ETV Bharat / lifestyle

মেঘালয়ৰ আনাৰসৰ সোৱাদ আন আনাৰসৰ তুলনাত কিয় পৃথক জানেনে ?

মেঘালয়ৰ আনাৰসৰ সোৱাদেই সুকীয়া কিন্তু আপুনি কেতিয়াবা ভাবিছেনে আন আনাৰসৰ সোৱাদতকৈ ই কিয় পৃথক-

MEGHALAYA PINEAPPLE
মেঘালয়ৰ আনাৰসৰ সোৱাদ আন আনাৰসৰ তুলনাত কিয় পৃথক জানেনে ? (ETV Bharat Assam)
author img

By ETV Bharat Lifestyle Team

Published : August 6, 2025 at 4:57 PM IST

7 Min Read
Choose ETV Bharat

সম্প্ৰতি মহানগৰীৰ বজাৰ ভৰি পৰিছে গাৰো পাহাৰৰ পৰা অহা সুস্বাদু আনাৰসেৰে ৷ ৰাজ্যত অব্যাহত আছে উৎকট গৰম ৷ পাৰাস্তম্ভ বৃদ্ধিয়ে স্বাভাৱিক জীৱন যাপনতো প্ৰভাৱ পেলাইছে ৷ এই সময়ত ৰসাল-ফল মূলৰ চাহিদা যথেষ্ট বৃদ্ধি পায় ৷ গৰমৰ পৰা সকাহ পাবলৈ অসমৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো একাংশ বিক্ৰেতাই বজাৰলৈ উলিয়াই দিছে মেঘালয়ৰ গাৰো পাহাৰৰ পৰা অনা ৰসাল আনাৰস ৷

আন ঠাইত উৎপাদিত আনাৰসৰ তুলনাত মেঘালয়ৰ আনাৰসৰ সোৱাদেই সুকীয়া ৷ ই নিজৰ ৰসাল আৰু মিঠা সোৱাদৰ বাবেই প্ৰায়েই গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰে ৷ পাহাৰীয়া মাটিত উৎপাদন হোৱা বাবে মেঘালয়ৰ অনাৰস খুবেই সুস্বাদু হয় ৷

MEGHALAYA PINEAPPLE
মেঘালয়ৰ আনাৰসৰ সোৱাদ আন আনাৰসৰ তুলনাত কিয় পৃথক জানেনে ? (ETV Bharat Assam)

মেঘালয়ৰ পৰা অহা একাংশ স্থানীয় মহিলা ব্যৱসায়ীসকলে মহানগৰীৰ বিভিন্ন স্থানত প্ৰতিজোৰা আনাৰস ৮০ৰ পৰা ১২০ টকা পৰ্যন্ত বিক্ৰী কৰিছে ৷ বৰ্ণিহাটৰ পৰা উলুবাৰীলৈ আনাৰসৰ লগতে আন সামগ্ৰী বিক্ৰী কৰিবলৈ অহা মহিলা ব্যৱসায়ীয়ে কয়, "সপ্তাহত তিনি চাৰিদিন শাক পাচলিৰ লগতে বতৰৰ ফল আনাৰস বিক্ৰী কৰিবলৈ গুৱাহাটীলৈ আহো ৷ ৬০-১০০ টা আনাৰস নংপুৰ পৰা ক্ৰয় কৰি আনি ইয়াত বিক্ৰী কৰো ৷ বৰ্ণিহাটৰ পৰা উলুবাৰীলৈ অহা প্ৰায় ১০- ১৫ গৰাকী ব্যৱসায়ীয়ে শাক পাচলিৰ লগতে বতৰৰ ফল আনাৰস লৈ আহো ৷ আমাৰ আনাৰসবোৰ মিঠা সোৱাদৰ হোৱা বাবে গুৱাহাটী বিভিন্ন স্থানৰ পৰা গ্ৰাহক সকল মেঘালয় আনাৰ বিচাৰি ইয়ালৈ আহে ৷ আনহাতে এগৰাকী গ্ৰাহকে কয়, "প্ৰতি বছৰে মেঘালয়ৰ আনাৰস গুৱাহাটীত বজাৰত পালে ক্ৰয় কৰো ৷ কিয়নো আন ঠাইত উৎপাদন হোৱা আনাৰসতকৈ মেঘালয়ৰ আনাৰসবোৰ ৰসাল আৰু মিঠা হয় ৷"

আনতকৈ কিয় পৃথক মেঘালয়ৰ আনাৰস ?

মেঘালয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ জন সম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি, "মেঘালয়ত উৎপাদন হোৱা আনাৰস বিশ্বৰ আটাইতকৈ মিঠা আৰু ৰসাল ফলসমূহৰ ভিতৰত অন্যতম ৷ ইয়াৰ Brix Value য়ে অন্য আনাৰসৰ পৰা সম্পূৰ্ণভাৱে পৃথক কৰি তোলে ৷ আনাৰস খোৱাৰ লগতে প্ৰচেছ ফুড হিচাপেও ব্যৱহাৰ কৰা হয় ৷ " এই আনাৰসৰ অনন্য সোৱাদৰ বাবে ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগৰ স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছে ৷

মেঘালয় আনাৰস কেৱল সোৱাদ বা আকাৰৰ বাবেই নহয়, ইয়াৰ গুণগত মান, প্ৰাকৃতিক উৎপাদন পদ্ধতি আৰু সুগন্ধিৰ বাবেও পৰিচিত ৷ ভাৰতৰ উত্তৰ-পূবৰ মেঘালয় ৰাজ্যত উৎপাদিত আনাৰসক সমগ্ৰ দেশতে বিশেষ বুলি গণ্য কৰা হয় আৰু ইয়াৰ চাহিদা প্ৰতি বছৰে বাঢ়িছে ৷ মেঘালয়ৰ আনাৰসবোৰ বাকী ঠাইৰ পৰা কেনেকৈ আৰু কিয় পৃথক, জানো আহক-

মেঘালয়ৰ আনাৰসৰ সোৱাদ আন আনাৰসৰ তুলনাত কিয় পৃথক জানেনে ? (ETV Bharat Assam)

১. প্ৰাকৃতিক পৰিৱেশ আৰু জলবায়ু

মেঘালয়ৰ ভৌগোলিক অৱস্থান, পৰিষ্কাৰ বায়ু, অধিক বৰষুণ আৰু উৰ্বৰ মাটি আনাৰস খেতিৰ বাবে অত্যন্ত অনুকূল ৷ ইয়াৰ জলবায়ু বেছি গৰম বা বেছি ঠাণ্ডা নহয়, যাৰ বাবে আনাৰসৰ সোৱাদ মিঠা, ৰসাল আৰু সুগন্ধিযুক্ত ৷

২. কিউ আৰু মৰিচাছ প্ৰজাতি

মূলতঃ ‘কিউ আৰু মৰিচাছ’ জাতৰ আনাৰস মেঘালয়ত খেতি কৰা হয়, যিটো খাবলৈ অতিকৈ সুস্বাদু হয়, ই খাবলৈ অতিকৈ মিঠা আৰু অতি ৰসাল হয় ৷ এই জাতৰ বিশেষ কথাটো হ’ল ইয়াত আঁহ কম থাকে আৰু ইয়াৰ সোৱাদ অতি সুস্বাদু ৷ লগতে ই খোৱাৰ সময়ত মুখত লাগি নধৰে ৷

৩.জৈৱিক খেতি

মেঘালয়ত আনাৰসৰ খেতি পৰম্পৰাগত আৰু প্ৰাকৃতিক পদ্ধতিৰে কৰা হয় ৷ ইয়াৰ কৃষকসকলে ৰাসায়নিক সাৰ সলনি জৈৱিক সাৰ আৰু প্ৰাকৃতিক পদ্ধতি ব্যৱহাৰ কৰে, যাৰ ফলত আনাৰস সোৱাদযুক্তই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী ৷

MEGHALAYA PINEAPPLE
মেঘালয়ৰ আনাৰসৰ সোৱাদ আন আনাৰসৰ তুলনাত কিয় পৃথক জানেনে ? (ETV Bharat Assam)

৪.ভৌগোলিক সূচক (GI Tag) প্ৰক্ৰিয়াত

মেঘালয় আনাৰসৰ বাবে জি আই টেগ পোৱাৰ প্ৰক্ৰিয়া মেঘালয় চৰকাৰ আৰু স্থানীয় কৃষক সংগঠনসমূহে অব্যাহত ৰাখিছে, যাতে ই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ স্বীকৃতি লাভ কৰিব পাৰে ৷ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে এই অঞ্চলৰ আনাৰসৰ গুণ আৰু বিশেষত্ব বেলেগ ৷

মেঘালয়ত কিমান খেতিয়ক আনাৰস খেতিৰ লগত জড়িত

মেঘালয়ৰ পাহাৰত আনাৰস জৈৱিকভাৱে উৎপাদন কৰা হয় ৷ মেঘালয়ৰ ৰি-ভয় জিলা আৰু গাৰো পাহাৰত প্ৰচুৰ পৰিমাণে আনাৰস উৎপাদন হয় ৷ মেঘালয়ৰ ৰি-ভয় আৰু গাৰো পাহাৰত ৩০,০০০ তকৈও অধিক কৃষক এই আনাৰস খেতিৰ সৈতে জড়িত ৷ মেঘালয়ত কিউ (Kew), আৰু মৰিচাছ (Mauritius) প্ৰজাতিৰ আনাৰস উৎপাদন হয় ৷ প্ৰতিবছৰে মেঘালয়ত প্ৰায় ১.৫ লাখ মেট্ৰিক টন (1.5 lakh MT) হিচাপত আনাৰস উৎপাদন হয় ৷

MEGHALAYA PINEAPPLE
মেঘালয়ৰ আনাৰসৰ সোৱাদ আন আনাৰসৰ তুলনাত কিয় পৃথক জানেনে ? (ETV Bharat Assam)

কোন কোন দেশলৈ ৰপ্তানি হৈছে মেঘালয়ৰ আনাৰস ?

৭৫৭ মেট্ৰিক টন প্রক্রিয়াজাত(processed) আনাৰস ইউৰোপৰ শিশুখাদ্য উদ্যোগলৈ ৰপ্তানি কৰা হৈ আহিছে । তদুপৰি মেঘালয়ৰ পৰা আনাৰস ডুবাই, আবু ধাবি, গাল্ফ, আৰু দক্ষিণ-পূব এচিয়ালৈও ৰপ্তানি কৰা হয় । মেঘালয় আনাৰস এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰতো বিশেষকৈ মধ্যপ্ৰাচ্য আৰু ইউৰোপীয় দেশলৈ ৰপ্তানি কৰা হৈছে ৷ ইয়াৰ ৰসাল পাল্প আৰু প্ৰাকৃতিক মিঠাইও বিদেশী ক্ৰেতাক আকৰ্ষণ কৰিছে ৷

উল্লেখ্য যে, শেহতীয়াকৈ দিল্লীত তিনিদিনীয়াকৈ অনুষ্ঠিত মেঘালয় আনাৰস মহোৎসৱত ১৫.৪ মেট্ৰিক টন আনাৰস বিক্ৰী হৈছে ৷ মেঘালয় চৰকাৰৰ উদ্যোগত দিল্লীৰ দিল্লী হাটত অনুষ্ঠিত হোৱা মেঘালয়ৰ আনাৰস মহোৎসৱত মেঘালয়ৰ জৈৱিক পদ্ধতিৰে উৎপাদিত আনাৰসৰ সোৱাদ বিলোৱা হয় ।

MEGHALAYA PINEAPPLE
দিল্লীত তিনিদিনীয়াকৈ অনুষ্ঠিত মেঘালয় আনাৰস মহোৎসৱ (ETV Bharat Assam)

ইয়াৰ উপৰিও মেঘালয়ৰ আনাৰসেৰে তৈয়াৰ কৰা সামগ্ৰীবোৰৰ লগতে মেঘালয়ৰ পৰম্পৰাগত খাদ্য আৰু মেঘালয়ৰ থলুৱা সংস্কৃতিও প্ৰদৰ্শন কৰা হয় । কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ চৌহানে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই উৎসৱত দেশৰ কেইবাহাজাৰ দৰ্শক, ক্ৰেতাই অংশগ্ৰহণ কৰে ।

MEGHALAYA PINEAPPLE
দিল্লীত তিনিদিনীয়াকৈ অনুষ্ঠিত মেঘালয় আনাৰস মহোৎসৱ (ETV Bharat Assam)

সামৰণি

মেঘালয়ৰ আনাৰসে কেৱল ভাৰততে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ স্থান দখল কৰিছে ৷ ইয়াৰ মিঠা, পাল্প, সুগন্ধি আৰু পুষ্টিকৰ গুণে ইয়াক আন অঞ্চলত খেতি কৰা আনাৰসতকৈ পৃথক আৰু ভাল কৰি তোলে ৷ সোৱাদত অত্যন্ত ৰসাল আৰু কম আঁহযুক্ত ‘কুইন ভেৰাইটি’ৰ দৰে উচ্চমানৰ জাতৰ উৎপাদনে এই অঞ্চলটো আনাৰসৰ খেতিৰ বাবে উপযোগী কৰি তুলিছে ৷ ইয়াৰ উপৰিও মেঘালয়ৰ চহকী জৈৱ বৈচিত্ৰ্য, উৰ্বৰ মাটি, পৰিষ্কাৰ পৰিবেশ আৰু প্ৰাকৃতিক বৰষুণ ভিত্তিক জলসিঞ্চন ব্যৱস্থাই একেলগে ইয়াক এক আদৰ্শ খেতি ক্ষেত্ৰ কৰি তুলিছে ৷

MEGHALAYA PINEAPPLE
মেঘালয়ৰ আনাৰসৰ সোৱাদ আন আনাৰসৰ তুলনাত কিয় পৃথক জানেনে ? (ETV Bharat Assam)

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল ইয়াৰ কৃষকসকলে পৰম্পৰাগত আৰু জৈৱিক কৃষি পদ্ধতি ব্যৱহাৰ কৰে, যাৰ ফলত উৎপাদন পৰিৱেশ অনুকূল আৰু স্বাস্থ্যৰ বাবে সুৰক্ষিত হৈ পৰে ৷ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ পৰা আঁতৰি থাকি এই কৃষকসকলে প্ৰাকৃতিকভাৱে উচ্চমানৰ ফলৰ খেতি কৰে, যাৰ বাবে বজাৰত ইয়াৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷

ইয়াৰ উপৰিও মেঘালয় চৰকাৰ আৰু কৃষি সংস্থাসমূহৰ সক্ৰিয় ভূমিকাৰ বাবে এই আনাৰসৰ বাবে ভৌগোলিক সূচক (GI tag) লাভ কৰাৰ দিশত কাম কৰা হৈছে, যিয়ে ইয়াক বিশ্বব্যাপী স্বীকৃতি লাভ কৰাত সহায় কৰিব ৷ জি আই টেগ পোৱাৰ পিছত ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হোৱাই নহয়, কৃষকৰ আয়ৰ উন্নতিও হ’ব ৷

MEGHALAYA PINEAPPLE
মেঘালয়ৰ আনাৰসৰ সোৱাদ আন আনাৰসৰ তুলনাত কিয় পৃথক জানেনে ? (ETV Bharat Assam)

আন্তঃৰাষ্ট্ৰীয় বজাৰত এই আনাৰসৰ জনপ্ৰিয়তা বাঢ়িছে আৰু ইয়াৰ ৰপ্তানিও বৃদ্ধি পাইছে, যাৰ পৰা বুজা যায় যে ই কেৱল এবিধ ফল নহয়, বৰঞ্চ মেঘালয়ৰ চহকী কৃষি পৰম্পৰা, জলবায়ুৰ বৈশিষ্ট্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক ৷

গতিকে ক’ব পাৰি যে, প্ৰকৃতি, পৰম্পৰা আৰু আধুনিক কৃষি প্ৰযুক্তিয়ে একেলগে কিদৰে সুস্বাদু, স্বাস্থ্যকৰ আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক সামগ্ৰী দিব পাৰে তাৰ এক উৎকৃষ্ট উদাহৰণ মেঘালয়ৰ আনাৰস ৷ আগন্তুক সময়ত এই ফল কেৱল গ্ৰাহকৰ পছন্দ হৈয়েই নহয়, মেঘালয়ৰ অৰ্থনীতি আৰু পৰিচয়ৰ এক শক্তিশালী ভিত্তিও হ’ব ৷

লগতে পঢ়ক

  1. ঘৰে ঘৰে মাটিকঁঠালৰ বাগিচা: বছৰি ঘৰখনলৈ আহে কমেও ডেৰ লাখ টকা
  2. Pineapple Benefits: আনাৰসৰ ৰস খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক
  3. ১৫.৪ মেট্ৰিক টন বিক্ৰী, ডাঙৰ ব্ৰেণ্ডৰ কোম্পানীৰ অংশগ্ৰহণ : মেঘালয়ৰ আনাৰস মহোৎসৱৰ সফল সামৰণি