লাখ ৫৮ হাজাৰ ৩৩৭ কোটি টকা । তেওঁ লগতে কয় যে দেশৰ ভিতৰত ধাৰ বেছি লোৱা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ । কিন্তু ৰাজ্যখনৰ এবছৰৰ নিজা আয় হৈছে ২ লাখ ৪৪ হাজাৰ কোটি টকা ।

যি সময়ত অসমৰ নিজা আয় হৈছে মাত্ৰ ২৯ হাজাৰ ৬১ কোটি টকা । সেইদৰে তৃতীয় সৰ্বাধিক ধাৰ লোৱা মহাৰাষ্ট্ৰৰ এবছৰত নিজা আয় হৈছে ২ লাখ ৮৩ হাজাৰ কোটি টকা । এই প্ৰসংগটো উত্থাপন কৰাত বিত্তমন্ত্ৰী অজন্তা নেওগ পগলাৰ দৰে হৈ গৈছিল বুলি তেওঁ অভিযোগ কৰে ।

যাৰ বাবে মন্ত্ৰীগৰাকীয়ে তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছিল বুলি তেওঁ কয় । বিষয়টোক লৈ সদনত বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনাইছিল বুলি সদৰী কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ নিজা কোনো উপাৰ্জন নাই যদিও অভাৱনীয় হাৰত ঋণ লৈছে । এই ধাৰ পৰিশোধ কৰাৰ ক্ষমতা চৰকাৰখনৰ নাই বুলি সদৰী কৰি তেওঁ কয় যে এইবোৰ ধাৰৰ কিছুমান দহ বছৰ পাছত আৰু কিছুমান ৫০ বছৰ পাছত পৰিশোধ কৰিব লাগিব ।

এইখন চৰকাৰে এই ধাৰ মাৰিব নালাগে বুলি সদৰী কৰি তেওঁ কয় যে এইখন চৰকাৰে তৰুণ গগৈৰ দিনত লোৱা ধাৰ মাৰিব লাগিব আৰু সেই ধাৰ তেনেই সামান্য আছিল । তেতিয়াৰ ধাৰ আছিল ৪১ হাজাৰ কোটি টকা । কিন্তু এতিয়াৰ চৰকাৰখনে দুবছৰতে ধাৰ ল'লে ৪৩ হাজাৰ কোটি টকা । এই ধাৰ বৰ্ত্তমানৰ চৰকাৰে মাৰিব নালাগে বুলি সদৰী কৰি তেওঁ কয় যে এই ধাৰ পৰৱৰ্তী সময়ৰ চৰকাৰে মাৰিব লাগিব ।

লগতে পঢ়ক: ৬৯ বছৰত লোৱা ধাৰতকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰত লোৱা ধাৰৰ পৰিমাণ বেছি : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.